অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

মুণ্ডাক্কাল সমুদতট

মুণ্ডাক্কাল সমুদ্ৰতট (Mundakkal Beach) কেৰালাৰ কোল্লাম চহৰত অৱস্থিত এখন সমুদ্ৰতট। এই সমুদ্ৰতট কোল্লামৰ মুণ্ডাক্কাল নামৰ অঞ্চলত অৱস্থিত, যি অঞ্চলটো স্থানীয়ভাৱে কাজুবাদাম প্ৰক্ৰিয়াকৰণ উদ্যোগৰ এক গুৰুত্বপূৰ্ণ কেন্দ্ৰ হিচাপে পৰিচিত।

হালনাগাদ: ৮ আগষ্ট ২০২৬ ২৩৮ শব্দ · ১ মিনিট সংগৃহীত ৭২
সংশোধনৰ পৰামৰ্শ

মুণ্ডাক্কাল সমুদ্ৰতট (Mundakkal Beach) কেৰালাৰ কোল্লাম চহৰত অৱস্থিত এখন সমুদ্ৰতট। এই সমুদ্ৰতট কোল্লামৰ মুণ্ডাক্কাল নামৰ অঞ্চলত অৱস্থিত, যি অঞ্চলটো স্থানীয়ভাৱে কাজুবাদাম প্ৰক্ৰিয়াকৰণ উদ্যোগৰ এক গুৰুত্বপূৰ্ণ কেন্দ্ৰ হিচাপে পৰিচিত। ১২৩ ২০১৬ চনৰ ২১ জুনত হংসিথা নামৰ ড্ৰেজাৰ জাহাজখন ঢৌত উটি আহি মুণ্ডাক্কাল সমুদ্ৰতটৰ পাৰত আবদ্ধ হৈছিল। ৪ ড্ৰেজাৰ জাহাজখন ভাঙি পেলোৱাৰ কাম ২০১৭ চনৰ ১৮ অক্টোবৰ তাৰিখে আৰম্ভ হৈছিল। ৫এই সমুদ্ৰতট ‘মুণ্ডাক্কাল পাপনাশম সমুদ্ৰতট’ বুলিও জনাজাত। ভক্তসকলৰ বিশ্বাস অনুসৰি, মুণ্ডাক্কাল পাপনাশম সমুদ্ৰতটৰ পানীত পৱিত্ৰ স্নান কৰিলে জীৱনত কৰা সকলো পাপ নাশ যায়। ৬

অৱস্থিতি

মুণ্ডাক্কাল সমুদ্ৰতট কল্লম–পাৰাভুৰ উপকূলীয় পথৰ কাষত অৱস্থিত। এই সমুদ্ৰতট কল্লমৰ চিন্নাকাডাৰপৰা প্ৰায় ৪ কিলোমিটাৰ আৰু পাৰাভুৰৰপৰা প্ৰায় ১১.২ কিলোমিটাৰ দূৰত অৱস্থিত। ৭

পৰ্যটনৰ গুৰুত্ব

২০১৬ চনত ‘হংসিথা’ নামৰ ড্ৰেজাৰ জাহাজখন মুণ্ডাক্কাল সমুদ্ৰতটত উটি অহাৰ পাছত এই সমুদ্ৰতট কোল্লাম চহৰৰ অন্যতম জনপ্ৰিয় পৰ্যটনস্থলী হিচাপে পৰিচিতি লাভ কৰে। জাহাজখন ২০১৩ চনৰ নৱেম্বৰৰপৰা কল্লম উপকূলৰপৰা প্ৰায় ৩ নটিকেল মাইল (প্ৰায় ৫.৬ কিলোমিটাৰ) দূৰত সমুদ্ৰত লংগৰ কৰি ৰখা হৈছিল। ৮ ২০১৬ চনৰ জুন মাহত প্ৰবল ঢৌ আৰু উত্তাল সাগৰৰ ফলত জাহাজখন নিয়ন্ত্ৰণহীনভাৱে উটি আহি মুণ্ডাক্কাল সমুদ্ৰতটৰ পাৰত আবদ্ধ হয়।৯

মুণ্ডাক্কাল সমুদ্ৰতট বাৰ্ষিক ‘বলিতৰ্পণম’ (পিতৃ-তৰ্পণ) অনুষ্ঠানৰ বাবেও এক গুৰুত্বপূৰ্ণ স্থান। হিন্দু বিশ্বাস অনুসৰি, মালয়ালম মাহ কাৰ্কিডকমৰ অমাৱস্যা তিথিত এই ধৰ্মীয় আচাৰ সম্পন্ন কৰিলে পূৰ্বপুৰুষসকলৰ আত্মাই শান্তি লাভ কৰে আৰু আগন্তুক বছৰত শুভফল তথা মংগল কঢ়িয়াই আনে। প্ৰতি বছৰে এই বিশেষ দিনটোত কেৰালাৰ আন কেইবাখনো বিখ্যাত সমুদ্ৰতট আৰু নদীৰ পাৰত অনুষ্ঠিত হোৱা বলিতৰ্পণ অনুষ্ঠানৰ লগতে তিৰুমুল্লাভাৰম সমুদ্ৰতট আৰু মুণ্ডাক্কাল সমুদ্ৰতটতো হাজাৰ হাজাৰ ভক্ত উপস্থিত হয়। যাৰ ভিতৰত মহিলা আৰু শিশুও থাকে। সকলোৱে নিজ নিজ পূৰ্বপুৰুষৰ উদ্দেশ্যে ‘বলি’ (পিণ্ডদান/তৰ্পণ) আগবঢ়ায়।১০

তথ্যসূত্ৰ

  1. ↑ Mundakkal Beach · DTPC. DTPC kollam
  2. ↑ Copyright-The World Beach Guide. Mundakkal Beach / Kerala / India. World Beach Guide
  3. ↑ Mundakkal Beach Kollam - Hi Kollam. hikollam.com
  4. ↑ (27 June 2016). Dredger on Mundakkal beach gets many visitors. The Hindu
  5. ↑ (19 October 2017). Scrapping of dredger Hansita begins. The Hindu
  6. ↑ (7 August 2013). Thousands offer Karkkidaka Vavu Bali. The Hindu
  7. ↑ Paravur-Kollam coastal road opened to traffic. The Hindu
  8. ↑ (8 July 2016). Dredger that washed ashore in Kollam to be moved to sea. Indian Express
  9. ↑ (8 July 2016). Dredger that washed ashore in Kollam to be moved to sea. Indian Express
  10. ↑ (10 August 2010). Hundreds offer 'Karkkidaka vavu bali'. The Hindu

সম্পৰ্কিত শ্ৰেণী

কেৰালাত পৰ্যটন

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মুণ্ডাক্কাল সমুদতট” প্ৰবন্ধৰ সংশোধন ৬২৫১৮৭ (৮ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।