প্ৰসিদ্ধ ওড়িআ সাহিত্যিক। গোপীনাথ মহান্তিৰ জন্ম ১৯১৪ চনৰ ২০ এপ্ৰিল তাৰিখে ওড়িশাৰ নাগবালি গ্ৰামত। পিতৃৰ নাম সূৰ্য্যমণি মহান্তি আৰু মাতৃৰ নাম দূৰ্গাদেৱী ৷ ইংৰাজী সাহিত্যত স্নাতকোত্তৰ ডিগ্ৰী লাভ ৷ ১৯৭৪ চনত জ্ঞানপীঠ বঁটা লাভ কৰে ৷ ১৯৯১ চনৰ ২০ আগষ্ট তাৰিখে মৃত্যু হয় ৷
তেখেতৰ প্ৰসিদ্ধ গ্ৰন্থসমূহ হ’ল —
উপন্যাস: মন গহীনৰ চাষ
অমৃতৰ সন্তান
পৰজা
লয় বিলয়
দাদি বুঢ়া
হৰিজন
মাটিমটাল
দিগ দিহুড়ি
গল্প সংকলন: ঘাস ফুল
ৰণধন্দোল
নববধূ
কাব্য: যুদ্ধ
পুৰস্কাৰ: ১৯৫৫ চনত 'অমৃতৰ সন্তান' উপন্যাসৰ বাবে কেন্দ্ৰীয় সাহিত্য অকাদেমি পুৰস্কাৰ লাভ কৰে ৷
১৯৭০ চনত ছোভিয়েট দেশ নেহৰু সন্মান লাভ কৰে ৷
১৯৭৪ চনত 'মাটিমটাল' উপন্যাসৰ বাবে ভাৰতীয় জ্ঞানপীঠ বঁটা লাভ কৰে
১৯৮১ চনত পদ্মভূষণ সন্মান লাভ কৰেে ৷
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গোপীনাথ মহান্তি” প্ৰবন্ধৰ সংশোধন ৫০৭৩৪৯ (১০ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।