অপাৰ্থিৱ গোলক (Virtual Globe) হৈছে পৃথিৱী বা আন এখন জগতৰ ত্ৰিমাত্ৰিক (3D) ছফ্টৱেৰ মডেল বা প্ৰতিনিধিত্ব। ভাৰ্চুৱেল গ্ল'বে ব্যৱহাৰকাৰীক দৰ্শন কোণ আৰু অৱস্থান সলনি কৰি ভাৰ্চুৱেল পৰিৱেশত মুক্তভাৱে ঘূৰি ফুৰাৰ ক্ষমতা প্ৰদান কৰে। প্ৰচলিত গোলকৰ তুলনাত অপাৰ্থিব গোলকত পৃথিৱীৰ পৃষ্ঠৰ বহুতো ভিন্ন দৃশ্য প্ৰতিনিধিত্ব কৰাৰ অতিৰিক্ত ক্ষমতা থাকে।১ এই দৃষ্টিভংগীসমূহ ভৌগোলিক বৈশিষ্ট্য, মানৱসৃষ্ট বৈশিষ্ট্য যেনে পথ আৰু অট্টালিকা, বা জনগাঁথনিগত পৰিমাণৰ বিমূৰ্ত উপস্থাপন সম্ভৱ।
১৯৯৭ চনৰ ২০ নৱেম্বৰত মাইক্ৰ’ছফটে এনকাৰ্টা ভাৰ্চুৱেল গ্ল’ব ৯৮ৰ ৰূপত অফলাইন অপাৰ্থিব গোলক মুকলি কৰে, তাৰ পিছত ১৯৯৯ চনত কচমিৰ ত্ৰিমাত্ৰিক বিশ্ব ভূচিত্ৰাৱলী মুকলি কৰে। প্ৰথম বহুলভাৱে প্ৰচাৰিত অনলাইন অপাৰ্থিৱ গোলক আছিল নাছা ৱৰ্ল্ডউইণ্ড (২০০৪ চনৰ মাজভাগত মুক্তি পোৱা) আৰু গুগল আৰ্থ (২০০৫ চনৰ মাজভাগ)।
প্ৰকাৰসমূহ
অপাৰ্থিৱ গোলকসমূহ অধ্যয়ন বা নেভিগেচনৰ বাবে ব্যৱহাৰ কৰিব পাৰি (জিপিএছ ডিভাইচৰ সৈতে সংযোগ কৰি) আৰু ইয়াৰ উদ্দেশ্য অনুসৰি ইয়াৰ ডিজাইন যথেষ্ট ভিন্ন হয়। পৃথিৱীৰ দৃশ্যগতভাৱে সঠিক উপস্থাপন চিত্ৰিত কৰিব বিচৰাসকলে প্ৰায়ে উপগ্ৰহৰ ছবি চাৰ্ভাৰ ব্যৱহাৰ কৰে আৰু কেৱল ঘূৰ্ণন কৰাই নহয়, জুমিং আৰু কেতিয়াবা দিগন্ত হেলনীয়াও কৰিবলৈ সক্ষম। বহু সময়ত এনে ভাৰ্চুৱেল গ্ল’বসমূহে বিশ্বৰ যিমান পাৰি সত্য প্ৰতিনিধিত্ব প্ৰদান কৰাৰ লক্ষ্য ৰাখে, য’ত বিশ্বব্যাপী অতি বিশদ স্তৰলৈকে আঁকোৱালি লয়। যেতিয়া এইটো হয়, আন্তঃপৃষ্ঠত প্ৰায়ে মানৱসৃষ্ট বৈশিষ্ট্যসমূহ উজ্জ্বল কৰিবলৈ সৰলীকৃত চিত্ৰাঙ্কিত আৱৰণ এটা প্ৰদান কৰাৰ বিকল্প থাকে, যিহেতু এইবোৰ ফটোগ্ৰাফিক আকাশী দৃশ্যৰ পৰা স্পষ্ট হোৱাটো বাধ্যতামূলক নহয়। উপলব্ধ এনে বিশদভাৱে উত্থাপন কৰা আনটো বিষয় হ’ল নিৰাপত্তাৰ বিষয়, কিছুমান চৰকাৰে বিমানবন্দৰ আৰু সামৰিক ঘাটিৰ দৰে স্পৰ্শকাতৰ স্থানৰ বিশদ দৃশ্য সহজে পোৱাৰ বিষয়ে উদ্বেগ প্ৰকাশ কৰিছে।
আন এটা ধৰণৰ অপাৰ্থিৱ গোলক আছে যাৰ লক্ষ্য, গ্ৰহটোৰ সঠিক উপস্থাপন নহয়, বৰঞ্চ সৰলীকৃত চিত্ৰাংকিত চিত্ৰণহে। প্ৰায়বোৰ প্ৰাৰম্ভিক কম্পিউটাৰাইজড ভূচিত্ৰাৱলী এই ধৰণৰ আছিল।
ইতিহাস
নীল ষ্টিফেনছনৰ বিখ্যাত কল্পবিজ্ঞান উপন্যাস স্নো ক্ৰেছেৰ পিছত ভাৰ্চুৱেল গ্ল'ব ছফ্টৱেৰৰ ব্যৱহাৰ বহুলভাৱে জনপ্ৰিয় হৈছিল (আৰু হয়তো প্ৰথম বৰ্ণনা কৰা হৈছিল)। স্নো ক্ৰেচৰ মেটাভাৰ্ছত চেণ্ট্ৰেল ইনটেলিজেন্স কৰ্পৰেশ্যনে (চিআইচি) নিৰ্মাণ কৰা আৰ্থ নামৰ এটা ছফ্টৱেৰ আছে। চিআইচিয়ে তেওঁলোকৰ ভাৰ্চুৱেল গ্ল'বক ব্যৱহাৰকাৰী আন্তঃপৃষ্ঠ হিচাপে ব্যৱহাৰ কৰে তেওঁলোকৰ সকলো ভূ-স্থানীয় তথ্য, য'ত মেপ, স্থাপত্য পৰিকল্পনা, বতৰৰ তথ্য, আৰু বাস্তৱ সময়ৰ উপগ্ৰহ চোৱাচিতাৰ তথ্যও অন্তৰ্ভুক্ত।
ভাৰ্চুৱেল গ্ল'ব (সকলো হাইপাৰমিডিয়া আৰু ভাৰ্চুৱেল ৰিয়েলিটি ছফ্টৱেৰৰ সৈতে) এছপেন মুভি মেপ প্ৰকল্পৰ দূৰৈৰ বংশধৰ বুলি কোৱা হয়, যিয়ে দূৰৈৰ ভৌতিক পৰিৱেশ অনুকৰণ কৰিবলৈ কম্পিউটাৰ ব্যৱহাৰ কৰাৰ ধাৰণাটোৰ পথ প্ৰদৰ্শক (যদিও মুভি মেপৰ পৰিসৰ ক'লৰাড'ৰ এছপেন চহৰত সীমাবদ্ধ আছিল)। ২
ভাৰ্চুৱেল গ্ল’বৰ বহুতো কাৰ্য্য বাকমিনিষ্টাৰ ফুলাৰে কল্পনা কৰিছিল যিয়ে ১৯৬২ চনত এটা জিঅ’স্কোপ সৃষ্টিৰ কল্পনা কৰিছিল যিটো হ’ব কম্পিউটাৰৰ দ্বাৰা বিভিন্ন ডাটাবেছৰ সৈতে সংযুক্ত এক বিশাল গ্ল’ব। ইয়াক অৰ্থনীতি, ভূতত্ত্ব, প্ৰাকৃতিক সম্পদৰ ব্যৱহাৰ আদি বিষয়ৰ সৈতে জড়িত বৃহৎ পৰিসৰৰ বিশ্বব্যাপী আৰ্হি প্ৰদৰ্শন কৰিবলৈ শিক্ষামূলক আহিলা হিচাপে ব্যৱহাৰ কৰা হ'ব।[2]
তথ্যসূত্ৰ
- ↑ Mahdavi-Amiri, A.; Alderson, T.; Samavati, S. (2015). A Survey of Digital Earth. Computers & Graphics. পৃ. 95–117
- ↑ Buckminster Fuller Institute. R. Buckminster Fuller's Geoscope. Buckminster Fuller Institute
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অপাৰ্থিৱ গোলক” প্ৰবন্ধৰ সংশোধন ৩৭৯৬৯০ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।