কাকী ঠাইচুপৰীয়া শাখা সাহিত্য সভা অসম সাহিত্য সভাৰ অন্তৰ্গত এটা উল্লেখযোগ্য শাখা। কাকী ঠাইচুপৰীয়া শাখা সাহিত্য সভাৰ প্ৰতিষ্ঠা হয় ২০০৩ চনত।১
ইতিবৃত্ত
অসমীয়া ভাষা-সংস্কৃতিৰ বিকাশ আৰু প্ৰসাৰৰ লগতে অবিভক্ত নগাঁও জিলাৰ কাকী অঞ্চলত সাহিত্য-সংস্কৃতি চৰ্চাৰ এক আনুষ্ঠানিক মঞ্চ গঠনৰ উদ্দেশ্যে ২০০৩ চনত নগাঁও জিলা সাহিত্য সভাৰ সৈতে আলোচনা কৰি কাকীত নতুনকৈ এই শাখাটো গঠন কৰা হয়। অৱশ্যে ২০০৪ চনৰ এপ্ৰিল মাহত অসম সাহিত্য সভাই এই শাখাটোক অসম সাহিত্য সভাৰ শাখা হিচাপে স্বীকৃতি-পত্ৰ প্ৰদান কৰে। কাকী ঠাইচুপৰীয়া শাখা সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সভাপতি আছিল প্ৰয়াত শিৱ প্ৰসাদ বৰা। প্ৰতিষ্ঠাপক সম্পাদক আছিল ৰাহুল বৰা, লগতে সহ-সম্পাদক আছিল গল্পকাৰ সিদ্ধাৰ্থ শংকৰ বেজবৰুৱা।১ পূৰ্বতে শাখাটো নগাঁও জিলা সাহিত্য সভাৰ অন্তৰ্গত আছিল যদিও হোজাই জিলা সাহিত্য সভা গঠনৰ পিছত ই হোজাই জিলা সাহিত্য সভাৰ অন্তৰ্গত হয়। কাকী ঠাইচুপৰীয়া শাখা সাহিত্য সভাৰ বৰ্তমানৰ সভাপতি টংকেশ্বৰ নাথ আৰু সম্পাদক খলিলুৰ ৰহমান। কাকী ঠাইচুপৰীয়া শাখা সাহিত্য সভাৰ বহুতো সদস্যই অসম সাহিত্য সভাৰ কেন্দ্ৰীয় সমিতি তথা বিভিন্ন উপসমিতিৰ বিষয়ববীয়া হিচাপে দায়িত্ব পালন কৰি আহিছে। লগতে বিভিন্ন সময়ত শাখাৰ সদস্যসকলে বিভিন্ন বিষয়ক গ্ৰন্থও প্ৰকাশ কৰিছে।
স্বীকৃতি
অসম সাহিত্য সভাৰ ২০২৩-২০২৫ বৰ্ষৰ ২০২৪ চনৰ ২৬ জুন তাৰিখে অনুষ্ঠিত কাৰ্যনিৰ্বাহক সমিতিৰ পঞ্চম পূৰ্ণাংগ অধিৱেশনত কাকী ঠাইচুপৰীয়া শাখা সাহিত্য সভাক ‘স্বৰ্ণ শাখা সাহিত্য সভা’ৰ স্বীকৃতি প্ৰদান কৰা হয়।

২০২৬ চনৰ ২ আগষ্ট তাৰিখে কাকীত অনুষ্ঠিত অসম সাহিত্য সভাৰ ২০২৫-২৭ কাৰ্যবৰ্ষৰ ষষ্ঠ কেন্দ্ৰীয় আকাশ অনুষ্ঠান২ ত কাকী ঠাইচুপৰীয়া শাখা সাহিত্য সভাক আনুষ্ঠানিকভাবে ‘শতদল শাখা সাহিত্য সভাৰ’ৰ স্বীকৃতি পত্ৰ প্ৰদান কৰে অসম সাহিত্য সভাৰ সভাপতি ড° বসন্ত কুমাৰ গোস্বামী, উপসভাপতি পদুম ৰাজখোৱা আৰু প্ৰধান সম্পাদক দেৱজিৎ বৰাই। কাকী ঠাইচুপৰীয়া শাখা সাহিত্য সভাৰ সৈতে জন্মলগ্নৰে পৰা জড়িত ড° ইন্দ্ৰজিৎ বেজবৰুৱাক অসম সাহিত্য সভাৰ সপ্তসপ্ততিতম দ্বিবাৰ্ষিক পাঠশালা অধিৱেশন, বজালীত অসম সাহিত্য সভাৰ তৰফৰ পৰা ২০২৩-২৫ বৰ্ষৰ ‘জিলা সাহিত্য সভাৰ শ্ৰেষ্ঠ সভাপতি বঁটা’ প্ৰদান কৰা হৈছিল। তেখেতে হোজাই জিলা সাহিত্য সভাৰ সভাপতি হিচাপে সেই বঁটা লাভ কৰে।৩
কাকী ঠাইচুপৰীয়া শাখা সাহিত্য সভাৰ উল্লেখযোগ্য কাৰ্যসূচী আৰু অনুষ্ঠান
অসম সাহিত্য সভাৰ কাৰ্যসূচী অনুসৰি কাকী ঠাইচুপৰীয়া শাখা সাহিত্য সভাই প্ৰতি বছৰে বিষ্ণুপ্ৰসাদ ৰাভা দিৱস, শিল্পী দিৱস, শিশু দিৱস, বিশ্ব ধৰিত্ৰী দিৱস আদি অনুষ্ঠিত কৰি আহিছে।৪ শাখাই বিভিন্ন সময়ত সাহিত্য-সংস্কৃতিৰ সৈতে জড়িত বিভিন্ন কৰ্মশালাও অনুষ্ঠিত কৰি আহিছে।

প্ৰতি বছৰে পহিলা বহাগৰ দিনা ‘নিজৰ দিন’ উদযাপন কৰি অঞ্চলটোৰ জ্যেষ্ঠ ব্যক্তিসকলক সম্বৰ্দ্ধনা জনোৱা হয়।

২০১৫-১৬ চনত অসম সাহিত্য সভাৰ শতবৰ্ষৰ বিভিন্ন অনুষ্ঠান আৰু প্ৰতিযোগিতা শাখাৰ উদ্যোগত আয়োজিত হয়।

কাকী ঠাইচুপৰীয়া শাখা সাহিত্য সভাৰ উদ্যোগত ২০১৬ চনত প্ৰতি মাহৰ শেষৰটো দেওবাৰে মাহেকীয়া সাহিত্য পাঠৰ এটি অনুষ্ঠান আয়োজন কৰা হৈছিল।৫ কেইবাটাও বৈঠক অনুষ্ঠিত হোৱা সেই অনুষ্ঠানটো অৱশ্যে বৰ্তমান নিয়মীয়াকৈ অনুষ্ঠিত হৈ থকা নাই।

কাকী ঠাইচুপৰীয়া শাখাই অধিৱেশনসমূহ নিয়মীয়াকৈ অনুষ্ঠিত কৰি অহাৰ লগতে হোজাই জিলা সাহিত্য সভা, অসম সাহিত্য সভাৰ বিভিন্ন অনুষ্ঠানত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি আহিছে।
কাকী ঠাইচুপৰীয়া শাখা সাহিত্য সভাৰ উদ্যোগত অনুষ্ঠিত কেন্দ্ৰীয় অনুষ্ঠান

২ আগষ্ট, ২০২৬ তাৰিখে কাকীত অসম সাহিত্য সভাৰ উদ্যোগত হোজাই জিলা সাহিত্য সভাৰ সহযোগত কাকী ঠাইচুপৰীয়া শাখা সাহিত্য সভাৰ আতিথ্যত অসম সাহিত্য সভাৰ ২০২৫-২৭ কাৰ্যবৰ্ষৰ ষষ্ঠ কেন্দ্ৰীয় আকাশ অনুষ্ঠানটি অনুষ্ঠিত হয়।২ অনুষ্ঠানত মহিলাসকলৰ মাজত সদৌ অসম ভিত্তিক অসমীয়া ভাওনাৰ (ব্ৰজাৱলী আৰু মাতৃভাষা) বচন প্ৰক্ষেপণ প্ৰতিযোগিতা অনুষ্ঠিত হয়। প্ৰতিযোগিতাখনিৰ উদ্বোধন কৰে পদ্মশ্ৰী পখিলা লেকথেপীয়ে। অনুষ্ঠানৰ মুকলিসভাত অসম সাহিত্য সভাৰ সভাপতি, সম্পাদক প্ৰমুখ্যে বিভিন্ন বিষয়ববীয়া, হোজাই জিলা সমষ্টিৰ বিধায়ক, সাহিত্যিক, শিল্পী, সাংবাদিক, স্থানীয় ৰাইজ উপস্থিত থাকে। মুকলি সভাতে 'ব্যোম ঝংকাৰ' নামৰ স্মৃতিগ্ৰন্থ উন্মোচন কৰাৰ লগতে কেইবাখনো গ্ৰন্থও উন্মোচন কৰা হয়। সভাত ড° গীতাঞ্জলি নাথ, ড° মানসী ফুকন আৰু চাৰু দেৱীক ‘আকাশৰ চোতালত ধ্ৰুৱতৰাৰ সন্ধান বঁটা' প্ৰদান কৰা হয়।৬
শাখাৰ সৈতে জড়িত বিভিন্ন ব্যক্তিৰ প্ৰকাশিত গ্ৰন্থসমূহ
ড° ইন্দ্ৰজিৎ বেজবৰুৱা
- জাতীয় প্ৰশ্ন (প্ৰৱন্ধ সংকলন)
- সমন্বয় (সম্পাদনা)
- কাঁচি-জোনত কাঁইটৰ আঁচোৰ (কাহিনী)
- বা-মাৰলী (কাহিনী)
- ছোবিয়েট ইউনিয়নৰ কমিউনিষ্ট বলছেৱিক পাৰ্টিৰ ইতিহাস (অনুবাদ)
- স্বাধিকাৰ স্পৃহা: ডিমাচা জাতিসত্তাৰ আত্মপ্ৰতিষ্ঠাৰ সংগ্ৰাম (প্ৰৱন্ধ)
টংকেশ্বৰ নাথ
- এমুঠি কবিতা আৰু কবি (কবিতা সংকলন, সম্পাদনা)
- ডবাক (সম্পাদনা)
গোবিন লস্কৰ
- প্ৰকৃতি আৰু মানুহ (প্ৰৱন্ধ সংকলন)
- বিশ্ব শান্তিৰ আধাৰ (প্ৰৱন্ধ সংকলন)
- গো-মাতা (প্ৰৱন্ধ সংকলন)
- The Dream Land (Poetry)
- বৰদোৱা (কবিতা সংকলন)
- আদৰ্শ ছাত্ৰ জীৱন (প্ৰৱন্ধ সংকলন)
- The New World (Poetry)
সিদ্ধাৰ্থ শংকৰ বেজবৰুৱা
- বেদৰ্দী মালিতা (গল্প সংকলন, প্ৰকাশক: আঁক বাক)
- মৃত্যুস্মৰ (গল্প সংকলন, প্ৰকাশক: পাঞ্চজন্য)
- জুইফুল (গল্প সংকলন, প্ৰকাশক: শংকৰদেৱ প্ৰকাশন)
- সমাজসাৰথি (সম্পাদনা)
- হোজাইছা (সম্পাদনা)
- বোধিদ্ৰুম (সম্পাদনা)
- পথিকৃৎ (সম্পাদনা)
ৰঞ্জু শইকীয়া
- স্বপ্নিল আকাশ (কবিতা সংকলন)
- এটি গোল সেন্দুৰৰ ফোঁট (অণুগল্প সংকলন)
- নাচেনে মোৰ ছন্দত মনময়ূৰী? (অসমীয়া শ্বায়েৰী গ্ৰন্থ)
- কাল দংশন (উপন্যাস)
অচ্যুত ঠাকুৰীয়া
- সমন্বয়ৰ ৰূপকাৰ ভাৰতৰত্ন ড° ভূপেন হাজৰিকা (সম্পাদনা)
- ডিয়াৰ ডিমৰু (সম্পাদনা)
- প্ৰবাহ (সম্পাদনা)
- কিশলয়ান (সম্পাদনা)
- কৰ্মণ: প্ৰতিধ্বনি (সম্পাদনা)
- ভোগালীৰ ভোজমেল (সম্পাদনা)
খলিলুৰ ৰহমান
- স্মৃতিৰ আধালেখা দস্তাবেজ (প্ৰৱন্ধ সংকলন, প্ৰকাশক: হেজাই জিলা সাহিত্য সভা)
ৰূপা বৰা দাস
- এচেৰেঙা ৰ’দ (কবিতা সংকলন)
- জোনটি বুকুতে লৈ ফুৰিব পৰা হ'লে (কবিতা সংকলন)
অৰূপ চন্দ্ৰ দাস
- কাশী: প্ৰেম আৰু প্ৰাৰ্থনাৰ পৃথিৱী (ভ্ৰমণ কাহিনী, প্ৰকাশক - পূৰ্বায়ণ প্ৰকাশন)
পুষ্প বৰা
- সেউজীয়া শব্দৰ বাটেৰে (কবিতা সংকলন, সম্পাদিত)
- স্বৰ্ণাক্ষৰ (সম্পাদনা)
- মাধৱ দৰ্পণ (সম্পাদনা)
- মইনাপুৰ (সম্পাদনা)
- ভক্তি ত্ৰিবেণী (সম্পাদনা)
- প্ৰজ্ঞাশিখা (সম্পাদনা)
তিলক বৰা
- ৰাখে হৰি মাৰে কোনে (গল্প সংকলন)
- শঙ্কৰজ্যোতি (সম্পাদনা)
- কলিমল বিনাশন (সম্পাদনা)
- যুৱ সঞ্জীৱনী (সম্পাদনা)
- ভক্তি ত্ৰিবেণী (সম্পাদনা)
লগতে পঢ়ক
তথ্যসূত্ৰ
- ↑ খলিলুৰ ৰহমান. (জুলাই, ২০২৬). স্মৃতিৰ আধালেখা দস্তাবেজ. হোজাই জিলা সাহিত্য সভা
- ↑ (০৪ আগষ্ট, ২০২৬). কাকীত অসম সাহিত্য সভাৰ ষষ্ঠ কেন্দ্ৰীয় আকাশ অনুষ্ঠান. পৃ. ৮ম পৃষ্ঠা
- ↑ (০৩ ফেব্ৰুৱাৰী, ২০২৫). অসম সাহিত্য সভাৰ বিশেষ বঁটা ঘোষণা
- ↑ Khabor Hojai. হোজাই জিলাৰ কাকীত উদ্যাপন কৰা হয় বিষ্ণুপ্ৰসাদ ৰাভা দিৱস. Khabor Hojai
- ↑ (০২ মাৰ্চ, ২০২৬). কাকী ঠাইচুপৰীয়া শাখা সাহিত্য সভাৰ মাহেকীয়া সাহিত্য পাঠ অনুষ্ঠান. পৃ. ৮ম পৃষ্ঠা
- ↑ অসম প্ৰৱাহ Digital. হোজাই জিলাখনৰ কাকীত অসম সাহিত্য সভাৰ ষষ্ঠ কেন্দ্ৰীয় আকাশ অনুষ্ঠান সম্পন্ন।. অসম প্ৰৱাহ Digital
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কাকী ঠাইচুপৰীয়া শাখা সাহিত্য সভা” প্ৰবন্ধৰ সংশোধন ৬৩৮০২৩ (২৪ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।