ইতিহাসৰ আজিৰ দিনত
১০ অক্টোবৰ
ঘটনাৱলী
- ১৯৪২শঙ্কৰ বৰুৱা, সুৰেন ফুকন আৰু বৈকুণ্ঠ সিংৰ নেতৃত্বত পুৱতি নিশা কিছুমান লোকে গোলাঘাট জিলাৰ সৰুপথাৰৰ ওচৰত ৰেলপথৰ কেইটামান ৰে'লৰ চিৰি আঁতৰাই ৰে'ল দূৰ্ঘটনা ঘটায়। এই দূৰ্ঘটনাত বহুতো ব্ৰিটিছ আৰু আমেৰিকান সৈন্যই প্ৰাণ হেৰুৱাইছিল। এই দূৰ্ঘটনাৰ বাবে ব্ৰিটিছ আৰক্ষীয়ে কুশল কোঁৱৰক মুখ্য ষড়যন্ত্ৰকাৰী বুলি অভিযোগ তোলে আৰু পিছত গ্ৰেপ্তাৰ কৰে।
- ১৯৫৭ইংলেণ্ডৰ কুম্ব্ৰিয়াৰ ৱিণ্ডস্কেল পাৰমাণৱিক প্ৰকল্পত সংঘটিত অগ্নিকাণ্ড বিশ্বৰ প্ৰথম বৃহৎ পাৰমাণৱিক দুৰ্ঘটনা হিচাপে পৰিণত হয়।
- ১৯৬২অসম বিধানসভাত চৰকাৰী ভাষা আইন ( Official Language Act XXIII, 1960 ) উত্থাপন কৰা হয়।
- ১৯৬৪টকিঅ'ত অলিম্পিক ক্ৰীড়া সমাৰোহ আৰম্ভ হয়।
- ১৯৭০ফিজিয়ে স্বাধীনতা লাভ কৰে।
- ১৯৯২হুগলী নদীৰ ওপৰত দ্বিতীয় দলং বিদ্যাসাগৰ সেতু উদ্বোধন কৰা হয়।
- ১৯৯৯বিজেপি তথা আন কেইটামান দলৰ মিত্ৰজোঁটৰ কেন্দ্ৰত চৰকাৰ গঠন কৰে। অটল বিহাৰী বাজপায়ী পুনৰ ভাৰতৰ প্ৰধানমন্ত্ৰী।
জন্ম
- ১৭৩১হেনৰী কেভেণ্ডিছ, ইংৰাজ বিজ্ঞানী, হাইড্ৰ'জেনৰ (Hydrogen) আৱিষ্কাৰক।
- ১৮৬১ফ্ৰিডটজফ নানছেন ( Fridtjof Nansen), নৰৱেৰ অভিযাত্ৰী, বিজ্ঞানী আৰু মানৱতাবাদী, ন'বেল বঁটা বিজয়ী। (মৃঃ ১৯৩০)
- ১৮৯৭লক্ষ্মীধৰ শৰ্মা, অসমীয়া সাহিত্যিক, দেশপ্ৰাণ।
- ১৯০৬আৰ কে নাৰায়ণ, ভাৰতীয় ঔপন্যাসিক।
- ১৯০৯ৰমা দাশ, অসমীয়া সাহিত্যিক।
- ১৯২৪বলবীৰ সিং, ভাৰতৰ প্ৰসিদ্ধ হকী খেলুৱৈ।
- ১৯৩৬গেৰহাৰ্ড এৰ্টল, জাৰ্মান পদাৰ্থবিজ্ঞানী আৰু ৰসায়নবিদ, ন'বেল বঁটা বিজয়ী।
- ১৯৫৪ৰেখা, ভাৰতৰ এগৰাকী প্ৰখ্যাত অভিনেত্ৰী।
- ১৯৫৬গজেন্দ্ৰ চৌহান, ভাৰতীয় অভিনেতা, দূৰদৰ্শনৰ 'মহাভাৰত' ধাৰাবাহিকৰ যুধিষ্ঠিৰ চৰিত্ৰৰ অভিনেতা।
- ১৯৯০ৰকুল প্ৰীত সিং, ভাৰতীয় অভিনেত্ৰী।
মৃত্যু
- ১৯জাৰ্মাণিকাছ, ৰোমান সেনাপতি। (জঃ ১৫ খ্ৰীষ্টপূৰ্ব)
- ১৬৫৯এবেল তাচমান, ডাচ নাৱিক আৰু অভিযাত্ৰী (তাচমেনিয়া, নিউজিলেণ্ড আৰু ফিজি দেখা প্ৰথম ইউৰোপীয়ান), প্ৰায় ৫৫ বছৰ বয়সত মৃত্যু বৰণ কৰে।
- ১৯২৯এলিজা মেককয়, কানাডিয়ান-আমেৰিকান উদ্ভাৱক আৰু অভিযন্তা (৫৭টা পেটেণ্ট আছিল), ৮৬ বছৰ বয়সত মৃত্যু হয়।
- ১৯৬৪গুৰু দত্ত, প্ৰসিদ্ধ চলচ্চিত্ৰ পৰিচালক আৰু অভিনেতা।
- ১৯৬৬চাৰ্লট কুপাৰ ((Charlotte Cooper), ব্ৰিটিছ টেনিছ খেলুৱৈ আৰু প্ৰথম মহিলা অলিম্পিক টেনিছ চেম্পিয়ন (১৯০০)।
- ১৯৯৭মাইকেল জে এছ দেৱাৰ, ভাৰতত জন্ম হোৱা আমেৰিকান তাত্ত্বিক ৰসায়নবিদ, যি দেৱাৰ-চেট-ডানকানচন মডেল বিকশিত কৰিছিল। (জঃ ১৯১৮)
- ২০০০শ্ৰীমাভো বন্দৰনায়ক, শ্ৰীলংকাৰ প্ৰধানমন্ত্ৰী, তেখেত বিশ্বৰ প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰী আছিল।
- ২০০৪ক্ৰিষ্টোফাৰ ৰিভ, আমেৰিকান অভিনেতা।
- ২০১১জগজিৎ সিং, প্ৰসিদ্ধ গজল গায়ক।
- ২০১৫মনোৰমা, ভাৰতীয় (তামিল) অভিনেত্ৰী। (জঃ ১৯৩৭)
- ২০২২মুলায়েম সিং যাদৱ, সমাজবাদী পাৰ্টীৰ প্ৰতিষ্ঠাপক আৰু উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী।
উৎস: অসমীয়া ৱিকিপিডিয়াৰ দিনপঞ্জী পৃষ্ঠা (CC BY-SA)। দিনটোৰ সম্পূৰ্ণ প্ৰবন্ধ