বিভা চৌধুৰী (১৯১৩ - ২ জুন ১৯৯১১) এগৰাকী ভাৰতীয় পদাৰ্থ বিজ্ঞানী। তেওঁ মূলতঃ কণা পদাৰ্থ বিজ্ঞান আৰু মহাজাগতিক ৰশ্মিৰ ওপৰত গৱেষণা চলাইছিল। আন্তৰ্জাতিক জ্যোৰ্তিবিজ্ঞান সংঘয়ে ২০১৯ চনত ইকুয়েটৰ তাৰকামণ্ডলৰ দক্ষিণত অৱস্থিত চেক্সটান তাৰকামণ্ডলৰ এটা তৰা এইছডি ৮৬০৮১ৰ নাম সলনি কৰি তেওঁৰ নামত নতুনকৈ নামাকৰণ কৰে।
প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা
১৯১৩ চনত ব্ৰিটিছ ভাৰতৰ কলিকতাত বিভা চৌধুৰীৰ জন্ম হৈছিল।২ তেওঁৰ পিতৃ বেণু বিহাৰী চৌধুৰী এগৰাকী চিকিৎসক আছিল।৩ তেওঁৰ পেহী নিৰ্মলা দেৱীয়ে ছাৰ নীলৰতন চিৰকাৰৰ লগত বিয়া হৈছিল।৩ বিভা চৌধুৰীৰ মাতৃৰ পৰিয়াল ব্ৰহ্ম সমাজৰ সক্ৰিয় কৰ্মী আছিল। তেওঁৰ ভনীয়েক ৰমা চৌধুৰী ব্ৰহ্ম বালিকা শিক্ষালয়ৰ শিক্ষয়িত্ৰী আছিল।
বিভায়ে কলিকতা বিশ্ববিদ্যালয়ৰ ৰাজাবাজাৰ বিজ্ঞান মহাবিদ্যালয়ত পদাৰ্থ বিজ্ঞান অধ্যয়ন কৰিছিল। ১৯৩৬ চনত তেওঁ কলিকতা বিশ্ববিদ্যালয়ৰ পৰা বিজ্ঞানৰ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে আৰু সেই বছৰ বিজ্ঞানৰ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা বিভা একমাত্ৰ মহিলা আছিল। তাৰপিছত তেওঁ বসু প্ৰতিষ্ঠানত যোগদান কৰে আৰু দেৱেন্দ্ৰ মোহন বসুৰ তত্বাৱধানত কাম কৰাৰ সুযোগ পায়।২ তেওঁলোকৰ যুটীয়ে বছন কণা আৱিষ্কাৰ কৰে আৰু মহাজাগতিক ৰশ্মিত প্ৰকাশিত কৰে।৩ তেওঁ আইফল্ডৰ প্লেট কিছুমানৰ ওপৰত পৰা বিভিন্ন উচ্চতাত মহাজাগতিক ৰশ্মিৰ ওপৰত অধ্যয়ন কৰিছিল। তেওঁ লক্ষ্য কৰিছিল যে ক্ষয়ৰ লেখবোৰ কেইবাবাৰো কণিকাৰ বিচ্ছুৰণ হোৱাৰ বাবে বক্ৰিয়।৩ তেওঁলোকে উপযুক্ত সঁজুলি আৰু সংবেদনশীল প্লেটৰ অভাৱত গৱেষণা চলাই নিবলৈ অক্ষম হৈছিল।৪ পিছলৈ তেওঁ মানচেষ্টাৰ বিশ্ববিদ্যালয়ত মহাজাগতিক ৰশ্মিৰ ওপৰত ডক্টৰেল অধ্যয়নৰ বাবে পেট্ৰিক ব্লেকেটৰ পৰীক্ষাগাৰত যোগদান কৰে।২ তেওঁৰ পিএইছডি থেছিছত এক্সটেনচিভ এয়াৰ শ্বাৱাৰৰ বিষয়ে অনুসন্ধান চলাইছিল।৫ লাজজ জানচি তেওঁৰ পৰীক্ষক আছিল।৬
কৰ্মজীৱন আৰু গৱেষণা
বিভা চৌধুৰীয়ে দেখুৱাইছিল যে এক্সটেনচিভ এয়াৰ শ্বাৱাৰত পেনিট্ৰেটিং ইভেণ্টৰ ঘনত্ব মুঠ কণাৰ ঘনত্বৰ সমানুপাতিক।৩ তেওঁ পিএইছডিৰ পিছত ভাৰতলৈ ঘূৰি আহি টাটা মৌলিক গৱেষণা প্ৰতিষ্ঠানত ৮ বছৰ কাম কৰে।২ ১৯৫৪ চনত তেওঁ মিছিগান বিশ্ববিদ্যালয়ৰ অতিথি গৱেষক আছিল।৭ তাৰপিছত তেওঁ ব্যৱহাৰিক গৱেষণা পৰীক্ষাগাৰত যোগদান কৰে আৰু কলাৰ সোণ ক্ষেত্ৰৰ ওপৰত অন্বেষণ কৰে। তাৰপিছত তেওঁ নিউক্লিয়াৰ পদাৰ্থ বিজ্ঞানৰ ওপৰত গৱেষণা কৰিবলৈ কলিকতাৰ সাহা নিউক্লিয়াৰ পদাৰ্থ বিজ্ঞান প্ৰতিষ্ঠানত যোগদান কৰে।২
তেওঁৰ জীৱন বিতান্ত এ জুৱেল আনআৰ্থটেড: বিভা চৌধুৰী নামৰ জীৱনীখনত বৰ্ণনা কৰা হৈছে।৮ তেওঁক দা ষ্টেটমেণ্ট কাকতে ফৰগতেন লেজেণ্ড বুলি উল্লেখ কৰিছে।৯ তেওঁ মৃত্যুৰ আগমুহূৰ্তলৈকে বিভিন্ন গৱেষণাপত্ৰ প্ৰকাশ কৰি আহিছিল।
১৯৯১ চনৰ ২ জুন তাৰিখে তেওঁৰ মৃত্যু হয়।
তথ্যসূত্ৰ
- ↑ Roy, Pragya. (2019-06-18). Bibha Chowdhuri: The Invisibilised Physicist · #IndianWomenInHistory. Feminism In India
- ↑ Bhattacharya, Amitabha. (2018). The woman who could have won a Nobel. telegraphindia.com
- ↑ Roy, S. C.; Singh, Rajinder. (2018). Historical Note: Bibha Chowdhuri – Her Cosmic Ray Studies in Manchester. Indian Journal of History of Science
- ↑ Priya, Pekshmi. (2018). This Brilliant Woman Could Have Won a Physics Nobel for India. Yet Few Indians Know Her Story. thebetterindia.com. The Better India
- ↑ Chowdhuri, Bibha. (1949). Extensive air showers associated with penetrating particles. jisc.ac.uk. University of Manchester
- ↑ Roy, S. C.; Singh, Rajinder. (2018-08-01). Historical Note: Bibha Chowdhuri – Her Cosmic Ray Studies in Manchester. Indian Journal of History of Science
- ↑ (1954). Proceedings of the Board of Regents. The University
- ↑ Singh, Rajinder; Roy, Suprakash C. (2018-08-30). A Jewel Unearthed: Bibha Chowdhuri: The Story of an Indian Woman Scientist. Shaker. ISBN 9783844061260
- ↑ Bhattacharya, Amitabha. (2018-09-23). A forgotten legend. thestatesman.com. The Statesman
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বিভা চৌধুৰী” প্ৰবন্ধৰ সংশোধন ৬১৫০৪২ (৩০ জুন ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।