ঔষধি উদ্ভিদ
৪৪ প্ৰবন্ধ
-
নগা টেঙা
নগা টেঙা (বৈজ্ঞানিক নাম:Rhus chinensis; ইংৰাজী নাম:Chinese sumac বা nutgall tree এনাকাৰ্ডিয়েচি (Anacardiaceae)পৰিয়ালৰ অন্তৰ্ভুক্ত এবিধ বনৰীয়া গছ৷ নগা টেঙাৰ বাকলিৰ বৰণ মদৰুৱা বা ছাই বৰণীয়া আৰু পাত দীঘলীয়া আৰু ডিম্বাকৃতিৰ৷নগাটেঙাৰ ফুলবোৰ বগা চানকীয়া বা সামান্যভাৱে সেউজীয়া হয়৷ নগা টেঙাৰ ফল…
-
নৰা বগৰী
নৰা বগৰী (plum, বৈজ্ঞানিক নাম: Prunus domestica) ৰোজাচিয়া পৰিয়ালৰ এবিধ পৰ্ণপাতী, সপুষ্পক উদ্ভিদ। একেই প্ৰুনাছ (Prunus) গণৰ আহোম বগৰী নামৰ এবিধ ফলো অসমত পোৱা যায়। গ্ৰীনগাগেছ (greengages) আৰু ডেমছনছ (damsons) নামৰ উদ্ভিদো নৰা বগৰীৰ উপপ্ৰজাতিৰ অন্তৰ্গত।
-
ভেদাই লতা
ভেদাই লতা, পাদুৰী লতা বা পাদ্ৰী লেৱা (বৈজ্ঞানিক নাম: Paederia foetida; কাছাৰ: মুকুন্দ লতা; গাৰো: পাছুম; কছাৰী: চা-খি-ফু; কুকি: ৱেই-নাম-ব্ৰাং; খাচিয়া: মেই-ইন্-টু) এবিধ গুল্মজাতীয় উদ্ভিদ। ইংৰাজীত এই লতাক ভিন্ন নাম যেনে 'skunkvine', 'stinkvine', বা 'Chinese fever vine' বুলি জনা যায়।
-
অসমৰ বনৌষধি
অসমৰ হাবি-বন, বাৰী আদিতো নানা ধৰণৰ বনৌষধি পোৱা যায়। প্ৰাথমিক চিকিৎসা হিচাপে অসমৰ বিভিন্ন স্থানৰ মানুহ, এই বনৌষধি বিলাকৰ ওপৰত বহুখিনি নিৰ্ভৰশীল। বনৌষধি সমূহৰ পাৰ্শ্বক্ৰিয়া কম। পৃথিৱীৰ ২,৫০,০০০ বিধ উচ্চ উদ্ভিদৰ ভিতৰত ৮০,০০০ বিধ উদ্ভিদ হৈছে ঔষধিযুক্ত।
-
চেংমৰা
চেংমৰা (Spiny Arum, বৈজ্ঞানিক নাম: Lasia spinosa) ভাৰতকে ধৰি এচিয়া মহাদেশৰ বিভিন্ন দেশ আৰু পাপুৱা নিউগিনিত পোৱা এবিধ কচুজাতীয় চিৰসেউজ উদ্ভিদ। এই উদ্ভিদজোপা বাৰীৰ ঢাপ, পিটনি, নদীকাষৰীয়া সেমেকা বা জেকা ঠাই আদিত পোৱা যায়| ইয়াক কাঁইটীয়া কচু, ওলমোটোকা, কেশঠুৰী,, লা-ঘটুৱা আদি নামেৰেও জনা যায়।
-
পচতীয়া
পচতীয়া (five-leaved chaste tree) হৈছে এবিধ মধ্যম আকাৰৰ পৰ্ণপাতী উদ্ভিদ। ইয়াক দক্ষিণ আৰু দক্ষিণ-পূৱ এছিয়াৰ জনসমাজত একপ্ৰকাৰৰ বহু প্ৰচলিত বনৌষধী হিচাপে ব্যৱহাৰ হৈ আহিছে। ইয়াৰ বৈজ্ঞানিক নাম Vitex negundo।
-
মিৰিকা টেঙা
মিৰিকা টেঙা বা বন জৰা (Silver berry, বৈজ্ঞানিক নাম: Elaeagnus caudata Schltdl.) এবিধ চিৰসেউজ গুল্মজাতীয় সপুষ্পক উদ্ভিদ। মিৰিকা টেঙা অসমত প্ৰাকৃতিকভাৱে গজে। ইয়াৰ ফল খাদ্যৰ উপযোগী। মিচিং ভাষাত ইয়াক বিৰাই এছিং আৰু কাৰ্বি ভাষাত ছোলেঙি এৰিকং বোলা হয়।
-
যম লাখুটি
যম লাখুটি (বৈজ্ঞানিক নাম:Cheilocostus speciosus) জিঞ্জিবাৰেচি (Zingiberaceae)পৰিয়ালৰ এবিধ সপুষ্পক উদ্ভিদ। এই গছ সাধাৰণতে দ-চানেকীয়া ঠাইত উৎপত্তি হয়।
-
লাটুমণি লতা
লাটুমণি লতা (বৈজ্ঞানিক নাম: Abrus precatorius; আন নাম: Gunja, Jequirity, Crab's Eye, Rosary Pea, John Crow Bead, Precatory bean, Indian Licorice, Akar Saga, Giddee Giddee বা ত্ৰিনিদাদ আৰু টবেগ'ৰ Jumbie Bead) এজোপা পাতল, চিৰহৰিৎ লতা গছ। ই বৃক্ষ, জোপোহা আদি গছত বগায়।
-
ইচবগুল
ইচবগুল বা শিঙাবন (বৈজ্ঞানিক নাম: Plantago Ovata) ভূমধ্যসাগৰীয় অঞ্চলৰ স্থানীয়, মধ্য, পূব আৰু দক্ষিণ এছিয়া আৰু উত্তৰ আমেৰিকাৰ এবিধ গুল্ম জাতীয় উদ্ভিদ।
-
হাতী ভেকুৰী
হাতী ভেকুৰীবহল পাতেৰে এবিধ কাঁইটীয়া গুল্ম জাতীয় উদ্ভিদ। হাতী ভেকুৰী এবিধ বনৌষধি। ইয়াৰ ফলৰ সোৱাদ তিতা।
-
অশ্বগন্ধা
অশ্বগন্ধা (বৈজ্ঞানিক নাম: Withania somnifera) হ'ল ছোলানাছী (Solanaceae) পৰিয়ালৰ এবিধ গুল্মজাতীয় উদ্ভিদ। অশ্বগন্ধাক ইংৰাজীত ভাৰতীয় জিনছেং (Indian ginseng), পইজন গুজবেৰী (poison gooseberry) বা ৱিণ্টাৰ চেৰী (winter cherry) বুলিও জনা হয়। ইয়াক আয়ুৰ্বেদিক বনৌষধী হিচাপে ব্যবহাৰ কৰা হয়।
-
জিম্বু
জিম্বু পিয়াঁজ পৰিয়ালৰ অন্তৰ্গত এবিধ বনৌষধি, নেপালৰ কিছুমান অঞ্চলত আৰু ভাৰতৰ কিছু মধ্য হিমালয়ৰ ৰাজ্য যেনে উত্তৰাখণ্ডত ব্যাপকভাৱে ব্যৱহাৰ কৰা হয়, য'ত ইয়াক জাম্বু বা ফাৰাণ বুলি কোৱা হয়। ই এলিয়ামৰ দুটা প্ৰজাতিৰ দ্বাৰা গঠিত, (ক) hypsistum আৰু (খ) przewalskianum।
-
ৰামবুটান
ৰামবুটান (বৈজ্ঞানিক নাম: Nephelium lappaceum) হৈছে Sapindaceae পৰিয়ালৰ এজোপা মধ্যম আকাৰৰ গ্ৰীষ্মমণ্ডলীয় উদ্ভিদ। এই গছৰ ফলকো ৰামবুটান বোলা হয়। ৰামবুটান দক্ষিণ-পূব এছিয়াৰ থলুৱা উদ্ভিদ। ই খাদ্যৰ উপযোগী আন কেইবাটাও ফল যেনে লিচু, লেটেক, পুলাছন আৰু গুইনেপৰ সৈতে ঘনিষ্ঠভাৱে সম্পৰ্কিত।