পিট ছিগাৰ (Pete Seeger; ৩ মে', ১৯১৯ – ২৭ জানুৱাৰী, ২০১৪) হ'ল এজন আমেৰিকান গায়ক, গীতিকাৰ, সংগীতজ্ঞ আৰু সমাজকৰ্মী। ১৯৪০ চনত তেওঁ জাতীয় ৰেডিঅ'ৰ নিগাজী লোক আছিল আৰু ১৯৫০ চনৰ আৰম্ভণিত দ্য ৱেভাৰ্ছৰ সদস্য হিচাপে হিট ৰেকৰ্ডৰ ধাৰাবাহিকতা লাভ কৰিছিল, বিশেষকৈ লিড বেলীৰ "গুডনাইট, আইৰিন"ৰ ৰেকৰ্ডিং, যিটোৱে ১৯৫০ চনত ১৩ সপ্তাহ ধৰি তালিকাৰ শীৰ্ষস্থান দখল কৰিছিল। মেককাৰ্থী যুগত ৱেভাৰছৰ সদস্যসকলক ব্লেকলিষ্টেদ কৰা হৈছিল। ১৯৬০ চনত আন্তঃৰাষ্ট্ৰীয় নিৰস্ত্ৰীকৰণ, নাগৰিক অধিকাৰ, শ্ৰমিকৰ অধিকাৰ, প্ৰতিসংস্কৃতি, পৰিৱেশৰ সমস্যা আৰু ভিয়েটনাম যুদ্ধৰ অন্ত পেলোৱাৰ সমৰ্থনত প্ৰতিবাদী সংগীতৰ এজন বিশিষ্ট গায়ক হিচাপে ছিগাৰে পুনৰ ৰাজহুৱা দৃশ্যপটত আত্মপ্ৰকাশ কৰে।
গীতিকাৰগৰাকীৰ আটাইতকৈ পৰিচিত গীতসমূহৰ ভিতৰত "Where Have All the Flowers Gone?" (জো হিকাৰচনৰ অতিৰিক্ত গীতৰ সৈতে), "If I Had a Hammer (The Hammer Song)" (ৱেভাৰ্ছৰ লি হেইছৰ সৈতে), "Kisses Sweeter than Wine" (হেইছৰ সৈতেও) আৰু "Turn! Turn! Turn! (To Everything There Is a Season)" যিটো লোকসংগীত পুনৰুজ্জীৱন আন্দোলনৰ ভিতৰৰ আৰু বাহিৰৰ বহু শিল্পীয়ে ৰেকৰ্ডিং কৰিছে। "ফ্লাৱাৰ্ছ" আছিল দ্য কিংষ্টন ট্ৰাইঅ' (১৯৬২)ৰ হিট ৰেকৰ্ডিং; মাৰ্লিন ডাইট্ৰিচ (১৯৬২) আৰু আৰু জনী ৰিভাৰ্ছে (১৯৬৫) ইংৰাজী, জাৰ্মান আৰু ফৰাচী ভাষাত ইয়াক ৰেকৰ্ডিং কৰিছিল। পিটাৰ, পল এণ্ড মেৰী (১৯৬২) আৰু ট্ৰিনি লোপেজ (১৯৬৩)ৰ দৰে শিল্পীয়েও "ইফ আই হেড এ হামাৰ", "টাৰ্ণ! টাৰ্ণ! টাৰ্ণ!" আদি তেওঁৰ গীতসমূহ গাইছিল৷
আধ্যাত্মিক "উই শ্বেল অভাৰকাম" (জোয়ান বেজ আৰু আন বহু গায়ক-কৰ্মীয়েও ৰেকৰ্ডিং কৰা) জনপ্ৰিয় কৰাৰ বাবে দায়বদ্ধ লোকগায়কসকলৰ ভিতৰত অন্যতম আছিল ছিগাৰ, ১৯৬০ চনত ছাত্ৰ অহিংস সমন্বয় সমিতিৰ (এছএনচিচি) প্ৰতিষ্ঠা-সভাত লোকগায়ক আৰু কৰ্মী গাই কাৰাৱানে ইয়াক পৰিৱেশন কৰাৰ কিছু সময়ৰ পাছতে ই নাগৰিক অধিকাৰ আন্দোলনৰ স্বীকৃতিপ্ৰাপ্ত গীত হৈ পৰিছিল৷ পিবিএছ আমেৰিকান মাষ্টাৰছৰ খণ্ড "পিট ছিগাৰ: দ্য পাৱাৰ অৱ ছং"ত ছিগাৰে কয় যে তেওঁৱেই গীতৰ কথা পৰম্পৰাগত "We will overcome" ৰ পৰা অধিক গায়নযোগ্য "We shall overcome"লৈ সলনি কৰিছিল।
আৰম্ভণি জীৱন
১৯১৯ চনৰ ৩ মে'ত নিউয়ৰ্ক চহৰৰ মানহাটানৰ চেলচিয়াৰ ফ্ৰেঞ্চ হাস্পতালত ছিগাৰৰ জন্ম হয়।১ তেওঁৰ পৰিয়াল, যাক ছিগাৰে "পিউৰিটান, কেলভিনিষ্ট নিউ ইংলেণ্ড পৰম্পৰাত অতিশয় খ্ৰীষ্টান" বুলি অভিহিত কৰা হৈছিল,২ আৰু বংশাৱলীয়ে ২০০ বছৰতকৈও অধিক আগৰ পৰাই অনুসৰণ কৰি আহিছিল। জাৰ্মানীৰ ৱুৰ্টেমবাৰ্গৰ চিকিৎসক কাৰ্ল লুডৱিগ ছিগাৰ নামৰ এজন পৈতৃক পূৰ্বপুৰুষে আমেৰিকান বিপ্লৱৰ সময়ত আমেৰিকালৈ প্ৰব্ৰজন কৰিছিল আৰু ১৭৮০ চনত পুৰণি নিউ ইংলেণ্ড পৰিয়াল পাৰ্ছনছৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল।৩

ছিগাৰৰ পিতৃ সুৰকাৰ আৰু সংগীতবিদ চাৰ্লছ লুই ছিগাৰ জুনিয়ৰ৪ৰ জন্ম হৈছিল মেক্সিকো চহৰত আমেৰিকান পিতৃ-মাতৃৰ ঘৰত। চাৰ্লছে ১৯১০ চনত বাৰ্কলেৰ কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ত আমেৰিকাৰ প্ৰথম সংগীতবিজ্ঞানৰ পাঠ্যক্ৰম আৰম্ভ কৰে।৫ তেওঁ আমেৰিকান মিউজিক’লজিকেল ছ’চাইটি গঠনতো সহায় কৰিছিল আৰু নৃতাত্ত্বিক সংগীত বিজ্ঞানৰ একাডেমিক শাখাৰ মূল প্ৰতিষ্ঠাপক আছিল। টিউনিছিয়াত ডাঙৰ-দীঘল হোৱা আৰু পেৰিছ কনজাৰ্ভেটৰী অৱ মিউজিকত প্ৰশিক্ষণ লোৱা পিটৰ মাতৃ কনষ্টেন্স ডি ক্লাইভাৰ ছিগাৰ (জন্ম এডছন) এগৰাকী কনচাৰ্ট ভায়লিনবাদক আৰু পাছলৈ জুলিয়াৰ্ড স্কুলৰ শিক্ষয়িত্ৰী হৈছিল।৬
১৯১১ চনত চাৰ্লছক ইউ চি বাৰ্কলেত সংগীত বিভাগ স্থাপন কৰিবলৈ নিযুক্তি দিয়া হয় যদিও প্ৰথম বিশ্বযুদ্ধৰ সময়ত তেওঁ স্পষ্টবাদী শান্তিবাদৰ বাবে ১৯১৮ চনত পদত্যাগ কৰিবলৈ বাধ্য হয়।৭ চাৰ্লছ আৰু কনষ্টেন্সে পূব দিশলৈ উভতি আহি নিউয়ৰ্ক চহৰৰ পৰা প্ৰায় ৫০ মাইল (৮০ কিলোমিটাৰ) উত্তৰত নিউয়ৰ্কৰ পেটাৰছনত চাৰ্লছৰ পিতৃ-মাতৃৰ বাগিচাত নিজৰ কাৰ্য্যকলাপৰ ভেটি স্থাপন কৰে। পিটৰ বয়স ওঠৰ মাহ হওঁতে চাৰ্লছ আৰু কনষ্টেন্সে তেওঁক তেওঁৰ দুজন ডাঙৰ ভাতৃৰ সৈতে ঘৰতে থৈ আমেৰিকাৰ দক্ষিণৰ শ্ৰমিক লোকসকলৰ মাজত সংগীতৰ উত্থান আনিবলৈ ৰাওনা হয়।৮ তেওঁলোক উভতি অহাৰ লগে লগে কনষ্টেন্সে ভায়লিন শিকাইছিল আৰু চাৰ্লছে নিউয়ৰ্ক ইনষ্টিটিউট অৱ মিউজিকেল আৰ্টত (পাছলৈ জুলিয়াৰ্ড) সুৰ ৰচনা কৰিবলৈ শিকাইছিল, যাৰ সভাপতি আৰু পৰিয়ালৰ বন্ধু ফ্ৰেংক ডেমৰচ কনষ্টেন্সৰ দত্তক "ককা" আছিল।৯ চাৰ্লছে নিউ স্কুল ফৰ ছ’চিয়েল ৰিচাৰ্চতো অংশকালীনভাৱে অধ্যাপনা কৰিছিল।
চাৰি বছৰ বয়সত পিটক বৰ্ডিং স্কুললৈ পঠিওৱা হয়, কিন্তু ডেৰ বছৰৰ পাছত যেতিয়া তেওঁৰ পিতৃ-মাতৃয়ে গম পালে যে স্কুলে তেওঁক স্কাৰলেট জ্বৰত আক্ৰান্ত বুলি জনোৱাত ব্যৰ্থ হৈছে তেতিয়া তেওঁক ঘৰলৈ অনা হয়।১০ নিউয়ৰ্কৰ নিয়াকত প্ৰথম আৰু দ্বিতীয় শ্ৰেণীত তেওঁ পঢ়িছিল আৰু তাৰ পাছত কানেকটিকাটৰ ৰিজফিল্ডৰ আন এখন বৰ্ডিং স্কুললৈ তেওঁক পঠিওৱা হৈছিল।১১
কেৰিয়াৰ আৰু ধনৰ উত্তেজনাৰ ফলত চাৰ্লছ আৰু কনষ্টেন্সৰ মাজত বৈবাহিক বিবাদৰ সৃষ্টি হয়। ১৯২৭ চনত যেতিয়া চাৰ্লছে যেতিয়া কনষ্টেন্সে নিজৰ নামত এটি গোপন বেংক একাউণ্ট খুলিছে বুলি আৱিষ্কাৰ কৰে, তেতিয়া তেওঁ ক্ষুব্ধ হৈ পৰে আৰু ধাৰাবাহিকভাৱে বিচ্ছেদ আৰু সাময়িক মিলনৰ সৃষ্টি হয়।১২ প্ৰথম বৈবাহিক বিচ্ছেদৰ সময়ত পিটৰ বয়স আছিল আঠ বছৰ। ছিগাৰৰ জীৱনীকাৰ ডেভিদ কিং ডুনাৱেই লিখিছিল, "বিবাহ বিচ্ছেদৰ বহু সন্তানৰ দৰে পিটেও পিতৃ-মাতৃৰ বিচ্ছেদৰ বিবাদৰ মাজত পৰিছিল আৰু পাৰিবাৰিক কাজিয়াৰ প্ৰতি তেওঁ বিদ্বেষ গঢ় লৈ উঠিছিল।"১৩ ১৯৩২ চনত চাৰ্লছে তেওঁৰ সুৰ ৰচনাৰ ছাত্ৰী আৰু সহায়িকা ৰুথ ক্ৰফৰ্ডক বিয়া কৰায়, যিজনক এতিয়া বহুতে কুৰি শতিকাৰ অন্যতম গুৰুত্বপূৰ্ণ আধুনিকতাবাদী সুৰকাৰ বুলি গণ্য কৰে।১৪ লোকসংগীতৰ প্ৰতি গভীৰ আগ্ৰহী ৰুথে কাৰ্ল ছেণ্ডবাৰ্গৰ প্ৰভাৱশালী লোকগীতি সংকলন আমেৰিকান ছংবেগ (১৯২৭)ত সংগীত ব্যৱস্থাপনাত অৱদান আগবঢ়াইছিল আৰু পাছলৈ ছেণ্ডবাৰ্গৰ আঠটা কবিতাৰ বাবে মৌলিক পৰিৱেশ সৃষ্টি কৰিছিল।১৫ ১৯৩৬ চনৰ পৰা চাৰ্লছে ফেডাৰেল চৰকাৰৰ ফাৰ্ম ৰিছেটেলমেণ্ট প্ৰগ্ৰেম, ডব্লিউ পি এৰ ফেডাৰেল মিউজিক প্ৰজেক্ট (১৯৩৮–১৯৪০) আৰু যুদ্ধকালীন পেন আমেৰিকান ইউনিয়নত বিভিন্ন প্ৰশাসনিক পদত অধিষ্ঠিত হয়।১৬ দ্বিতীয় বিশ্বযুদ্ধৰ পাছত তেওঁ ইউ চি বাৰ্কলে আৰু ইয়েল বিশ্ববিদ্যালয়ত নৃতাত্ত্বিক সংগীত বিজ্ঞানৰ অধ্যাপনা কৰিছিল।১৭১৮
১৯৩৫ চনত পিটক প্ৰতি গ্ৰীষ্মকালত নিউয়ৰ্কৰ উত্তৰ অংশত অনুষ্ঠিত হোৱা জৰ্জ ই জ’নাছ ফাউণ্ডেশ্যনৰ আন্তঃৰাষ্ট্ৰীয় নেতৃত্ব শিবিৰ কেম্প ৰাইজিং ছান (চি আৰ এছ)ত অংশগ্ৰহণ কৰিবলৈ নিৰ্বাচিত কৰা হয়। দশক দশক ধৰি তেওঁ এজন নিষ্ঠাবান প্ৰাক্তন ছাত্ৰ হৈয়েই আছিল আৰু ২০১২ চনৰ জুলাই মাহত ৯৩ বছৰ বয়সত চি আৰ এছৰ এক অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল।১৯ তেওঁ কানেকটিকাটৰ এভনৰ অল বয়ছ স্কুল এভন অল্ড ফাৰ্মছ স্কুলত পঢ়িছিল।২০২১২২ ফাৰ্মিংটন নদী উপত্যকাত লুকাই থকা পিটে বিদ্যালয়খনৰ বাতৰি কাকতত কাম কৰিছিল,২২ আৰু হিলষ্টেড হাউচত প্ৰতিষ্ঠাপক থিয়ডেট পোপ ৰিডেলৰ সৈতে চাহ পান কৰিছিল। ২০০০ চনৰ আৰম্ভণিলৈকে তেওঁ কেম্পাছত কনচাৰ্ট দি থাকিল।
পিটৰ ডাঙৰ ভাতৃ তৃতীয় চাৰ্লছ ছিগাৰ ৰেডিঅ' জ্যোতিৰ্বিজ্ঞানী হৈছিল আৰু তেওঁৰ পৰৱৰ্তী ডাঙৰ ভাতৃ জন ছিগাৰে ১৯৫০ চনত মানহাটানৰ ডালটন স্কুলত অধ্যাপনা কৰিছিল আৰু ১৯৬০ চনৰ পৰা ১৯৭৬ চনলৈকে ব্ৰংক্সৰ ফিল্ডষ্টন লোয়াৰ স্কুলত অধ্যক্ষ আছিল।২৩ পিটৰ ককাক এলান ছিগাৰ, এজন বিখ্যাত আমেৰিকাৰ যুদ্ধ কবি ("আই হেভ এ ৰেণ্ডেজ উইথ ডেথ") আৰু প্ৰথম বিশ্বযুদ্ধত নিহত হোৱা প্ৰথম আমেৰিকান সৈনিকসকলৰ ভিতৰত অন্যতম আছিল। পিতৃৰ দ্বিতীয় বিবাহৰ ফালৰ পিটৰ চাৰিওজন ভাই-ভনী— মাৰ্গাৰেট (পেগী), মাইক, বাৰ্বাৰা আৰু পেনেলোপ (পেনি)— লোকগায়ক হৈ পৰিছিল। এগৰাকী সুপৰিচিত কলা-কুশলী পেগী ছিগাৰে ব্ৰিটিছ লোকগায়ক তথা কৰ্মী ইৱান মেককলক বিয়া কৰাইছিল। মাইক ছিগাৰ আছিল নিউ লষ্ট চিটি ৰেম্বলাৰ্ছৰ প্ৰতিষ্ঠাপক, যাৰ অন্যতম সদস্য জন কোহেনে পিটৰ ভগ্নী পেনীক বিয়া কৰাইছিল, যিগৰাকীও এগৰাকী প্ৰতিভাৱান গায়িকা আছিল আৰু তেওঁৰ ডেকাকালতে মৃত্যু হৈছিল। বাৰ্বাৰা ছিগাৰে নিজৰ ভাই-ভনীসকলৰ সৈতে শিশুসকলৰ বাবে লোকগীত ৰেকৰ্ডিং কৰিছিল।
তথ্যসূত্ৰ
- ↑ Dreier, Peter. (14 November 2012). Honor Pete Seeger. The Huffington Post
- ↑ Dunaway, David King. (2008). How Can I Keep From Singing: The Ballad of Pete Seeger. Villard Books. পৃ. 17. ISBN 978-0345506085
- ↑ Pescatello, Ann M. (1992). Charles Seeger: A Life in American Music. University of Pittsburgh. পৃ. 4–5. ISBN 978-0-8229-3713-5
- ↑ Gilliland, John. (14 February 1968). Pop Chronicles Interviews No. 104 - Pete Seeger. Pop Chronicles
- ↑ Swed, Mark. (6 February 2014). Behind Pete Seeger, a formative father and mother. Los Angeles Times
- ↑ Dunaway 2008, পৃ. 20
- ↑ According to Dunaway, the British-born president of the university "all but fired" Charles Seeger (How Can I Keep From Singing, p. 26)
- ↑ Pescatello 1992, পৃ. 83–85
- ↑ Tick 1997, পৃ. 130
- ↑ Wilkinson, Alec. (9 April 2006). The Protest Singer: Pete Seeger and American folk music. The New Yorker. পৃ. 44–53
- ↑ Wilkinson 2009, পৃ. 43
- ↑ Dunaway 2008, পৃ. 32
- ↑ Dunaway 2008, পৃ. 32
- ↑ See Judith Tick, Ruth Crawford Seeger: a Composer's Search for American Music (1997).
- ↑ (February 14, 2005). David Lewis, Ruth Crawford Seeger Biography in 600 Words on website of her daughter, Peggy Seeger. Peggyseeger.com
- ↑ According to Judith Tick, Charles was fired from his job at Juilliard because Frank Damrosch sided with Constance in the Seeger divorce. Ruth Crawford Seeger, pp. 224–25
- ↑ Dunaway 2008, পৃ. 22,24
- ↑ Winkler 2009, পৃ. 4
- ↑ Berger, Joseph. (6 September 2015). Shaped by Camp, Alumni Fight to Prevent Its Move. The New York Times
- ↑ Distinguished Alumnus Award. Avon Old Farms
- ↑ Gaynes, Steven. (2014-02-02). In the Suburbs / Farewell to Pete Seeger, an icon whose songs inspired action. CT Insider
- ↑ Cugell, Morgan C. (2014-06-04). The Renaissance Man — Remembering Pete Seeger ’36, The Green Team and Scholastic Art Awards. The Avonian. Issuu. পৃ. 40-41
- ↑ (January 18, 2010). John Seeger Dies at 95. WordPress.com
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পিট ছিগাৰ” প্ৰবন্ধৰ সংশোধন ৬৩২৫০০ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।