অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ভেলোৰী কাৰী

ভেলোৰী কাৰী (ইংৰাজী: Valorie Curry; জন্ম: ১২ ফেব্ৰুৱাৰী, ১৯৮৬) এগৰাকী আমেৰিকান অভিনেত্ৰী। তেওঁৰ কেৰিয়াৰৰ উল্লেখযোগ্য কামসমূহৰ ভিতৰত আছে ভেৰোনিকা মাৰ্চ (২০০৫–০৬), দ্য ফলোয়িং (২০১৩–১৪) আৰু দ্য টিক (২০১৬–১৯)।

হালনাগাদ: ২ এপ্ৰিল ২০২৬ ২০৩ শব্দ · ১ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

ভেলোৰী কাৰী (ইংৰাজী ভাষা: Valorie Curry; জন্ম: ১২ ফেব্ৰুৱাৰী, ১৯৮৬১) এগৰাকী আমেৰিকা যুক্তৰাষ্ট্ৰন অভিনেত্ৰী। তেওঁৰ কেৰিয়াৰৰ উল্লেখযোগ্য কামসমূহৰ ভিতৰত আছে ভেৰোনিকা মাৰ্চ (২০০৫–০৬), দ্য ফলোয়িং (২০১৩–১৪) আৰু দ্য টিক (২০১৬–১৯)। তেওঁ প্লেষ্টেচন ৩-ৰ টেক ডেম’ কাৰাত (২০১২) নাম চৰিত্ৰত অভিনয় কৰিছিল আৰু ভিডিও গেম ডিট্ৰয়েট: বিকাম হিউমেনত (২০১৮) কাৰা হিচাপে পুনৰ অভিনয় কৰিছিল। ২০২৪ চনৰপৰা তেওঁ আমাজন প্ৰাইম ভিডিও ধাৰাবাহিক দ্য বয়জত ছুপাৰহিৰো ফায়াৰক্ৰেকাৰৰ চৰিত্ৰত অভিনয় কৰিছে।

প্ৰাৰম্ভিক জীৱন

কাৰী কেলিফৰ্ণিয়াৰ অৰেঞ্জ কাউণ্টিত তেওঁৰ ভাতৃ ডেভিদ আৰু ভগ্নী কলিনৰ সৈতে ডাঙৰ-দীঘল হৈছিল। ২০০৪ চনত তেওঁ কেলিফৰ্ণিয়াৰ লা হাব্ৰাৰ চন’ৰা হাইস্কুলৰপৰা স্নাতক ডিগ্ৰী লাভ কৰে।২ তেওঁ কেলিফৰ্ণিয়া ষ্টেট ইউনিভাৰ্চিটি, ফুলাৰটনত অধ্যয়ন কৰিছিল আৰু ২০০৮ চনত থিয়েটাৰত স্নাতক ডিগ্ৰী লাভ কৰিছিল।৩ তেওঁ 'দ্য চেকেণ্ড চিটি' আৰু 'ফেণ্টম প্ৰজেক্টছ' থিয়েটাৰ গোটৰ সৈতেও কাম কৰিছে। তাত তেওঁ দ্য ডিভাইনৰ্ছত জেনি মে আৰু আউট, আউট, ব্ৰিফ কেণ্ডেল! -ত মনিক চৰিত্ৰত অভিনয় কৰাৰ লগতে ওকলাহোমা! , বাছ ষ্টপ, হাউ টু চাকচিড ইন বিজনেছ উইদাউট ৰিয়েলী ট্ৰায়িং আৰু দ্য ডায়েৰী অফ এনি ফ্ৰাংক আদি নাটকত অভিনয় কৰিছে।৪

ব্যক্তিগত জীৱন

কাৰীয়ে ২০১৯ চনত নিজকে প্যানচেক্সুৱেল (pansexual) বুলি বৰ্ণনা কৰিছিল,৫৬ আৰু পৰৱৰ্তী সময়ত একাংশ সংবাদ মাধ্যমে তেওঁক লেচবিয়ান বুলি উল্লেখ কৰিছে।৭৮

২০১৬ চনত কাৰীয়ে তেওঁৰ দ্য ফলোয়িংৰ সহ-অভিনেতা চেম আণ্ডাৰউডৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল।৯ ২০২২ চনত তেওঁলোকৰ মাজত বিচ্ছেদ ঘটে আৰু ২০২৩ চনৰ এপ্ৰিলত আইনীভাৱে বিবাহ বিচ্ছেদ হয়।১০

তথ্যসূত্ৰ

  1. ↑ (2024-12-04). Valorie Curry - Actress. TV Insider
  2. ↑ Gaede, Susan. (2010-12-02). Sonora grad cast in 'Twilight' movie. Orange County Register
  3. ↑ Douglas, Cathy. (2011-04-12). Titans of Hollywood: Tinsel Town's Spotlights Shine on CSUF Alumni. Titan Magazine. California State University, Fullerton
  4. ↑ A View From the Inside - Phantom Projects Theatre Group. www.phantomprojects.com
  5. ↑ Valorie Curry on Instagram: "For the last several years, I've felt a deep need and a deep contraction about coming out on #nationalcomingoutday🌈 I felt like I didn't…". Instagram
  6. ↑ Shatto, Rachel. (August 22, 2022). Out Actor Valorie Curry Joins The Cast of The Boys Season 4. Pride
  7. ↑ The Boys' lesbian star Valorie Curry on mocking her character. The Advocate
  8. ↑ Ferlita, Gabriella. (2024-06-21). The Boys' Valorie Curry on 'making a clown' out of her right-wing supe role. PinkNews
  9. ↑ Scharf, Lindzi. (2016-09-13). TIFF 2016: Valorie Curry Breaks Out in 'American Pastoral' and 'Blair Witch Project'. Women's Wear Daily
  10. ↑ Vasquez, Whitney. (2023-10-16). 'Fear the Walking Dead' Star Sam Underwood's Ex-Wife Valorie Curry Not Alleged Victim in Felony Domestic Battery Arrest. Radar Online

সম্পৰ্কিত শ্ৰেণী

আমেৰিকান অভিনয় শিল্পীআমেৰিকান কণ্ঠশিল্পী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভেলোৰী কাৰী” প্ৰবন্ধৰ সংশোধন ৫৯৯৬৫৬ (২ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।