অসমৰ কিছুমান ঠাইত মাঘ বিহুৰ সময়ত খেল-ধেমালিৰ সময়ত পেঙলাখুটি খেল অনুস্থিত হয়। দুডাল নিফোঁপ বাঁহত ফুটা কৰি সৰু বাঁহৰ টুকুৰা ভৰাই ভৰিৰ বুঢ়া আৰু তৰ্জনী আঙুলিৰে চেপি ধৰা হয়।১ হাঁফলু, ঢাপ বা ওখ স্থানৰ পৰা পেঙত উঠি স্বাভাৱিক খোজকঢ়াৰ দৰে মানুহজন যাব পাৰে। এই খেলত যথেষ্ট অভ্যাসৰ লগতে অসীম ধৈৰ্য, সাহস আৰু বুদ্ধিমত্তাৰ প্ৰয়োজন।১
পুৰণি কালত ইয়াৰ ব্যৱহাৰ
ত্ৰয়োদশ শতিকাতে চাওলুং চুকাফাই ম্যুং-ডুন-চুন-খাম বা অসমলৈ প্ৰৱেশ কৰোঁতে পেঙলাখুটিৰ সহায়তে অনেক জান-জুৰি অতিক্ৰম কৰিছিল বুলি জনা যায়। চুকাফাৰ দিনতে বোলে এই পেঙৰ ব্যৱহাৰ অধিক হৈছিল। চুকাফাই পেঙৰ ব্যৱহাৰিক দিশটোতহে প্ৰাধান্য দিছিল।১
গ্ৰন্থপঞ্জী
- অসমীয়া লোকাচাৰ-বিশ্বাস-অবিশ্বাস: হেম বুঢ়াগোহাঞি
তথ্যসূত্ৰ
- ↑ জ্যোতিৰেখা তামূলী. (২০১৩). পেঙলাখুটি খেল. প্ৰান্তিক. পৃ. ৬
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পেঙলাখুটি খেল” প্ৰবন্ধৰ সংশোধন ১২৪৫৮৭ (৬ জুলাই ২০১৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।