ৰ'মান চেইনী ভাৰতৰ এজন উদ্যোগী, সুবক্তা আৰু কণিষ্ঠতম প্ৰশাসনিক বিষয়াসকলৰ ভিতৰত অন্যতম। তেওঁ ২২ বছৰ বয়সত ২০১৩ চনত অসামৰিক সেৱাৰ পৰীক্ষাত উত্তীৰ্ণ হৈছিল।১ ৰ'মান চেইনী এজন টি. ই. ডি. এক্স বক্তা আৰু তেওঁ জেয়পী তথ্য প্ৰযুক্তি বিশ্ববিদ্যালয়ত বিশ্বৰ আটাইতকৈ কঠিন পৰীক্ষাত কেনেকৈ উত্তীৰ্ণ হ'ব পাৰি, সেই বিষয়ে বক্তৃতা আগবঢ়াইছে।২
প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা
ৰ'মান চেইনীৰ জন্ম ৰাজস্থানৰ জয়পুৰত হৈছিল। তেওঁ ১৬ বছৰ বয়সত এইম্ছৰ প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হয়।৩ ২২ বছৰ বয়সত ২০১৩ চনত তেওঁ অসামৰিক সেৱাৰ পৰীক্ষাত উত্তীৰ্ণ হয় আৰু কণিষ্ঠতম ভাৰতীয় প্ৰশাসনিক বিষয়াৰ ভিতৰত এজন হৈ পৰে।৪
আন্একাডেমী
আন্একাডেমী অসামৰিক সেৱাত যোগ দিব খোজাসকলৰ বাবে এক বিনামূলীয়া প্ৰবেশদ্বাৰ।৫ অসামৰিক সেৱাৰ পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত তেওঁ সেই পৰীক্ষাৰ পৰীক্ষাৰ্থীসকলৰ বাবে বিনামূলীয়া সহায় আগবঢ়োৱাৰ কথা ভাবিলে। তাৰ বাবে তেওঁ গৌৰৱ মুঞ্জলৰ সৈতে লগ লাগি আন্একাডেমী আৰম্ভ কৰিলে যি এক অনলাইন শিক্ষাদান ব্যৱস্থা।৬ বৰ্তমান আনেকাডেমীয়ে প্ৰশাসনিক সেৱাৰ পৰীক্ষাৰ প্ৰস্তুতি সন্দৰ্ভত নিজৰ ৱেবচাইট আৰু ইউটিউব ভিডিঅ'ৰ সহায়ত শিক্ষাদান কৰে।৭
তথ্যসূত্ৰ
- ↑ Kolhe, Subodh, Dubey, Tanvi. (2 July 2014). (SocialStory Meetup) In conversation with India’s youngest IAS officer – Roman Saini. Your Story
- ↑ (26 November 2014). How to crack world’s toughest examinations - ROMAN SAINI - TEDxJUIT. TEDx
- ↑ (9 January 2015). IAS cracker passing on his know-how for free. DNA
- ↑ शेडगे, अमृता. (11 January 2015). युवा IAS डॉ. रोमन सैनी देते हैं UPSC की फ्री कोचिंग. Aaj Tak
- ↑ Shedge, Amruta. (10 January 2015). Youngest IAS Roman Saini passing on his know-how to other aspirants for free. ইণ্ডিয়া টুডে. India Today
- ↑ Sharma, Shradha. (29 June 2014). Doctor, IAS and Entrepreneur: Meet Roman Saini. Your Story
- ↑ Roman Saini (CSE 2013 Rank 18) UPSC Topper’s Interview – Part 3. ClearIAS
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰ'মান চেইনী” প্ৰবন্ধৰ সংশোধন ২১২৮১৬ (১০ জানুৱাৰী ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।