অসম সাহিত্য সভাৰ প্ৰকাশনৰ আৰম্ভ কাম হয় ১৯২৭ খ্ৰীষ্টাব্দত। ইয়াৰ এবছৰৰ আগে আগে চন্দ্ৰধৰ বৰুৱাৰ সম্পাদনাত ‘অসম সাহিত্য সভা পত্ৰিকা’ তিনিমহীয়া আলোচনী হিচাপে প্ৰকাশিত হয়। সেই সময়ত সভাৰ আৰ্থিক স্বাবলম্বন নাছিল। সেয়ে, স্বাধীনতাৰ সময়লৈ অসম সাহিত্য সভাই মাথোঁ ছয়খনহে গ্ৰন্থ প্ৰকাশ কৰিবলৈ সক্ষম হৈছিল। সভাই মুখ্যতঃ অসমীয়াৰ উপৰি ইংৰাজী, হিন্দীকে ধৰি কেইবাটাও অসমৰ জনজাতীয় ভাষাত গ্ৰন্থ প্ৰকাশ কৰি অসমীয়া ভাষাৰ উৎকৰ্ষ সাধন কৰিছে আৰু বিভিন্ন জনজাতিৰ মাজৰ সংহতিৰ বান্ধ দৃঢ় কৰাৰ প্ৰয়াস কৰি আহিছে। সভাৰ তিনিখন গ্ৰন্থই বৰ্তমানলৈকে সাহিত্য অকাডেমি বঁটা পাবলৈ সক্ষম হৈছে।১
স্বাধীনতাৰ পূৰ্বৰ প্ৰকাশন
অসম সাহিত্য সভাৰ প্ৰথম প্ৰকাশিত গ্ৰন্থখন আছিল নীলকণ্ঠ দাস বিৰচিত শ্ৰীশ্ৰীদেৱ দামোদৰ চৰিত্ৰ। ২০১ পৃষ্ঠাৰ ১৪ অনা দামৰ গ্ৰন্থখন সম্পাদনা কৰিছিল শৰৎচন্দ্ৰ গোস্বামীয়ে। তাৰ পিছত শ্ৰী শ্ৰী বনমালীদেৱ চৰিত্ৰ, ব্ৰহ্মবৈৱৰ্ত্ত পুৰাণ, সাত্বত তন্ত্ৰ – এই তিনিখন গ্ৰন্থ প্ৰকাশ পায় ১৯৪৩ খ্ৰীষ্টাব্দৰ ভিতৰত। ১৯৩৩ চনত সভাই চন্দ্ৰকান্ত অভিধানখন প্ৰকাশ কৰি উলিয়ায়। ১৯২৪ খ্ৰীষ্টাব্দত এই অভিধান সংকলনৰ কাম আৰম্ভ কৰিছিল। ১০৪৪ পৃষ্ঠাৰ আৰু ৭ টকা দামৰ এই অভিধানত ৩৬,৮১৯টা সন্নিৱিষ্ট হৈছিল। ১৯৩৮ খ্ৰীষ্টাব্দত প্ৰকাশিত ২৪ পিঠীয়া এটকা দামৰ অসমীয়া বৈজ্ঞানিক পৰিভাষাখনো সভাৰ উল্লেখযোগ্য প্ৰকাশন। বিৰিঞ্চি কুমাৰ বৰুৱা সম্পাদিত এই সৰু কিতাপখনত পাটীগণিত, বীজগণিত, জ্যামিতি, জ্যোতিবিদ্যা, পদাৰ্থবিদ্যা আৰু ভূগোলৰ পৰিভাষা সন্নিৱিষ্ট কৰা হৈছিল।১
স্বাধীনতাৰ পৰৱৰ্তী কালৰ প্ৰকাশন
সাম্প্ৰতিক সময়লৈকে সভাৰ মুঠ প্ৰকাশৰ পৰিমাণ চাৰিশৰো অধিক। ইয়াৰ লগতে ধাৰাবাহিকভাৱে প্ৰকাশ পাই আহিছে অসম সাহিত্য সভা পত্ৰিকা। 'সভাই সৃষ্টিশীল সাহিত্য তুলনামূলক ভাৱে বহু কম প্ৰকাশ কৰিছে। সভাই সময়ৰ দাবীৰ প্ৰতি লক্ষ্য ৰাখিয়েই গ্ৰন্থ প্ৰকাশ কৰে। বিবিধ বিষয়ৰ গ্ৰন্থ প্ৰকাশৰ লগতে অসমৰ বিভিন্ন জনজাতীয় জীৱন আৰু ভাষা সংস্কৃতি বিষয়ক ভালেমান গ্ৰন্থ প্ৰকাশ কৰিছে। এনে শিতানৰ এখন প্ৰামাণ্য কিতাপ হৈছে ১৯৬২ খ্ৰীষ্টাব্দত প্ৰকাশিত অসমৰ জনজাতি। 'চাহ বাগিচাৰ জীৱন আৰু সংস্কৃতি সভাই কুৰিখনৰো অধিক কিতাপ প্ৰকাশ কৰিছে। ধ্বনি আৰু ৰসতত্ত্ব, অসমীয়া সংগীতৰ ঐতিহ্য, অসমৰ বাদ্যযন্ত্ৰ, অসমৰ বনৌষধি, অসমৰ ওজাপালি, গ্ৰীক দৰ্শনৰ চমু পৰিচয় আদি বিবিধ বিষয়ৰ অনেক কিতাপ সভাই প্ৰকাশ কৰিছে।১ বাঁহী প্ৰথম খণ্ড (একত্ৰ সংকলন), জোনাকী (একত্ৰ সংকলন) আৰু কৃষ্ণকান্ত সন্দিকৈ ৰচনা সম্ভাৰ সাহিত্য সভাৰ উল্লেখযোগ্য প্ৰকাশন। ১৯৭৭ খ্ৰীষ্টাব্দত প্ৰকাশিত অসমৰ লিপি সমস্যা এখন ঐতিহাসিকভাৱে গুৰুত্বপূৰ্ণ গ্ৰন্থ। Dr T P Varmaৰ Development of Script in Ancient Kamrup আৰু Dr Mahendra Boraৰ The Evolution of Assamese Script আদি অসমীয়া লিপি সম্পৰ্কে গুৰুত্বপূৰ্ণ গ্ৰন্থ প্ৰকাশ কৰিছে। ২০০১ খ্ৰীষ্টাব্দৰ পৰা এতিয়ালৈ সভাই বিশ্বকোষৰ ১০টা খণ্ড প্ৰকাশ কৰিছে। বিশ্বকোষ হৈছে সভাৰ এটি যুগমীয়া কীৰ্তি। ইয়াৰ উপৰিও সভাই পাঁচটা খণ্ডত শিশু জ্ঞানকোষ প্ৰকাশ কৰিছে।১
তথ্যসূত্ৰ
- ↑ ড॰ মুকুল হাজৰিকা. (৩০ জানুৱাৰী, ২০১১). অসম সাহিত্য সভাৰ প্ৰকাশন. দৈনিক জনমভূমিৰ দেওবৰীয়া আলোচনী বসুন্ধৰা. পৃ. ১১, ১২ পৃ্ষ্ঠা
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অসম সাহিত্য সভাৰ প্ৰকাশন” প্ৰবন্ধৰ সংশোধন ২৫৬৭৭৭ (২৯ ডিচেম্বৰ ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।