মাৰাৰী সমুদ্ৰতট (Marari Beach) কেৰালাৰ আলাপ্পুঝা জিলাৰ মাৰাৰিকুলাম গাঁৱত অৱস্থিত এটা সুন্দৰ সমুদ্ৰতট।১২৩ এই সমুদ্ৰটত আলাপ্পুঝা (আলেপ্পী) চহৰৰপৰা প্ৰায় ১১ কিলোমিটাৰ দূৰত অৱস্থিত।
অৱস্থান
মাৰাৰিকুলাম ৰে’লপথৰ সৈতে সংযুক্ত আৰু একে নামেৰে ইয়াত এটা ৰে’ল ষ্টেচন আছে। ঠাইখন পথপথেও সুসংযুক্ত। NH 66 মাৰাৰিকুলামৰপৰা প্ৰায় ৫ কিলোমিটাৰ পূবে অৱস্থিত এছ. এল. পুৰামৰ মাজেৰে পাৰ হৈ গৈছে। ইয়াৰ নিকটতম বিমানবন্দৰ হৈছে কোচিন আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ। নেচনেল জিঅ'গ্ৰাফিকৰ এক সমীক্ষাত মাৰাৰী সমুদ্ৰতটক বিশ্বৰ শীৰ্ষ পাঁচটা হেমক সমুদ্ৰতটৰ (Hammock Beach) ভিতৰত অন্যতম হিচাপে উল্লেখ কৰা হৈছিল বুলি দাবী কৰা হয়। চিজিএইচ মাৰাৰী বিচ ৰিজৰ্ট (CGH Marari Beach Resorts)৪এ নেচনেল জিঅ'গ্ৰাফিক আৰু আইটিবি বাৰ্লিন(ITB Berlin)ৰ সহযোগিতাত প্ৰদান কৰা নেচনেল জিঅ'গ্ৰাফিক ট্ৰেভেলাৰৰ “বিশ্ব লিগেচি বঁটা”ৰ “Sense of Place” শিতানৰ চূড়ান্ত তালিকাত স্থান লাভ কৰিছিল। দক্ষিণ কেৰালাৰ অধিক জনপ্ৰিয় কোভালাম সমুদ্ৰতটৰ বিকল্প হিচাপে মাৰাৰী সমুদ্ৰতটক ভ্ৰমণকাৰীসকলে ক্ৰমাৎ অধিক পছন্দ কৰিবলৈ লৈছে। পৰ্যটকসকলে কেৰালাৰ বিভিন্ন উল্লেখযোগ্য স্থান কোচিনৰ বন্দৰনগৰ, মুন্নাৰৰ চাহবাগিছা, পেৰিয়াৰৰ বন্যপ্ৰাণী, আলেপ্পীৰ বেকৱাটাৰত হাউছবোট ভ্ৰমণ আদি উপভোগ কৰাৰ পাছত মাৰাৰীলৈ আহি সমুদ্ৰতটৰ সৌন্দৰ্য উপভোগ কৰিব পাৰে। ইয়াৰ ফলত কেৰালাৰ দক্ষিণ অংশত অৱস্থিত কোভালামলৈ পৃথকে যাত্ৰা কৰাৰ প্ৰয়োজন নোহোৱাকৈ ভ্ৰমণসূচী সম্পূৰ্ণ কৰিব পাৰি। মাৰাৰী সমুদ্ৰতট কোচিন আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰপৰা প্ৰায় ডেৰ ঘণ্টাৰ যাত্ৰাৰ দূৰত্বত অৱস্থিত।
চিত্ৰসমূহ
তথ্যসূত্ৰ
- ↑ Bejal. (2024-04-04). BEAUTIFUL MARARI BEACH TRAVEL GUIDE: WHAT TO KNOW
- ↑ 9 surprisingly scenic beaches in India you probably didn’t know about. Moneycontrol
- ↑ (2021-04-05). All You Need To Know About The Marari Beach In Kerala. Travel and Leisure Asia · India
- ↑ www.cghearth.com Marari Beach Resort | Official Website | Resorts in Mararikulam
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মাৰাৰী সমুদ্ৰতট” প্ৰবন্ধৰ সংশোধন ৬২৫৩৪৫ (৮ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।