অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ইতিহাসৰ আজিৰ দিনত

২০ আগষ্ট

ঘটনাৱলী

  • ১৮২৮কলিকতাত ব্ৰাহ্ম সমাজ প্ৰতিষ্ঠা হয়।
  • ১৮৯৭ইংৰাজ বিজ্ঞানী ছাৰ ৰনাল্ড ৰছে মেলেৰিয়া ৰোগৰ বীজাণু যে মহৰ দ্বাৰা সংক্ৰমিত হয় সেই কথা আৱিষ্কাৰ কৰে।
  • ১৯২১কেৰেলাত ইংৰাজৰ বিৰুদ্ধে মালাবাৰ বিদ্ৰোহ (মোপলাহ হিংসা)আৰম্ভ হয়।
  • ১৯৭৪ফখৰুদ্দিন আলি আহমেদ ভাৰতৰ সৰ্বোচ্চ পদবী ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হয়।
  • ১৯৯১এষ্টোনিয়াই পূৰ্ণ স্বাধীনতা লাভ কৰে।
  • ১৯৯৫ফিৰোজাবাদত পুৰুষোত্তম এক্সপ্ৰেছ আৰু কালিন্দী এক্সপ্ৰেছৰ মাজত ৰে'ল দূৰ্ঘটনা হৈ ৩৫৮ জন লোক নিহত হৈছিল।
  • ২০১৩উত্তৰ-পূৱ ভাৰতৰ প্ৰথমটো ভ্ৰাম্যমাণ ছবি ঘৰ আইদেউ টকীজ আইদেউ সন্দিকৈৰ স্মৃতিত স্থাপন কৰা হয়।

জন্ম

  • ১৯০১কোৱাশ্বিমোডো, ইটালীৰ সাহিত্যক। ১৯৫৯ চনত তেওঁ সাহিত্যৰ নোবেল বঁটা লাভ কৰিছিল।
  • ১৯৩৪ভৱপ্ৰসাদ চলিহা, গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰাক্তন মুৰব্বী অধ্যাপক, শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ প্ৰাক্তন উপ-পদাধিকাৰ।
  • ১৯৪১উমা চক্ৰৱৰ্তী, ভাৰতীয় ইতিহাসবিদ আৰু চলচ্চিত্ৰ-নিৰ্মাতা৷
  • ১৯৪৩প্ৰফুল্ল চন্দ্ৰ বৰা, অসমীয়া ঔপন্যাসিক আৰু জীৱনীকাৰ।
  • ১৯৪৪ৰাজীৱ গান্ধী, ভাৰতৰ প্ৰাক্তন প্ৰধান মন্ত্ৰী।
  • ১৯৪৬অপৰ্ণা মহন্ত, অসমৰ নাৰীবাদী সাহিত্যিক, শিক্ষাবিদ আৰু গৱেষক৷
  • ১৯৪৬এন আৰ নাৰায়ণ মূৰ্তি, ব্যৱসায়ী, ইনফ'চিছ (Infosys)ৰ প্ৰতিষ্ঠাপক।
  • ১৯৭৬ৰণদীপ হুদা, বলীউডৰ অভিনেতা।
  • ১৯৮৬টানিয়া শচদেৱ, ভাৰতীয় মহিলা দবা খেলুৱৈ।
  • ১৯৯২ডেমি ল'ভাট', আমেৰিকাৰ জনপ্ৰিয় গায়িকা আৰু হলীউডৰ অভিনেত্ৰী।

মৃত্যু

  • ১৮৫৪ফ্ৰেইড্ৰিক ৱিলহেম্ জোছেফ স্কেলিং, জাৰ্মান দাৰ্শনিক।
  • ১৯১৫কাৰ্লোছ ফিনলেই, কিউবাৰ মহামাৰী বিশেষজ্ঞ আৰু বিজ্ঞানী, পীত জ্বৰৰ (Yellow Fever) গৱেষণাৰ বাবে বিখ্যাত।
  • ১৯১৫প'ল এৰ্লিক (ইংঃ Paul Ehrlich), নোবেল বিজয়ী জাৰ্মান চিকিৎসা বিজ্ঞানী।
  • ১৯১৭এডল্ফ ভন বেইয়াৰ (ইংঃ Adolf von Baeyer), নোবেল বিজয়ী জাৰ্মান ৰসায়ন বিজ্ঞানী।
  • ১৯৭৪মাগদা চোনজা, অষ্ট্ৰিয়ান অভিনেত্ৰী, মাতা হাৰি বোলছবিৰ বাবে বিখ্যাত।
  • ১৯৯১গোপীনাথ মহান্তি, জ্ঞানপীঠ আৰু পদ্মবিভূষণ বঁটা বিজয়ী ওড়িয়া সাহিত্যক। (মৃত্যু: ২০ এপ্ৰিল, ১৯১৪)
  • ২০০১ফ্ৰেড হ'য়ল, জ্যোতিৰ্বিজ্ঞানী।
  • ২০১৭জেৰী লুইছ, ইডিয়ট হিচাপে খ্যাত হলীউডৰ কৌতুক অভিনেতা।

উৎস: অসমীয়া ৱিকিপিডিয়াৰ দিনপঞ্জী পৃষ্ঠা (CC BY-SA)। দিনটোৰ সম্পূৰ্ণ প্ৰবন্ধ