ভিক্টোৰিয়া জাষ্টিচ (জন্ম: ১৯ ফেব্ৰুৱাৰী, ১৯৯৩) এগৰাকী আমেৰিকা যুক্তৰাষ্ট্ৰন অভিনেত্ৰী আৰু গায়িকা। তেওঁ নিকেলোডিয়ানৰ কমেডী ড্ৰামা ছিৰিজ 'জোৱে ১০১' (২০০৫–২০০৮)-ত লোলা মাৰ্টিনেজ আৰু চিটকম 'ভিক্টোৰিয়াছ' (২০১০–২০১৩)-ত টোৰী ভেগাৰ চৰিত্ৰত অভিনয় কৰি জনপ্ৰিয়তা অৰ্জন কৰে। এই চৰিত্ৰসমূহৰ বাবে তেওঁ এটা ব্ৰাভো অটো বঁটা, এটা কিডছ চয়েছ এৱাৰ্ড আৰু দুটাকৈ ইয়ং আৰ্টিষ্ট এৱাৰ্ড লাভ কৰিছে। ইয়াৰ উপৰি তেওঁ নিকেলোডিয়ানৰ বাবে মিউজিকেল ছবি 'স্পেক্টাকুলাৰ! ' (২০০৯) আৰু কমেডী হৰৰ ছবি 'দা বয় হু ক্ৰাইড ৱেয়াৰউল্ফ' (২০১০)-ত অভিনয় কৰিছিল।
জাষ্টিচে তেওঁৰ অভিনয় প্ৰকল্পসমূহৰ বাবে গীত ৰেকৰ্ড কৰি সংগীত জীৱনৰ পাতনি মেলিছিল। তেওঁৰ প্ৰথমটো ব্যাৱসায়িক সফলতা লাভ কৰিছিল 'ভিক্টোৰিয়াছ'ৰ চাউণ্ডট্ৰেক এলবামৰ জৰিয়তে, যি বিলবোৰ্ড ২০০ চাৰ্টত স্থান লাভ কৰিছিল। ইয়াৰ পিছত তেওঁ কলাম্বিয়া ৰেকৰ্ডছৰ সৈতে একক কেৰিয়াৰ আৰম্ভ কৰি ২০১৩ চনত তেওঁৰ প্ৰথমটো একক গীত "গ'ল্ড" মুক্তি দিয়ে।
জাষ্টিচে এমটিভিৰ থ্ৰিলাৰ ধাৰাবাহিক 'আই কেণ্ডি' (২০১৫)-ত মুখ্য চৰিত্ৰত অভিনয় কৰিছে। তেওঁ অভিনয় কৰা চলচ্চিত্ৰসমূহৰ ভিতৰত 'দা ফাৰ্ষ্ট টাইম' (২০১২), 'ফান ছাইজ' (২০১২), 'নাওমি এণ্ড ইলিছ নো কিছ লিষ্ট' (২০১৫), 'দা আউটকাষ্টছ' (২০১৭), 'ট্ৰাষ্ট' (২০২১), 'আফটাৰলাইফ অৱ দা পাৰ্টি' (২০২১), 'এ পাৰফেক্ট পেয়াৰিং' (২০২২) আৰু 'দা টিউটৰ' (২০২৩) উল্লেখযোগ্য। সংগীতৰপৰা সাতবছৰীয়া বিৰতিৰ পিছত তেওঁ ২০২০ চনত "ট্ৰিট মাইচেলফ" গীতটিৰ জৰিয়তে পুনৰ সংগীত জগতলৈ ঘূৰি আহে।
প্ৰাৰম্ভিক জীৱন
ভিক্টোৰিয়া জাষ্টিচ চিৰিন ৰীড আৰু জেক জাষ্টিচৰ কন্যা।১ তেওঁৰ পিতৃ ইংৰাজ, জাৰ্মান আৰু আইৰিছ মূলৰ; আনহাতে নিউয়ৰ্কৰ ব্ৰংকছৰ নিবাসী তেওঁৰ মাতৃ পুৱেৰ্টো ৰিকান বংশোদ্ভূত।২
দহ বছৰ বয়সত জাষ্টিচ আৰু তেওঁৰ পৰিয়াল কেলিফৰ্ণিয়াৰ লছ এঞ্জেলছলৈ স্থানান্তৰিত হয় আৰু হলিউডত বসতি স্থাপন কৰে।৩ 'ভিক্টোৰিয়াছ'ৰ চিত্ৰগ্ৰহণ চলি থকাৰ সময়ত তেওঁ লছ এঞ্জেলছৰ ক্লিভলেণ্ড হাইস্কুলত পঢ়া-শুনা কৰিছিল আৰু পৰৱৰ্তী সময়ত হোম স্কুলিং (ঘৰুৱা শিক্ষা) কাৰ্যসূচীৰ জৰিয়তে ডিপ্লমা লাভ কৰিছিল।৪
জনহিতকৰ কাম
জাষ্টিচে কেইবাটাও দাতব্য অনুষ্ঠানত অংশগ্ৰহণ কৰিছে আৰু ৰাষ্ট্ৰসংঘ ফাউণ্ডেশ্যনৰ দৰে সংস্থাসমূহক সমৰ্থন আগবঢ়াইছে। এই সংস্থাই এইডছ, শিশু কল্যাণ, পৰিৱেশ, স্বাস্থ্য, মানৱ অধিকাৰ আৰু শান্তিৰ দৰে বিভিন্ন উদ্দেশ্যত কাম কৰে।৫
২০১০ চনৰ ৩০ ছেপ্টেম্বৰত জাষ্টিচে ঘোষণা কৰিছিল যে তেওঁ 'গাৰ্ল আপ' (Girl Up) নামৰ দাতব্য অভিযানত যোগদান কৰিব। এই অভিযানত যোগদান কৰাৰ বিষয়ে সোধাত তেওঁ কৈছিল, "গাৰ্ল আপৰ এগৰাকী সমৰ্থক হ’বলৈ পাই মই অতি উৎসাহিত। যিবোৰ ছোৱালীয়ে আমাৰ দৰে সুযোগ-সুবিধা নাপায়, তেওঁলোকৰ জীৱনত কিবা এটা পৰিৱৰ্তন আনিবলৈ মই সহায় কৰিব বিচাৰোঁ। মই জানো যে দেশজুৰি মোৰ দৰে বহুতো ছোৱালী আছে যিয়ে উন্নয়নশীল দেশৰ ছোৱালীৰ অধিকাৰ আৰু কল্যাণৰ বাবে থিয় হ’বলৈ সাজু আৰু অনুপ্ৰাণিত। মই আশাবাদী যে আমি একেলগে এই প্ৰত্যাহ্বানৰ মুখা-মুখি হ'ব পাৰিম।"
২০১০ চনৰ ৩০ ছেপ্টেম্বৰত নিউয়ৰ্ক চহৰত এই অভিযানৰ আনুষ্ঠানিক শুভাৰম্ভণিৰ সময়ত জাষ্টিচে যোগদান কৰিছিল আৰু পৰৱৰ্তী সময়ত সমগ্ৰ আমেৰিকা ভ্ৰমণ কৰা "ইউনাইট ফৰ গাৰ্লছ" ট্যুৰক সমৰ্থন জনাইছিল। তেওঁ উন্নয়নশীল দেশসমূহৰ গাৰ্ল আপৰদ্বাৰা সমৰ্থিত আঁচনিসমূহ পৰিদৰ্শন কৰিছিল যাতে এই কাৰ্যসূচীসমূহে ছোৱালী আৰু সমাজৰ ওপৰত কেনেকুৱা প্ৰভাৱ পেলাব পাৰে সেয়া প্ৰত্যক্ষ কৰিব পাৰে।৬ 'ছেভেণ্টিন' আলোচনীক দিয়া এক সাক্ষাৎকাৰত জাষ্টিচে কৈছিল, "মই বিভিন্ন দাতব্য সংস্থাৰ বিষয়ে খবৰ লৈছিলোঁ। যেতিয়া গুৱাটেমালা আৰু আফ্ৰিকাৰ ছোৱালীবোৰে পানীৰ বাবে মাইলৰ পিছত মাইল খোজ কাঢ়িব লগা হোৱা আৰু স্কুললৈ যাবলৈ পইচা নথকাৰ বাবে কন্দা কথা শুনিছিলোঁ, মোৰ বুকু খন্দা দি উঠিছিল। সেইবাবেই মই যিমান পাৰো সজাগতা বিয়পাব বিচাৰোঁ আৰু আনকো একেলগে কাম কৰিবলৈ উৎসাহিত কৰিব বিচাৰোঁ।" ৭
ব্যক্তিগত জীৱন
২০১৩ চনত জাষ্টিচে তেওঁ ক্ৰয় কৰা লছ এঞ্জেলছৰ এনচিনো হিলছৰ এটা ঘৰত পিতৃ-মাতৃৰ সৈতে বাস কৰিছিল।৮
তথ্যসূত্ৰ
- ↑ Martinez, Patty A. (May 2010). Talent Show: Teen Celebrities and Their Dedicated Moms. Family Circle
- ↑ Moreno, Carolina. (November 16, 2012). 27 Celebrities You Didn't Know Were Latino (PHOTOS). HuffPost
- ↑ Victoria Justice Biography. BuddyTV
- ↑ Arreola, Cristina. (August 6, 2014). Latino Celebrities You Never Knew Were Homeschooled. LATINA
- ↑ "Victoria Justice's Charity Work, Events and Causes", Look to the Stars. Retrieved January 28, 2011
- ↑ "Victoria Justice Joins Charity Campaign For Young Girls", Look to the Stars, September 30, 2010
- ↑ (December 20, 2010). Exclusive Victoria Justice Prom Pics!. Seventeen
- ↑ Westhoff, Ben. (May 16, 2013). Victoria Justice: The Kids' Choice. LA Weekly
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভিক্টোৰিয়া জাষ্টিচ” প্ৰবন্ধৰ সংশোধন ৫৯০৩৪১ (১৯ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।