অসমীয়া ভাষাৰ গীতিকাৰ
৪২ প্ৰবন্ধ
-
ময়ূখ হাজৰিকা
ময়ূখ হাজৰিকা (Mayukh Hazarika; জন্ম ১৩ জানুৱাৰী ১৯৭১) অসমৰ এজন গায়ক তথা গীতিকাৰ আৰু সুৰকাৰ। Mayukh Hazarika and the Brahmaputra Balladeers নামৰ বেণ্ডটোৰ তেওঁ মুখ্য শিল্পী। তেওঁ প্ৰখ্যাত অসমীয়া কণ্ঠশিল্পী যুটী জয়ন্ত হাজৰিকা আৰু মণীষা হাজৰিকাৰ পুত্ৰ আৰু ভূপেন হাজৰিকাৰ ভতিজা।
-
অনিল ৰায়চৌধুৰী
অনিল ৰায়চৌধুৰী (Anil Raichoudhury) এগৰাকী অসমীয়া সাহিত্যিক, সমাজবিজ্ঞানী, গীতিকাৰ, মুক্তিযোদ্ধা আৰু সাম্যবাদী আদৰ্শৰে উদ্বুদ্ধ প্ৰগতিশীল বুদ্ধিজীৱী। ১৯২৬ চনত বৰপেটাত জন্মলাভ কৰা ৰায়চৌধুৰীয়ে স্কুলীয়া দিনতে ভাৰতৰ স্বাধীনতা আন্দোলনত অংশ লৈছিল।
-
দশৰথ দাস
দশৰথ দাস (Dasarath Das; ১৯ নবেম্বৰ ১৯৪২-২১ অক্টোবৰ ২০২৩ অসমৰ ভ্ৰাম্যমান থিয়েটাৰৰ এজন সংগীত পৰিচালক আৰু কণ্ঠশিল্পী আছিল। তেওঁ দুখন অসমীয়া চলচ্চিত্ৰ সেন্দূৰ আৰু ৰেলৰ আলিৰ দুবৰী বনৰো সংগীত পৰিচালনা কৰিছে।
-
শংকুৰাজ কোঁৱৰ
শংকুৰাজ কোঁৱৰ (Shankuraj Konwar) এগৰাকী ভাৰতীয় গীতিকাৰ, সুৰকাৰ, সংগীত প্ৰযোজক, কণ্ঠশিল্পী আৰু ইউটিউবাৰ। তেওঁ অসমীয়া গীতৰ আধুনিক ইলেকট্ৰনিক সংগীতৰ ধাৰালৈ আগবঢ়োৱা অৱদানৰ বাবে জনাজাত। ২০১৯ চনত তেওঁ 'কি বেদনাতে' শীৰ্ষক গীতটি 'প্ৰজেক্ট বাৰ্তালাপ' নামৰ ইউটিউব চেনেলত মুকলি কৰে।
-
ইদ্ৰিছ আলি
ইদ্ৰিছ আলি (; জন্ম: ১৯৪১ ) অসমৰ এগৰাকী সাহিত্যিক আৰু প্ৰসিদ্ধ গীতিকাৰ। তফজ্জুল আলিৰ প্ৰেৰণাৰে তেওঁ সাহিত্য আৰু সংগীত জগতত প্ৰৱেশ কৰিছিল যদিও ঘাইকৈ তেওঁ গীতিকাৰ ৰূপে পৰিচিত।চাকৰিসূত্ৰে তেওঁ এগৰাকী অধ্যাপক আছিল।
-
কমল হাজৰিকা
কমল হাজৰিকা (Kamal Hazarika) বিশিষ্ট গীতিকাৰ, সুৰকাৰ, কণ্ঠশিল্পী আছিল। তেওঁৰ অন্যতম অমৰ সৃষ্টি হিচাপে পৰিগণিত হোৱা ‘চেনাই মই যাওঁ দেই’ গীতটোত কণ্ঠশিল্পী দীপালি বৰঠাকুৰে কণ্ঠদান কৰিছিল।
-
গীতা হাতীকাকতি
গীতা হাতীকাকতি ( Gita Hatikakoti) এগৰাকী অসমীয়া গীতিকাৰ, কবি আৰু সাহিত্যিক আছিল। তেখেত আকাশবাণীৰ স্বীকৃতিপ্ৰাপ্ত গীতিকাৰ আছিল।
-
মন্মথ বৈশ্য
মন্মথ বৈশ্য অসমৰ এগৰাকী গীতিকাৰ, সুৰকাৰ, সংগীত পৰিচালক, শিক্ষাবিদ। অসমীয়া লোকসংগীতৰ জগতখনলৈ, বিশেষকৈ কামৰূপী লোকগীতৰ উন্নতিৰ হকে তেওঁ অহোপুৰুষাৰ্থ কৰিছিল।
-
সোমনাথ বড়া
সোমনাথ বড়া একাধাৰে গীতিকাৰ, সুৰকাৰ, ঢোলবাদক, সংগীত পৰিচালক৷ অসমীয়া সংগীতৰ কেছেটৰ যুগটোৰ শিল্পী সকলৰ ভিতৰত সোমনাথ বড়াৰ নাম উল্লেখযোগ্য৷ বিহুগীত, টোকাৰী গীত আৰু বিশেষকৈ ঢোল বাদনৰ ক্ষেত্ৰখনত তেওঁ খ্যাতি অৰ্জন কৰিছে৷ ঢোল বাদ্যক বিশ্বৰ আগত প্ৰতিষ্ঠা কৰি দিয়াত বড়াৰ অৱদান আছে৷ বৰ্তমান তেওঁ বিহু নাচ…
-
ৰঞ্জন বেজবৰুৱা
ৰঞ্জন বেজবৰুৱা (Ranjan Bezbaruah) অসমৰ এগৰাকী শিল্পী, গীতিকাৰ, অনুবাদক, শিক্ষক, প্ৰবন্ধকাৰ। ২০১৪ চনৰ ৫ নৱেম্বৰত 'সুধাকণ্ঠ ড॰ ভূপেন হাজৰিকা সোঁৱৰণী সমন্বয়' বঁটা লাভ কৰা উপৰিও এটি আন্তঃৰাষ্ট্ৰীয় অনুষ্ঠানৰ তৰফৰ পৰা ২০২০ চনত 'ৰাষ্ট্ৰীয় সংস্কৃত গীতিকবি' সন্মান লাভ কৰে।
-
দ্বিজেন্দ্ৰমোহন শৰ্মা
দ্বিজেন্দ্ৰমোহন শৰ্মা ( ইংৰাজী: Dwijendra Mohan Sharma জন্ম: ১০ অক্টোবৰ, ১৯৪৮ - মৃত্যু: ৬ মে' ২০০৬) হৈছে অসমীয়া আধুনিক গীতৰ এগৰাকী অতি জনপ্ৰিয় গীতিকাৰ।
-
প্ৰদীপ দহোতীয়া
প্ৰদীপ দহোতীয়া (Pradip Dohutia) হ'ল অসমৰ এগৰাকী গীতিকাৰ, সুৰকাৰ,কণ্ঠশিল্পী,সংগীত পৰিচালক আৰু শাস্ত্ৰীয় সংগীতৰ প্ৰশিক্ষক। লগতে এগৰাকী ভাল বাদ্যশিল্পী তথা গীটাৰ বাদক। সংগীতৰ ক্ষেত্ৰত থকা বিশেষ অৱদানৰ বাবে অসম চৰকাৰৰ সাংস্কৃতিক বিভাগৰ ফালৰ পৰা ২০২৪-২৫ বৰ্ষত নিয়মীয়া শিল্পী পেন্সন লাভ কৰে।