অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

হেমকোষৰ ব্ৰেইল সংস্কৰণ

হেমকোষৰ ব্ৰেইল সংস্কৰণ (Braille version of Hemkosh) দৃষ্টিহীনসকলৰ বাবে ব্ৰেইল লিপিৰে প্ৰকাশ কৰি উলিওৱা এখন অসমীয়া অভিধান। ১৯১৯ চনত অসমীয়া ভাষাত এখন পূৰ্ণাংগ অভিধান প্ৰকাশ হৈছিল, নাম আছিল হেমকোষ। হেমকোষৰ প্ৰণেতা আছিল হেমচন্দ্ৰ বৰুৱা।

হালনাগাদ: ২৬ এপ্ৰিল ২০২৩ ১৫৩ শব্দ · ১ মিনিট সংগৃহীত ৭১
সংশোধনৰ পৰামৰ্শ

হেমকোষৰ ব্ৰেইল সংস্কৰণ (Braille version of Hemkosh) দৃষ্টিহীনসকলৰ বাবে ব্ৰেইল লিপিৰে প্ৰকাশ কৰি উলিওৱা এখন অসমীয়া অভিধান। ১৯১৯ চনত অসমীয়া ভাষাত এখন পূৰ্ণাংগ অভিধান প্ৰকাশ হৈছিল, নাম আছিল হেমকোষ। হেমকোষৰ প্ৰণেতা আছিল হেমচন্দ্ৰ বৰুৱা। তেওঁৰ মৃত্যুৰ পিছত প্ৰকাশিত অভিধানখনৰ নাম তেওঁৰ নামেৰেই হেমকোষ ৰখা হয়। তেতিয়াৰে পৰা এতিয়ালৈ হেমকোষৰ পোন্ধৰটা সংস্কৰণ প্ৰকাশ হৈছে। ২০২২ চনত হেমকোষৰ ব্ৰেইল সংস্কৰণ প্ৰকাশ কৰা হয়। দৃষ্টিহীন লোকৰ বাবে সহজে ব্যৱহাৰ কৰিব পৰাকৈ প্ৰস্তুত কৰা “হেমকোষৰ ব্ৰেইল সংস্কৰণ”ৰ আগতে, অক্সফৰ্ড ইংৰাজী অভিধানৰ বাহিৰে কোনো ভাৰতীয় ভাষাত দৃষ্টিহীনসকলৰ বাবে পূৰ্ণাংগ অভিধান প্ৰকাশ হোৱা নাছিল।১ দ্বিভাষিক ৰূপত ব্ৰেইল সংস্কৰণ দক্ষিণ-পূব এছিয়াত এইখনেই প্ৰথম বুলি উন্মোচনী সভাত কোৱা হৈছিল আৰু অক্সফোৰ্ডৰ পিছতে ই দ্বিতীয়খন ব্ৰেইল অভিধান।২ হেমকোষৰ ব্ৰেইল সংস্কৰণত ১২০০ৰো অধিক পৃষ্ঠা আৰু এক লাখৰো অধিক শব্দ সংযোজন কৰা হৈছে। লুইচ ব্ৰেইলে ১৮২১ চনত উদ্ভাৱন কৰা ব্ৰেইল লিপিৰে অসম ৰাজ্যিক সমাজ কল্যাণ বিভাগৰ ব্ৰেইল ছপাশালত কেইবাগৰাকী ব্যক্তিৰ সহযোগ আৰু জয়ন্ত বৰুৱাৰ উদ্যোগত হেমকোষৰ ‘চতুৰ্দশ ডট ব্ৰেইল’ সংস্কৰণটো ছপা কৰি উলিওৱা হয়।১

হেমকোষৰ ব্ৰেইল সংস্কৰণে ২০২৩ চনত গীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছত স্থান লাভ কৰে।৩

তথ্যসূত্ৰ

  1. ↑ (১৭ ছেপ্তেম্বৰ, ২০২২). হেমকোষৰ অভিনৱ ব্ৰেইল সংস্কৰণ উন্মোচন. অসমীয়া প্ৰতিদিন
  2. ↑ গোস্বামী, ড° বসন্ত কুমাৰ. (১২ অক্টোবৰ, ২০২২). হেমকোষৰ ব্ৰেইল সংস্কৰণ জাতীয় গৰিমাৰ প্ৰতীক. অসমীয় প্ৰতিদিন
  3. ↑ Sumir Karmakar. (25 April 2023). Largest Braille dictionary published in Assam enters Guinness Book of World Records. deccanherald.com

সম্পৰ্কিত শ্ৰেণী

অভিধান

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হেমকোষৰ ব্ৰেইল সংস্কৰণ” প্ৰবন্ধৰ সংশোধন ৩৫৫৭৮৫ (২৬ এপ্ৰিল ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।