অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ইতিহাসৰ আজিৰ দিনত

৮ অক্টোবৰ

ঘটনাৱলী

  • ১৮৭১বনজুইৰ ফলত আমেৰিকাৰ ৱিছকনচিনৰ পেষ্টিগ' অঞ্চল ধ্বংস হয়, যাৰ ফলত ১,২০০ ৰ পৰা ২,৫০০জন লোকৰ মৃত্যু হয়, এই বনজুই ইতিহাসৰ আটাইতকৈ ভয়ংকৰ দাবানল হিচাপে জনা যায়।
  • ১৯১৮প্ৰথম বিশ্বযুদ্ধ: কৰ্পোৰেল এলভিন চি য়ৰ্কে ২৮জন জাৰ্মান সৈনিকক হত্যা কৰে আৰু ১৩২ জনক বন্দী কৰে। সেইবাবে তেওঁক মেডেল অফ অনাৰ প্ৰদান কৰা হয়।
  • ১৯১৯মোহনদাস কৰমচান্দ গান্ধীৰ সম্পাদনাত ইয়ং ইণ্ডিয়া পত্ৰিকাৰ প্ৰকাশ আৰম্ভ হয়।
  • ১৯৩২ভাৰতীয় বায়ু সেনাক (আইএএফ) আনুষ্ঠানিকভাৱে ব্ৰিটিছ সাম্ৰাজ্যৰ সহায়ক বায়ু সেনা হিচাপে প্ৰতিষ্ঠা কৰা হৈছিল।
  • ১৯৬৭গেৰিলা নেতা চে গুৱেভাৰা আৰু তেওঁৰ লোকসকলক বলিভিয়াত বন্দী কৰা হয়।
  • ১৯৯৪কুৱেইট সীমান্তত ইৰাকী সেনাৰ অৱস্থান, আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু গ্ৰেট ব্ৰিটেইনৰ উপসাগৰীয় অঞ্চললৈ যুদ্ধ জাহাজ প্ৰেৰণ কৰে।
  • ২০০৫কাশ্মীৰত ৭.৬ ৰিখ্টাৰ প্ৰাবল্যৰ ভূমিকম্প হৈছিল। এই ভূমিকম্পত ৮৬,০০০-৮৭,৩৫১জন লোক নিহত, ৬৯,০০০-৭৫,২৬৬জন আহত আৰু ২.৮ নিযুত গৃহহীন হৈছিল।
  • ২০১৩কেন্দ্ৰীয় চৰকাৰ আৰু ডি এইচ ডিৰ মাজত শান্তি চুক্তি স্বাক্ষৰিত হয়।

জন্ম

  • ১১৫০নৰপতি চিথু,বাৰ্মাৰ ৰজা আছিল। (মৃঃ ১২১১)
  • ১৯০৮সীতানাথ ব্ৰহ্মচৌধুৰী, কবি, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি আৰু সাহিত্যিক।
  • ১৯২২জি এন ৰামচন্দ্ৰন, এজন ভাৰতীয় পদাৰ্থবিজ্ঞানী আৰু জীৱ বিজ্ঞানী, তেওঁ পেপটাইড গাঁথনি বুজিবলৈ 'ৰামচন্দ্ৰন প্লট' সৃষ্টি কৰিছিল। ক'লাজেনৰ গাঁথনিৰ বাবে তেওঁ প্ৰথম ট্ৰিপল-হেলিকেল মডেলৰ প্ৰস্তাৱ দিছিল। (মৃত্যু: ৭ এপ্ৰিল, ২০০১)
  • ১৯২৬ৰাজ কুমাৰ, ভাৰতীয় আৰক্ষী বিষয়া আৰু অভিনেতা। (মৃঃ ১৯৯৬)
  • ১৯৫১মাকি কাজি, এজন জাপানী ব্যৱসায়ী, নিকলিৰ (Nikoli) প্ৰাক্তন সভাপতি আৰু পাজল গেইমৰ নিৰ্মাতা। সংখ্যাৰ পাজল খেল জনপ্ৰিয় কৰাত তেওঁৰ ভূমিকাৰ বাবে তেওঁক চুড'কুৰ (Sudoku) পিতৃ বুলি কোৱা হয়।
  • ১৯৭৫তাহমিমা আনাম, বাংলাদেশত জন্ম গ্ৰহণ কৰা এগৰাকী ব্ৰিটিছ লেখক, ঔপন্যাসিক আৰু প্ৰাৱন্ধিক।
  • ১৯৮০দা মিজ বা মাইকেল গ্ৰেগৰী মিজানিন, এজন আমেৰিকান পেছাদাৰী মল্লযোদ্ধা আৰু অভিনেতা। তেওঁ ডাব্লিউ ডাব্লিউ ইৰ খেলুৱৈ, য'ত তেওঁ দা মিজ নামেৰে প্ৰদৰ্শন কৰে।
  • ১৯৮৫ব্ৰুন' মাৰ্ছ (পিটাৰ জিন হাৰ্নান্দেজ), আমেৰিকান গায়ক।

মৃত্যু

  • ১৭৯৩জন হেনক'ক, আমেৰিকান ব্যৱসায়ী আৰু ৰাজনীতিবিদ, মেছাচুছেটছৰ প্ৰথম গভৰ্ণৰ। (জঃ ১৭৩৭)
  • ১৮৬৯ফ্ৰেংকলিন পিয়েৰ্ছ, আমেৰিকান সেনাপতি, উকীল আৰু ৰাজনীতিবিদ, আমেৰিকা যুক্তৰাষ্ট্ৰৰ চতুৰ্দশ ৰাষ্ট্ৰপতি। (জন্ম: ১৮০৪)
  • ১৯০৪ক্লেমেনছ আলেকজেণ্ডাৰ ৱিংকলাৰ, এজন জাৰ্মান ৰসায়নবিদ, তেখেতে ১৮৮৬ চনত জাৰ্মানিয়াম (germanium) নামৰ মৌলটো আৱিষ্কাৰ কৰিছিল।
  • ১৯৩৬মুন্সী প্ৰেমচন্দ, হিন্দী সাহিত্যৰ প্ৰসিদ্ধ গল্পকাৰ তথা ঔপন্যাসিক।
  • ১৯৬৭ক্লেমেণ্ট এটলী (Clement Attlee), ইংৰাজ সৈনিক, উকীল আৰু ৰাজনীতিবিদ, যুক্তৰাজ্যৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী। (জন্ম: ১৮৮৩)
  • ১৯৭৯জয়প্ৰকাশ নাৰায়ণ, ভাৰতৰ সমাজবাদী ভাবাপন্ন ৰাজনৈতিক নেতা।
  • ১৯৯০কমলাপতি ত্ৰিপাঠী, উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা প্ৰবীণ কংগ্ৰেছী নেতা।
  • ২০১২বৰ্ষা ভোঁছলে, ভাৰতীয় গায়িকা আৰু সাংবাদিক (জঃ ১৯৫৬)
  • ২০১২নৱাল কিশোৰ শৰ্মা, ভাৰতীয় ৰাজনীতিবিদ আৰু গুজৰাটৰ ৰাজ্যপাল।
  • ২০২০ৰাম বিলাস পাছৱান, ভাৰতীয় ৰাজনৈতিক নেতা।

উৎস: অসমীয়া ৱিকিপিডিয়াৰ দিনপঞ্জী পৃষ্ঠা (CC BY-SA)। দিনটোৰ সম্পূৰ্ণ প্ৰবন্ধ