ৰোশন দালভী (Roshan Dalvi) ভাৰতৰ মহাৰাষ্ট্ৰৰ বম্বে উচ্চ ন্যায়ালয়ৰ এগৰাকী প্ৰাক্তন ন্যায়াধীশ।১
শিৱসেনাৰ নেতা বাল থাকৰেৰ সন্তানসকলৰ উত্তৰাধিকাৰ সম্পৰ্কে হোৱা বিবাদ, ২ আৰু বাৰত নৃত্যশিল্পীসকলক নিজৰ বৃত্তি আগবঢ়াই নিবলৈ নিষেধ কৰা মহাৰাষ্ট্ৰৰ আইন এখনক প্ৰত্যাহ্বান জনোৱা আদিকে ধৰি ন্যায়াধীশ হিচাপে তেওঁ কৰ্মজীৱনত কেইবাটাও উল্লেখযোগ্য গোচৰৰ বিচাৰ কৰিছিল।৩
কৰ্মজীৱন
দালভীয়ে মুম্বাইত আইন চৰ্চা কৰিছিল৷ ইয়াৰ পিছত তেওঁ যমুনালাল বাজাজ ইনষ্টিটিউট অৱ মেনেজমেণ্ট ষ্টাডিজ আৰু নাৰ্চী মঞ্জী ইনষ্টিটিউট অৱ মেনেজমেণ্ট ষ্টাডিজৰ অতিথি অধ্যাপক হিচাপে কৰ্পৰেট আইন অধ্যাপনা কৰিছিল।১
১৯৮৯ চনত মুম্বাইৰ চিটি চিভিল এণ্ড চেচনছ কোৰ্টত দালভীয়ে ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰে। ২০০৪ চনত মুম্বাইৰ পৰিয়াল আদালতৰ তেওঁ প্ৰধান ন্যায়াধীশ আছিল। পৰৱৰ্তী সময়ত ২০০৫ চনৰ জুন মাহত বোম্বাই উচ্চ ন্যায়ালয়ত নিযুক্তি লাভ কৰে।১
উল্লেখযোগ্য বিচাৰ
২০০৬ চনত ন্যায়াধীশ এফ আই ৰেবেলোৰ সৈতে দালভীয়ে মহাৰাষ্ট্ৰ চৰকাৰে বাৰত নৃত্যশিল্পীক নিজৰ পেছা চলাই নিব নিষেধ কৰিবলৈ প্ৰণয়ন কৰা আইন অসাংবিধানিক বুলি ৰায় দিছিল আৰু ইয়াক নাকচ কৰিছিল। দালভী আৰু ৰেবেলোৱে ৰাজ্যখনক নিৰ্দেশ দিয়ে যে নাবালকসকল যাতে এই বৃত্তিটোৰ সৈতে জড়িত নহয়। ইয়াৰ বাহিৰেও তেওঁলোকৰ মতে চৰকাৰে নৈতিকতাৰ ভিত্তিত নিষেধাজ্ঞাক ন্যায্যতা প্ৰদান কৰিব নোৱাৰে।৪ তেওঁলোকৰ এই ৰায় ভাৰতীয় উচ্চতম ন্যায়ালয়ে সমৰ্থন কৰে৷ পৰৱৰ্তী আইন প্ৰণয়নৰ দ্বাৰা নিষেধাজ্ঞা পুনৰ প্ৰৱৰ্তনৰ প্ৰচেষ্টা সফল নহ'ল।৩
২০১০ চনত দালভীয়ে ৰায় দিছিল যে পক্ষসমূহে মুম্বাইৰ পৰিয়াল আদালতত নিজৰ গোচৰ চলাবলৈ প্ৰতিনিধি নিযুক্তি দিব নোৱাৰে৷ তেওঁ ৰায় দিছিল যে এনে প্ৰতিনিধিৰ বিষয়ে অৰ্হতা বা নিৰ্দেশনাৰ অভাৱত আদালতসমূহক "যিকোনো সংখ্যক অযোগ্য, নামভৰ্তি নোহোৱা ব্যক্তিয়ে আগুৰি ধৰিব"।৫
২০১১ চনত দালভী পাঁচজন ন্যায়াধীশৰ বিচাৰপীঠৰ অংশ আছিল৷ তেওঁলোকে ৰায় দিছিল যে তদন্ত কৰা ব্যক্তিসকলৰ বেংক একাউণ্ট অকামিলা কৰাৰ আগতে আৰক্ষী বিষয়াসকলে পূৰ্ব জাননী দিব নালাগে৷ এই গোচৰত প্ৰাকৃতিক ন্যায়ৰ নীতি প্ৰযোজ্য নহয় বুলি তেওঁলোকে ৰায় দিছিল।৬
২০১৫ চনত দালভীয়ে ১৯৯২ চনৰ ভাৰতীয় শ্বেয়াৰ বজাৰ কেলেংকাৰীৰ সৈতে জড়িত দুজন ব্যক্তিক জালিয়াতি আৰু দুৰ্নীতিৰ সৈতে জড়িত অপৰাধত দোষী সাব্যস্ত কৰে আৰু আন চৈধ্যজনক দোষমুক্ত কৰে।৭ এই দোষী সাব্যস্ত হোৱাৰ পিছত ভাৰতীয় ষ্টক ব্ৰোকাৰ হৰ্ষদ মেহতাকে ধৰি আন কেইবাজনো লোককো আনুষংগিক অপৰাধত দোষী সাব্যস্ত কৰা হয়।৮৯
ৰাজনীতিবিদ উদ্ধৱ থাকৰে আৰু তেওঁৰ ভাতৃৰ মাজত তেওঁলোকৰ পিতৃ মৃত শিৱসেনাৰ নেতা বাল থাকৰেৰ সম্পত্তিক লৈ হোৱা বিবাদ,২১০আক্ৰমণৰ অভিযোগৰ সৈতে জড়িত গোচৰকে ধৰি ৰাজহুৱা ব্যক্তিৰ সৈতে জড়িত কেইবাটাও উল্লেখযোগ্য গোচৰৰ বিচাৰো দালভীয়ে কৰিছে৷১১
ব্যক্তিগত জীৱন
দালভীয়ে মুম্বাই বিশ্ববিদ্যালয়ৰ পৰা বাণিজ্য শাখাত স্নাতক (বি.কম) আৰু আইনত স্নাতকোত্তৰ (এল.এল.এম.) লাভ কৰে। মুম্বাইৰ চৰকাৰী আইন মহাবিদ্যালয়ৰ সভ্য হিচাপে তেওঁ নিযুক্তি লাভ কৰে।১
তথ্যসূত্ৰ
- ↑ Hon'ble Former Justices: Smt. R. S. DALVI. Bombay High Court
- ↑ (2014-01-21). Bal Thackeray's sons in legal row over property worth crores. The Indian Express
- ↑ (18 January 2019). Dance No Bar. Mumbai Mirror
- ↑ Kumar, Mohan. (12 April 2006). HC: They dance to earn a living, its their right. দ্য ইণ্ডিয়ান এক্মপ্ৰেছ
- ↑ (2010-02-23). Wife or husband's Attorney cannot appear in family courts: HC. Hindustan Times
- ↑ Notice not needed to freeze accounts: High Court. archive.indianexpress.com
- ↑ (2015-11-01). Two convicted in 1992 securities scam. The Indian Express
- ↑ (2017-02-07). The Story of a Scam: Harshad Mehta, 1992. The Economic Transcript
- ↑ (2015-11-01). 23 years on, 2 convicted in Harshad Mehta scam. The Asian Age
- ↑ (2014-01-21). Bal Thackeray's sons in legal row over estate. Hindustan Times
- ↑ Deshpande, Swati. (20 July 2012). Raheja wins appeal against Wadia in Malad land case. The Times of India
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰোশন দালভী” প্ৰবন্ধৰ সংশোধন ৬৩৬৪০৩ (২০ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।