অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

গান্ধী মেণ্ডেলা পুৰস্কাৰ

গান্ধী মেণ্ডেলা পুৰস্কাৰ (Gandhi Mandela Awards) হৈছে এটা অতি সন্মানীয় আন্তৰ্জাতিক পুৰস্কাৰ৷ এই পুৰস্কাৰৰ জৰিয়তে গান্ধীবাদ আৰু নেলছন মেণ্ডেলাৰ আদৰ্শক প্ৰচাৰ কৰা হয়৷ বিচাৰকৰ আসন শুৱনি কৰা বিশিষ্ট আইনজ্ঞ কে.জি.

হালনাগাদ: ২১ জুলাই ২০২৫ ২০০ শব্দ · ১ মিনিট সংগৃহীত ৩৮
সংশোধনৰ পৰামৰ্শ

গান্ধী মেণ্ডেলা পুৰস্কাৰ (Gandhi Mandela Awards) হৈছে এটা অতি সন্মানীয় আন্তৰ্জাতিক পুৰস্কাৰ৷ এই পুৰস্কাৰৰ জৰিয়তে গান্ধীবাদ আৰু নেলছন মেণ্ডেলাৰ আদৰ্শক প্ৰচাৰ কৰা হয়৷১ বিচাৰকৰ আসন শুৱনি কৰা বিশিষ্ট আইনজ্ঞ কে.জি. বালকৃষ্ণণ, ন্যায়াধীশ দীপক মিশ্ৰ, কেদাৰ নাথ উপাধ্যায়, এম ডি তফজ্জুল ইছলাম, জ্ঞান সুধা মিশ্ৰৰ দ্বাৰা বঁটাপ্ৰাপকৰ নাম নিৰ্বাচিত কৰা হয়৷ এই বঁটাটো ২০১৯ চনত প্ৰতিষ্ঠা কৰা হৈছিল৷ বঁটা প্ৰৱৰ্তন কৰিছিল "ইণ্টাৰএক্টিভ ফ'ৰাম অন ইণ্ডিয়ান ইক'ন'মি" আৰু "দ্য গান্ধী মেণ্ডেলা ফাউণ্ডেছনে"৷ ২ এই পুৰস্কাৰটো প্ৰতি বছৰে মুঠ সাতটা শিতানত প্ৰদান কৰা হয় আৰু সাধাৰণতে এছিয়া তথা আফ্ৰিকান দেশৰ ৰাষ্ট্ৰপতি, উপ-ৰাষ্ট্ৰপতি, প্ৰধান মন্ত্ৰী অথবা কোনো প্ৰখ্যাত আন্তৰ্জাতিক ব্যক্তিত্বই উক্ত পুৰস্কাৰ প্ৰদান কৰে৷ ৩৪

পুৰস্কাৰ প্ৰদান সমাৰোহ প্ৰতি বছৰৰ ১৮ জুলাই (নেলছন মেণ্ডেলাৰ জন্ম দিৱস) আৰু ২ অক্টোবৰ (মহাত্মা গান্ধীৰ জন্ম দিৱস)ত অনুষ্ঠিত হয়৷৫

মহাত্মা গান্ধী আৰু নেলছন মেণ্ডেলা আছিল কুৰি শতিকাত বৰ্ণবাদ আৰু ঔপনিৱেশিক শাসনৰ বিৰোধ কৰা দুগৰাকী স্মৰণীয় ব্যক্তি৷ দুয়োগৰাকীকেই দুয়োখন দেশত পিতৃৰূপে গণ্য কৰা হয়৷ ৬৭৮

বিচাৰক মণ্ডলী

  • ন্যায়াধীশ কে.জি বালকৃষ্ণণ (ভাৰতৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ আৰু NHRCৰ প্ৰাক্তন অধ্যক্ষ)
  • ন্যায়াধীশ দীপক মিশ্ৰ (ভাৰতৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ)
  • ন্যায়াধীশ কেদাৰ নাথ উপাধ্যায় (নেপালৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ আৰু NHRCনেপালৰ প্ৰাক্তন অধ্যক্ষ)
  • ন্যায়াধীশ এম ডি তফজ্জুল ইছলাম (নেপালৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ)
  • ন্যায়াধীশ জ্ঞান সুধা মিশ্ৰ (সৰ্বোচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ)

(NHRC-National Human Rights Commission of India, ভাৰতৰ ৰাষ্ট্ৰীয় মানৱাধিকাৰ আয়োগ)

তথ্যসূত্ৰ

  1. ↑ (31 October 2019). Gandhi Mandela Award 2019 will honour Heads of State and Government. Hindustan Times
  2. ↑ (25 October 2019). Gandhi Mandela Award 2019, an initiative to commemorate All Time World Pioneers. Business Standard India
  3. ↑ Corridors, Power. BRICS Chamber of Commerce to be a part of Gandhi Mandela Award 2019. www.powercorridors.in
  4. ↑ Gandhi Mandela Award 2019, an initiative to commemorate All Time World Pioneers. www.aninews.in
  5. ↑ Gandhi Mandela Award 2019, an initiative to commemorate All Time World Pioneers. News18
  6. ↑ टाइम्स, पंचायती. गाँधी-मंडेला अवार्ड्स 2019 में ब्रिक्स चैंबर ऑफ कॉमर्स भी सम्मिलित होगा. www.panchayatitimes.com
  7. ↑ Corridors, Power. Gandhi Mandela Award for excellence. www.powercorridors.in
  8. ↑ Gandhi Mandela Award 2019, an initiative to commemorate All Time World Pioneers. News18

সম্পৰ্কিত শ্ৰেণী

আন্তঃৰাষ্ট্ৰীয় বঁটাসমূহ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গান্ধী মেণ্ডেলা পুৰস্কাৰ” প্ৰবন্ধৰ সংশোধন ৫২৫৭২৪ (২১ জুলাই ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।