
শংকুমুঘাম সমুদ্ৰতট (Shankumugham Beach),দক্ষিণ ভাৰতৰ কেৰালা ৰাজ্যৰ তিৰুৱনন্তপুৰম জিলাত অৱস্থিত এটা জনপ্ৰিয় সমুদ্ৰতট। ই তিৰুৱনন্তপুৰম চহৰৰ পশ্চিম দিশত অৱস্থিত আৰু তিৰুৱনন্তপুৰম আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ অতি ওচৰত।১২৩
শংকুমুঘাম সমুদ্ৰতটক নগৰখনৰ অধিষ্ঠাত্ৰী দেৱতা শ্ৰী অনন্তপদ্মনাভনৰ ‘আৰাট্টুকদৱু’ অৰ্থাৎ পৱিত্ৰ স্নানৰ স্থান হিচাপে গণ্য কৰা হয়। ৪ বিশেষ বিশেষ উপলক্ষ্যত হাজাৰ হাজাৰ হিন্দু ভক্তই ইয়াত ‘বলি তৰ্পণম’ নামৰ ধৰ্মীয় আচাৰ পালন কৰে। ৫
গণেশ চতুৰ্থীৰ সময়তো শংখুমুঘাম এক গুৰুত্বপূৰ্ণ স্থান। এই উপলক্ষ্যত গণেশৰ বিগ্ৰহ বিসৰ্জন বা ‘গণেশ নিমজ্জন’ ইয়াত অনুষ্ঠিত কৰা হয়। ৬৭
তিৰুৱনন্তপুৰমত অনুষ্ঠিত আৰাট্টু দিৱসত শ্ৰী পদ্মনাভস্বামী, শ্ৰী নৰসিংহ আৰু শ্ৰীকৃষ্ণৰ বিগ্ৰহ শোভাযাত্ৰাৰে শংখুমুখম সমুদ্ৰতটত থকা লাক্ষাদ্বীপ সাগৰলৈ লৈ যোৱা হয়। ৮ বৰ্তমান নামমাত্ৰ ৰাজপদত থকা ত্ৰাৱাঙ্কোৰৰ মহাৰাজই হাতত ৰাজতৰোৱাল লৈ এই শোভাযাত্ৰাৰ নেতৃত্ব দিয়ে। তেওঁৰ সৈতে ৰাজপৰিয়ালৰ সদস্য, সশস্ত্ৰ নিৰাপত্তাৰক্ষী, মন্দিৰ কৰ্তৃপক্ষ, অশ্বাৰোহী আৰক্ষী আৰু অন্যান্য বিষয়াসকলে অংশগ্ৰহণ কৰে।৯
শংখুমুখমত ধৰ্মীয় বিধি অনুসৰি বিগ্ৰহসমূহৰ আৰাট্টু (আনুষ্ঠানিক স্নান) সম্পন্ন কৰাৰ পাছত পুনৰ শোভাযাত্ৰাৰে মন্দিৰলৈ লৈ যোৱা হয়। ইয়াৰ লগে লগে উৎসৱৰ সামৰণি ঘটে।
শংখুমুখম সমুদ্ৰতটৰ এটা উল্লেখযোগ্য আকৰ্ষণ হৈছে শিল্পী কানায়ি কুঞ্জিৰামনে নিৰ্মাণ কৰা ‘সাগৰকন্যকা’ নামৰ জলকন্যাৰ ভাস্কৰ্য।১০ এই বিশাল ভাস্কৰ্যটোৰ দৈৰ্ঘ্য ৩৫ মিটাৰতকৈও অধিক। ইয়াত শিশুসকলৰ বাবে জৱাহৰলাল নেহৰু যান-বাহন সংকেত উদ্যান নামৰ এখন উদ্যানো অৱস্থিত।১১ এই উদ্যানত খেলি-ধূলি কৰাৰ মাজেৰে শিশুসকলে যান-বাহনৰ বিভিন্ন ট্ৰেফিক নিয়ম সহজভাৱে শিকিব পাৰে। সৰু শিশুসকলৰ বাবে উদ্যানখনত চাইকেল চলোৱাৰ সুবিধাও আছে।
ভাৰতীয় বায়ুসেনাৰ দক্ষিণ বায়ু কমাণ্ডৰ সামৰিক এলেকা আৰু বিমানবন্দৰৰ এটা অংশ শংখুমুঘাম সমুদ্ৰতটৰ ওচৰত অৱস্থিত। ১২
উপকূলীয় খহনীয়া আৰু সমুদ্ৰতটত প্ৰভাৱ
তিৰুৱনন্তপুৰমৰ উপকূলীয় অঞ্চলত হোৱা উপকূলীয় খহনীয়াৰ ফলত শংখুমুঘাম সমুদ্ৰতটৰ বালিচৰ আৰু মুঠ সমুদ্ৰতটৰ এলেকা যথেষ্ট হ্ৰাস পাইছে। ২০২২ চনত প্ৰকাশিত এক অধ্যয়নৰ মতে, শংখুমুখম সমুদ্ৰতটক সামৰি লোৱা এই অঞ্চলত প্ৰতি বছৰে গড়ে ৪.৭৩ মিটাৰ পৰ্যন্ত উপকূলীয় খহনীয়া সংঘটিত হৈছিল।১৩ অত্যধিক খহনীয়াৰ ফলত সমুদ্ৰতটৰ কাষেৰে যোৱা শংখুমুঘাম- বিমানবন্দৰ পথটো বন্ধ কৰি দিবলগীয়া হৈছিল।১৪

কেনেদৰে যাব পাৰি
- নিকটতম চহৰ হ'ল তিৰুৱনন্তপুৰম, ৮ কিলোমিটাৰ দূৰত্ব।
- নিকটতম ৰে'ল ষ্টেচন হৈছে তিৰুৱনন্তপুৰম কেন্দ্ৰীয় ৰে'ল ষ্টেচন আৰু কোচুভেলি ৰে'ল ষ্টেচন।
- নিকটতম বিমানবন্দৰ হৈছে তিৰুৱনন্তপুৰম আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ।
- নিকটতম বাছ আস্থান হৈছে তিৰুৱনন্তপুৰম কেন্দ্ৰীয় বাছ আস্থান।
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ Shankhumugham Beach - Ideal Beach Destination to Watch Sunset · Thiruvananthapuram destinations · Kerala Tourism. www.keralatourism.org
- ↑ SANKHUMUGHAM BEACH · District Thiruvananthapuram, Government of Kerala · India
- ↑ Copyright-The World Beach Guide. Shankumugham Beach / Kerala / India. World Beach Guide
- ↑ Arattu Mandapam, Shanghumugham. Kerala Tourism
- ↑ Thousands offer Bali Tharpanam on Karkidaka Vavu. Mathrubhumi
- ↑ Ganeshotsavam procession tomorrow. Times of India
- ↑ Ganesh Visarjan 2021. Deccan Herald
- ↑ Alpashi and Painkuni Arattu festival of Sree Padamanabhaswamy Temple · Festivals of Kerala. www.keralaculture.org
- ↑ Alpashi festival comes to a close. The New Indian Express
- ↑ Backwaters - Kerala, Kerala Travel, Real Estate, Kerala Matrimonial. www.kerala.com
- ↑ Thiruvananthapuram: Traffic park to get a lease of life. The New Indian Express
- ↑ On cloud nine: Differently-abled students visit Air Force Station. The New Indian Express
- ↑ Thiruvananthapuram's famed beaches could vanish in just five years.. Manorama online
- ↑ Passengers walk to Trivandrum airport lugging baggage, thanks to bad roads.. The News Minute
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শংকুমুঘাম সমুদ্ৰতট” প্ৰবন্ধৰ সংশোধন ৬২৭২৪৫ (১৪ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।