নট (Knots) জাহাজৰ গতিৰ একক। এখন জাহাজ বা আন জলযানে এঘণ্টাত ৬০৭৬১২ ফুট বা ১৮৫২ মিটাৰ বা ১.৮ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিব পাৰিলে তাক এক নট (1 Nautical Mile) বুলি জোখা হয়।
নট নামটোৰ উৎপত্তি
প্ৰাচীন কালত জাহাজৰ গতি জোখা কোনো একক নাছিল। সেয়ে নাবিকসকলে কাঠ আৰু ৰছীৰ ব্যৱহাৰেৰে জাহাজৰ গতি হিচাপ কৰি উলিয়াইছিল। ইয়াৰ বাবে তেওঁলোকে কাঠৰ খণ্ড টুকুৰা এডাল ৰচীৰে বান্ধি সাগৰত এৰে। ৰছীডালৰ আনটো মূৰ লেটা সদৃশ বস্ত্ত এটাৰ গাত মেৰিওৱা থাকে। কাঠৰ খণ্ডটোৰ ওজন এই লেটাতকৈ বেছি। ফলত জাহজে গতি কৰাৰ লগে লগে ৰছী খুলি গৈ থাকে। এক নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে কিমান ৰছী খোল খাইছে তাৰ পৰাই জাহাজ খনৰ গতি নিৰ্ধাৰণ কৰা হৈছিল। পৰৱৰ্তী সময়ত সুবিধাৰ বাবে ৰছীডালৰ সমান দূৰত্বত কিছুমান গাঁঠি (Knot) দিয়া হ’ল। এক নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে ৰছীডালৰ কিমান গাঁঠি বা Knot খুল খাইছে তাৰ পৰা জাহাজখনৰ গতিবেগ গণনা কৰা হয়। এই গাঁঠি বা Knot শব্দৰ পৰাই জাহাজৰ গতিৰ একক ‘নট’ হয়। বৰ্তমান সময়ত কাঠ আৰু ৰছী ব্যৱহাৰ কৰা নহয়। উন্নত মানৰ যন্ত্ৰৰ সহায়ত জাহাজৰ গতিবেগ নিৰূপণ কৰা হয়।১
তথ্যসূত্ৰ
- ↑ শান্তনু কৌশিক বৰুৱা, সংক্ষিপ্ত অসমীয়া বিশ্বকোষ, দ্বিতীয় খণ্ড, পৃষ্ঠা নং: ১১১
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নট” প্ৰবন্ধৰ সংশোধন ২৭৯৭৯৪ (৩১ মে’ ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।