অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ইতিহাস

পৃথিৱীৰ ইতিহাস

পৃথিৱীৰ ইতিহাস বুলিলে পৃথিৱী নামৰ গ্ৰহটোৰ উৎপত্তিৰ পৰা আৰম্ভ কৰি বৰ্তমান সময় পৰ্যন্ত সমগ্ৰ সময়ছোৱাকেই বুজোৱা হয়। অতীতৰ মূল ঘটনাবোৰোৰ সম্পৰ্কে অধ্যয়ন কৰাত প্ৰাকৃতিক বিজ্ঞানৰ শাখাসমূহে সহায় কৰে। পৃথিৱীৰ বয়স মহাবিশ্বৰ বয়স প্ৰায় এক তৃতীয়াংশ।

হালনাগাদ: ২৬ আগষ্ট ২০২৬ ৪৭০ শব্দ · ৩ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

পৃথিৱীৰ ইতিহাস বুলিলে পৃথিৱী নামৰ গ্ৰহটোৰ উৎপত্তিৰ পৰা আৰম্ভ কৰি বৰ্তমান সময় পৰ্যন্ত সমগ্ৰ সময়ছোৱাকেই বুজোৱা হয়।১২ অতীতৰ মূল ঘটনাবোৰোৰ সম্পৰ্কে অধ্যয়ন কৰাত প্ৰাকৃতিক বিজ্ঞানৰ শাখাসমূহে সহায় কৰে। পৃথিৱীৰ বয়স মহাবিশ্বৰ বয়স প্ৰায় এক তৃতীয়াংশ। এই বিপুল সময়ছোৱাত পৃথিৱীত অজস্ৰ ভূতত্ত্বীয় পৰিবৰ্তন ঘটিছে, জীৱনৰ উদ্ভৱ হৈছে আৰু সেই জীৱনৰ বিৱৰ্তন ঘটিছে।

সৌৰজগতৰ সৃষ্টি

সৌৰজগত (পৃথিৱীসহ) সৃষ্টিৰ আদৰ্শ ধাৰণা হৈছে সৌৰ নীহাৰিকাৰ ধাৰণা।৩ এই আৰ্হি মতে, নীহাৰিকা (Nebula) নামৰ এক ইণ্টাৰষ্টেলাৰ ধূলি আৰু গেছৰ এক বৃহৎ মেঘৰ পৰা সৌৰজগত গঠন হৈছিল। ই ১৩.৮ গা (বিলিয়ন বছৰ আগতে) বিগ বেঙৰ পিছতে সৃষ্টি হোৱা হাইড্ৰজেন আৰু হিলিয়াম আৰু ছুপাৰনভাৰ পৰা বাহিৰ হোৱা গধুৰ উপাদানৰ দ্বাৰা গঠিত হৈছিল। প্ৰায় ৪.৫ বিলিয়ন বছৰ আগতে, নীহাৰিকাত এটা সংকোচন আৰম্ভ কৰিছিল যি সম্ভৱত ওচৰৰ এটা ছুপাৰনভাৰ পৰা শ্বক তৰংগৰ ফলত সৃষ্টি হৈছিল।৪ এই শ্বক তৰংগই নীহাৰিকাৰ ঘূৰ্ণন সৃষ্টি কৰে। মেঘ ত্বৰান্বিত হবলৈ আৰম্ভ কৰাৰ লগে লগে, ইয়াৰ কোণীয় ভৰবেগ, মাধ্যাকৰ্ষণ আৰু জড়তাই ইয়াক ইয়াৰ ঘূৰ্ণন অক্ষৰ সৈতে লম্বভাৱে এটা প্ৰটোপ্লেনেটৰী ডিস্কলৈ (ভ্ৰূণগ্ৰহীয় চাক বা Protoplanetory Disc) চেপেটা কৰি দিয়ে। আঘাতৰ ফলত হোৱা ক্ষুদ্ৰ বিচলন আৰু অন্যান্য বৃহৎ ধ্বংসাৱশেষৰ আকৰ্ষণীয় ভৰবেগৰ ফলত কিলোমিটাৰ আকাৰৰ প্ৰটোগ্ৰহ গঠন হ'বলৈ আৰম্ভ কৰে, যি বোৰে নীহাৰিকাৰ কেন্দ্ৰ কৰি ঘূৰিবলৈ আৰম্ভ কৰে।৫

বিশেষ কৌণিক ভৰবেগ নথকা নীহাৰিকাৰ কেন্দ্ৰ দ্ৰুতগতিত খহি পৰিছিল, হাইড্ৰজেনৰ পৰা হিলিয়ামলৈ ৰূপান্তৰ ঘটা নিউক্লীয় সংযোজন বিক্ৰিয়া আৰম্ভ নোহোৱালৈকে ই সংকুচিত হৈ ক্ৰমান্নয়ে গৰম হৈ গৈছিল। অধিক সংকোচন হোৱাৰ পিছত, এটা টি টিউৰি তাৰকাৰ সৃষ্টি হৈ সূৰ্য্যলৈ বিকশিত হৈছিল। ইফালে, নীহাৰিকাৰ বাহিৰৰ অংশত ইয়াৰ মাধ্যাকৰ্ষণৰ ফলত ভৰ আৰু ধূলিকণা ঘনীভূত হবলৈ ধৰে, আৰু বাকী প্ৰটোপ্লেনেটৰী ডিস্কখন ৰিংলৈ পৃথক হ'বলৈ আৰম্ভ কৰে। পলায়ন ত্বৰণ নামৰ এক প্ৰক্ৰিয়াৰ ফলত, ঘনীভূত হোৱা ধূলি আৰু ধ্বংসাৱশেষ একেলগে বাহিৰলৈ নিক্ষেপিত হৈ গ্ৰহৰ গঠন কৰে। পৃথিৱীখন প্ৰায় ৪.৫৪ বিলিয়ন বছৰ আগতে এই পদ্ধতিৰে গঠিত হৈছিল (১% অনিশ্চয়তাৰ সৈতে) আৰু মূলতঃ ১০-২০ মিলিয়ন বছৰৰ ভিতৰত সম্পূৰ্ণ হৈছিল। নতুনকৈ গঠিত টি টিউৰি তাৰকাটোৰ সৌৰ বায়ুয়ে ডিস্কৰ বেছিভাগ সামগ্ৰী গ্ৰাস কৰিছিল যিবোৰ ইতিমধ্যে ডাঙৰ শৰীৰত সংহত হোৱা নাছিল। এই একে প্ৰক্ৰিয়াৰেই বিশ্বব্ৰহ্মাণ্ডৰ নতুনকৈ সৃষ্টি হোৱা প্ৰায়বোৰ তৰাৰ চাৰিওফালৰ ত্বৰণ ডিস্ক প্ৰস্তুত কৰে বুলি অনুমান কৰা হৈছে, ইয়াৰে কিছুমান তৰাই গ্ৰহৰ সৃষ্টি কৰিব পাৰে।

পৃথিৱীৰ সৃষ্টি

পৃথিৱীৰ সৃষ্টি কেতিয়া হৈছিল, তাক সঠিককৈ কোৱা সম্ভৱ নহয়। ধাৰণা কৰা হয় সৌৰজগত সৃষ্টিৰ প্ৰায় ১০০ মিলিয়ন বছৰৰ পিছত এক সংঘৰ্ষৰ ফলত পৃথিৱীৰ সৃষ্টি হয়। আজিৰ পৰা ৪.৫৪ বিলিয়ন বছৰ আগে পৃথিৱীয়ে গ্ৰহৰ আকৃতি পায়।

পৃথিবী-চন্দ্ৰ সংঘৰ্ষ

“থিয়া” নামৰ মঙ্গলৰ আকৃতিৰ এটা গ্ৰহাণুৰ সৈতে পৃথিৱীৰ সংঘৰ্ষ হয়। পৃথিৱীৰ বিশেষ ক্ষতি নহয় কিন্তু বায়ুমণ্ডল উৰি যায় আৰু গ্ৰহাণুটো ধ্বংস হৈ যায়। এই গ্ৰহাণুৰ ধ্বংসাৱশেষ পৰাই চন্দ্ৰৰ সৃষ্টি হয়।

গলিত লাভাৰ সমুদ্ৰ

থিয়াৰ সৈতে সংঘৰ্ষৰ ফলত পৃথিৱী উত্তপ্ত হৈ উঠে। চাৰিওফালে গলিত লাভাৰ উতলি থকা সমুদ্ৰ। শুক্ৰ গ্ৰহৰ অৱস্থা এতিয়া যেনে, তেতিয়া পৃথিৱীৰ অৱস্থা তেনে আছিল। পৃথিৱী লাহে লাহে ঠাণ্ডা হয় আৰু গলিত লাভা গোট মাৰি শিল আৰু পানী সৃষ্টি হয়। এই সময়তে সৃষ্টি হয় পৃথিৱীৰ প্ৰাচীনতম খনিজ, জিৰকন। এইবোৰৰ বয়স প্ৰায় ৪.৪ বিলিয়ন বছৰ।

আৰু পঢ়ক

তথ্যসূত্ৰ

  1. ↑ Gradstein Ogg Smith
  2. ↑ Stanley 2005
  3. ↑ Encrenaz, T. (2004). The solar system. Springer. পৃ. 89. ISBN 978-3-540-00241-3
  4. ↑ Matson, John. (July 7, 2010). Luminary Lineage: Did an Ancient Supernova Trigger the Solar System's Birth?. Scientific American
  5. ↑ P. Goldreich; W.R. Ward. (1973). The Formation of Planetesimals. Astrophysical Journal. পৃ. 1051–1062

সম্পৰ্কিত শ্ৰেণী

ইতিহাস

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পৃথিৱীৰ ইতিহাস” প্ৰবন্ধৰ সংশোধন ৬৩১৪০৩ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।