অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ইতিহাসৰ আজিৰ দিনত

২ জুন

ঘটনাৱলী

  • ১৭৮০লণ্ডনত কেথলিক বিৰোধী বিক্ষোভকাৰীয়ে সংসদত আক্ৰমণ চলায়।
  • ১৮৫১আমেৰিকাত প্ৰথমবাৰৰ বাবে মেইন প্ৰভিন্সত মদ্যপান নিষেধাজ্ঞা আইন কাৰ্যকৰী কৰা হয়।
  • ১৮৯৭গুগ্লিয়েলমো মাৰ্ক’নিয়ে ১৮৯৬ চনত তেওঁৰ নামত ৰেডিঅ’টোৰ পেটেণ্টৰ বাবে আবেদন কৰে, যিটো পিছলৈ গ্ৰহণ কৰা হয়।
  • ১৯৪৭লৰ্ড লুই মাউণ্টবেটেনে ১৯৪৭ চনত ভাৰত বিভাজনৰ কথা ঘোষণা কৰে।
  • ১৯৫৩ৰাণী দ্বিতীয় এলিজাবেথ ব্ৰিটিছ সিংহাসনত মুকুট পিন্ধোৱা হয়।
  • ১৯৬৬আমেৰিকাই প্ৰথম প্ৰচেষ্টাত চন্দ্ৰত এখন মহাকাশযান অৱতৰণ কৰে।
  • ১৯৭৯পোপ দ্বিতীয় জন পল, মাতৃভূমি পোলেণ্ড ভ্ৰমণ আৰম্ভ কৰে; তেওঁ হৈছে কোনো কমিউনিষ্ট দেশ ভ্ৰমণকাৰী প্ৰথম পোপ।
  • ১৯৯৬ইউক্ৰেইনৰ শেষৰটো পাৰমাণৱিক ৱাৰহেড ৰাছিয়াক গতাই দি পাৰমাণৱিকমুক্ত দেশত পৰিণত হয়।
  • ১৯৯৯ভুটান ব্ৰডকাষ্টিং ছাৰ্ভিছ প্ৰথমবাৰৰ বাবে দেশত টেলিভিছন সম্প্ৰচাৰ আৰম্ভ কৰে।
  • ২০০৩ইউৰোপে প্ৰথমবাৰৰ বাবে মংগল গ্ৰহলৈ যাত্ৰা আৰম্ভ কৰে। ইউৰোপীয় মহাকাশ সংস্থাৰ মংগল এক্সপ্ৰেছ প্ৰ’ব কাজাখস্তানৰ বৈকানুৰ মহাকাশ কেন্দ্ৰৰ পৰা উৎক্ষেপণ কৰা হয়।
  • ২০০৪অষ্ট্ৰেলিয়াৰ মডেল জেনিফাৰ হকিন্স মিছ ইউনিভাৰ্ছ হয়।
  • ২০০৬আমেৰিকাই ডাউদ ইব্ৰাহিম আৰু তেওঁৰ সংগঠনৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰে।
  • ২০১১ইউৰোপত ২০ জনতকৈ অধিক লোকৰ মৃত্যু হয় আৰু ১৬০০ৰো অধিক লোক ই-কলাই বেক্টেৰিয়াৰ সংক্ৰমণত অসুস্থ হৈ পৰে।
  • ২০১১ভাৰত চৰকাৰে ২০১১ চনত ৰাজীৱ গান্ধী আৱাস যোজনাৰ প্ৰথম পৰ্যায়ত অনুমোদন জনায় যাতে নগৰীয়া অঞ্চলসমূহক বস্তিৰ পৰা মুক্ত কৰি দৰিদ্ৰ লোকসকলক ঘৰৰ সপোন পূৰণ কৰাত সহায় কৰে।
  • ২০১৪তেলেংগানা ভাৰতৰ ২৯ সংখ্যক ৰাজ্য হিচাপে পৰিগণিত হয়।

জন্ম

  • ১৫৩৫পোপ একাদশ লিও (মৃত্যু: ১৬০৫)।
  • ১৭৩১মাৰ্থা ৱাচিংটন, আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰথম ফাৰ্ষ্ট লেডি (মৃ. ১৮০২)
  • ১৮৪০টমাছ হাৰ্ডি, ইংৰাজ ঔপন্যাসিক, কবি আৰু নাট্যকাৰ।
  • ১৮৫৭এডলফ জিলেৰুপ, ডেনমাৰ্কৰ এজন লেখক আৰু নোবেল বঁটা বিজয়ী কাৰ্ল।
  • ১৮৬৫জৰ্জ লোহমেন, ইংৰাজ ক্ৰিকেটাৰ। (মৃ. ১৯০১)
  • ১৮৭৪কৰুণাভিৰাম বৰুৱা, অসমীয়া সাহিত্যিক।
  • ১৮৯৪কমলানন্দ ভট্টাচাৰ্য্য, অসমীয়া নাট্যকাৰ, অভিনেতা, কবি, গীতিকাৰ আৰু শিক্ষাবিদ।
  • ১৯১০বাবুলাল গৌৰ যাদৱ, ভাৰতীয় জনতা পাৰ্টিৰ এজন ৰাজনীতিবিদ যিয়ে মধ্যপ্ৰদেশৰ ১৬ সংখ্যক মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
  • ১৯১৮ভৱানন্দ দত্ত, গৱেষক, প্ৰৱক্তা আৰু সাহিত্য সমালোচক। (মৃত্যু: ১৯৫৯)
  • ১৯২৩লয়ড শ্বেপলী, আমেৰিকান গণিতজ্ঞ, অৰ্থনীতিবিদ, নোবেল বঁটা বিজয়ী।
  • ১৯৪৬লাছে হালস্ত্ৰোম, ছুয়েডীয় চলচ্চিত্ৰ পৰিচালক।
  • ১৯৫৬মণি ৰত্নম, ভাৰতীয় চলচ্চিত্ৰ পৰিচালক, প্ৰযোজক আৰু চিত্ৰনাট্যকাৰ।
  • ১৯৬৫মাৰ্ক ৱাহ, অষ্ট্ৰেলিয়ান ক্ৰিকেটাৰ।
  • ১৯৮০ডোলা বেনাৰ্জী, ভাৰতৰ প্ৰথমগৰাকী মহিলা ধনুৰ্বিদ যিয়ে অলিম্পিকৰ বাবে যোগ্যতা অৰ্জন কৰে।
  • ১৯৮৭এঞ্জেলো মেথিউছ, শ্ৰীলংকান আন্তৰ্জাতিক ক্ৰিকেটাৰ।
  • ১৯৮৭সোনাক্ষী সিন্‌হা, ভাৰতীয় বলিউড অভিনেত্ৰী।
  • ১৯৮৯ললিতা বাবৰ, ভাৰতীয় দীৰ্ঘ দূৰত্ব দৌৰবিদ।

মৃত্যু

  • ১৯৭৫দেবেন্দ্ৰ মোহন বসু, ভাৰতীয় পদাৰ্থবিজ্ঞানী। (জ. ১৮৮৫)
  • ১৯৭৭ষ্টিভেন বয়েড, উত্তৰ আয়াৰলেণ্ডৰ অভিনেতা। (জ. ১৯৩১)
  • ১৯৮৮ৰাজ কাপুৰ, ভাৰতীয় চলচ্চিত্ৰ নিৰ্মাতা আৰু অভিনেতা। (জ. ১৯২৪)
  • ১৯৯০পণ্ডিত শ্ৰীৰাম শৰ্মা আচাৰ্য, সৰ্ববিশ্ব গায়ত্ৰী পৰিয়াল প্ৰতিষ্ঠা কৰা ভাৰতৰ এজন যুগ যুগীয় ঋষি। সমাজৰ উন্নতি আৰু সংস্কৃতি আৰু চৰিত্ৰ উত্থানৰ বাবে তেওঁ নিজৰ জীৱন উৎসৰ্গা কৰিছিল।
  • ১৯৯০ৰেক্স হাৰিছন, ইংৰাজ অভিনেতা। (জ. ১৯০৮)
  • ১৯৯১বিভা চৌধুৰী, ভাৰতীয় পদাৰ্থ বিজ্ঞানী।
  • ২০০৪শ্ৰীকান্ত জিচকাৰ, ভাৰতীয় শিক্ষাবিদ।
  • ২০১৫বিজয়া ৰায়, সত্যজিৎ ৰায়ৰ স্ত্ৰী। (জ. ১৯১৭)
  • ২০১৫এজন বিশিষ্ট জৈৱ ৰসায়নবিদ, নোবেল বঁটা বিজয়ী ইৰউইন ৰোজৰ মৃত্যু।

উৎস: অসমীয়া ৱিকিপিডিয়াৰ দিনপঞ্জী পৃষ্ঠা (CC BY-SA)। দিনটোৰ সম্পূৰ্ণ প্ৰবন্ধ