অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ইতিহাসৰ আজিৰ দিনত

১১ নৱেম্বৰ

ঘটনাৱলী

  • ১৮৬৬কেশৱ সেনৰ নেতৃত্বত কলকাতাত আদি ব্ৰহ্ম সমাজ প্ৰতিষ্ঠিত হয়।
  • ১৯১৮চৰকাৰীভাৱে প্ৰথম বিশ্বযুদ্ধৰ সামৰণি পৰে আৰু অষ্ট্ৰিয়াত গণতন্ত্ৰ প্ৰতিষ্ঠা হয় আৰু জাৰ্মানীয়ে পৰাজয় স্বীকাৰ কৰে।
  • ১৯২৩এডল্ফ হিটলাৰক গ্ৰেপ্তাৰ কৰা হয়।
  • ১৯৬৮মালদ্বীপত গণতন্ত্ৰৰ প্ৰচলন হয়।
  • ১৯৭০মহেন্দ্ৰ মোহন চৌধুৰীয়ে অসমৰ মুখ্যমন্ত্ৰী পদ অলংকৃত কৰে আৰু তেওঁ ১৯৭২ চনৰ ৩০ জানুৱাৰীলৈকে মুখ্যমন্ত্ৰী পদত কাৰ্যনিৰ্বাহ কৰে।
  • ১৯৭৫এংগোলা পৰ্তুগীজ শাসনৰ পৰা মুক্ত হয়।
  • ২০১২বিশ্বৰ সকলোতকৈ কম খৰচী তথা ভাৰত চৰকাৰ, আই আই টি ব’ম্বে আৰু ভাৰতীয় নিৰ্মাতা QUADৰ সহযোগত ব্ৰিটিছ কোম্পানী ডাটাৱিণ্ডে নিৰ্মাণ এণ্ড্ৰইড প্ৰযুক্তিৰ টেবলেটৰ এক শৃংখলা আকাশ টেবলেট মুকলি কৰে।

জন্ম

  • ১৮২১ফিয়দৰ দস্তয়েৱস্কী, ৰাছিয়াৰ সাহিত্যিক।
  • ১৮৬৭শ্ৰীমদ ৰাজচন্দ্ৰ, ভাৰতীয় দাৰ্শনিক।
  • ১৮৮৮জে. বি. কৃপালনী, ভাৰতীয় ৰাজনীতিক।
  • ১৮৮৮আবুল কালাম আজাদ, স্বাধীন ভাৰতৰ প্ৰথমজন শিক্ষামন্ত্ৰী। প্ৰতি বছৰে তেওঁৰ জন্ম দিনটো ভাৰতত ৰাষ্ট্ৰীয় শিক্ষা দিৱস হিচাপে পালন কৰা হয়।
  • ১৯৮৫ৰবীন উথাপ্পা, ভাৰতীয় ক্ৰিকেটাৰ।

মৃত্যু

  • ১৯৬৬ডিম্বেশ্বৰ নেওগ, অসমীয়া সাহিত্যিক।
  • ১৯৮১ৰমা দাশ, অসমীয়া সাহিত্যিক।
  • ২০২২ৰবীন বণিক্য, অসমীয়া নাট্যকাৰ, পৰিচালক, গীতিকাৰ, সুৰকাৰ তথা ৰাজনীতিক।

উৎস: অসমীয়া ৱিকিপিডিয়াৰ দিনপঞ্জী পৃষ্ঠা (CC BY-SA)। দিনটোৰ সম্পূৰ্ণ প্ৰবন্ধ