ৰুবিনা ছেত্ৰী এগৰাকী নেপালৰ মহিলা ক্ৰিকেটাৰ যি মহিলাৰ ৰাষ্ট্ৰীয় ক্ৰিকেট দলৰ হৈ সোঁহাতৰ মিডিয়াম পেছ বলাৰ হিচাপে খেলে। তেওঁ ২০১২ চনত নিযুক্ত দলটোৰ প্ৰাক্তন অধিনায়ক, যেতিয়া তেওঁ নেৰী থাপাৰ স্থান লৈছিল। ২০০৯ চনত, তেওঁ এখন আন্তৰ্জাতিক মেচত নেপালৰ হৈ হেট্ৰিক লোৱা প্ৰথম ক্ৰিকেটাৰ হয়, আৰু ২০১৯ চনত তেওঁ মহিলাৰ টুৱেণ্টি- টুৱেণ্টী আন্তৰ্জাতিক (ডব্লিউটি টুৱেণ্টী আই)ত নেপালৰ প্ৰথম হেট্ৰিক লয়।
প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা
ৰুবিনা ছেত্ৰী পূৱ নেপালৰ ঝাপা জিলাৰ মেচিনাগাৰ পৌৰসভাৰ চুবুৰীয়া কাক্কাৰভিট্টাৰ বাসিন্দা।১ তেওঁক এগৰাকী অকলশৰীয়া মাতৃয়ে ডাঙৰ-দীঘল কৰিছিল ২ আৰু ঝাপাৰ নৰ্থ পইণ্ট স্কুলীয়া জীৱন আৰম্ভ কৰিছিল। সৰুৰে পৰাই ৰুবিনাই ক্ৰীড়াৰ প্ৰতি আকৰ্ষিত হৈছিল। প্ৰথমাৱস্থাত তেওঁ টেবুল টেনিছ আৰু ভলীবলহে খেলিছিল। ৩
১২ বছৰ বয়সৰ পৰাই তেওঁ প্ৰথম ক্ৰিকেট খেলিবলৈ আৰম্ভ কৰিছিল। তাইৰ ঘৰৰ ওচৰত, এখন খেলপথাৰ আছিল য'ত তেওৰ ভায়েক পৱন ছেত্ৰী, তাইৰ সম্পৰ্কীয় ভাই আৰু তেওঁলোকৰ গাঁৱৰ আন ল'ৰাবোৰে খেল খেলিছিল। ১৪ৰুবিনাই ঘৰৰ বাৰাণ্ডাৰ ওচৰত বহি খেল উপভোগ কৰিছিল। এদিন ৰুবিনাই ভায়েকৰ সৈতে খেল খেলিবলৈ ফিল্ডলৈ গৈছিল আৰু যোগ দিছিল। প্ৰথমতে ৰুবিনাই ক্ৰিকেট কঠিন পাইছিল, কিয়নো তেওঁ ল'ৰাহতৰ লগত অংশগ্ৰহণ কৰা একমাত্ৰ ছোৱালী আছিল। তাই প্ৰায়ে বল িং কৰিছিল, কিন্তু কেতিয়াবাহে বেটিং কৰিছিল। গাঁৱৰ কিছুমান লোকে ৰুবিনাৰ মাকৰ ওচৰত অভিযোগ কৰিছিল, আৰু তেওঁক ল'ৰাৰ বিৰুদ্ধে খেলিবলৈ অনুমতি নিদিবলৈ কৈছিল, কিন্তু তেওঁৰ মাক আৰু ভাতৃয়ে সদায় ৰুবিনাক সমৰ্থন কৰিছিল১৪ৰুবিনা ছেত্ৰী আৰু তাইৰ ভায়েকেও স্কুলত ক্ৰিকেট খেলিছিল,লগতে ভলীবলো খেলিছিল।১ৰুবিনাই শিক্ষাগ্ৰহণৰ লগে লগে ক্ৰিকেটৰ ক্ষেত্ৰত সময় দিয়াতো অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছিল। অৱশ্যে, তেওঁৰ পৰিয়ালে তেওঁক অনুপ্ৰাণিত কৰিছিল আৰু ৰুবিনাৰ সিদ্ধান্তবোৰক সন্মান কৰিছিল। তেওঁ ভাৰতৰ ৰাহুল দ্ৰাবিড় আৰু অষ্ট্ৰেলিয়াৰ ব্ৰেট লীৰ আদৰ্শৰ দ্বাৰাও অনুপ্ৰাণিত হৈছিল।৪
খেলুৱৈ জীৱন
২০১৬ চনত, ৰুবিনা ছেত্ৰী অষ্ট্ৰেলিয়াত অনুষ্ঠিত ডব্লিউবিবিএল টু(WBBL2) টুৰ্ণামেণ্টৰ বাবে মেলবৰ্ণ ৰেনেগেডছৰ সহযোগী ৰুকি হিচাপে বাছনি হৈছিল। ২০১০ দশকৰ শেষৰ ফালে, ৰুবিনা ছেত্ৰীয়ে নেপালত খুব বেছি শীৰ্ষ পৰ্যায়ৰ ঘৰুৱা ক্ৰিকেট খেলা নাছিল, কিয়নো মহিলাৰ খেলৰ বাবে দেশখনত সুপৰিকল্পিত ঘৰুৱা গাঁথনি নাছিল। ২০১৮ চনত, তেওঁ সেই বছৰৰ প্ৰধানমন্ত্ৰী কাপ মহিলা ৰাষ্ট্ৰীয় টুৰ্ণামেণ্টত পূৱ অঞ্চলৰ দলৰ অধিনায়কত্ব কৰিছিল আৰু মহিলা-অফ-দ্য-চিৰিজ আৰু শ্ৰেষ্ঠ বলাৰ হিচাপে স্থান লাভ কৰিছিল।৫২০১৯ চনত, ৰুবিনা ছেত্ৰী ভৈৰাহাৱা কুইন্সৰ অধিনায়ক আৰু মাৰ্কি খেলুৱৈ হিচাপে নিৰ্বাচিত হৈছিল। সেই বছৰৰ শেষৰ ফালে এনচিএল মহিলা টি-টুৱেণ্টি ক্ৰিকেট লীগ টুৰ্ণামেণ্টত প্ৰতিদ্বন্দ্বিতা কৰা চাৰিটা দলৰ ভিতৰত এই দলটোও এটা আছিল। ৬৭ অৱশ্যে, প্ৰতিযোগিতাখন দুবাৰ পিছুৱাই দিয়া হৈছিল আৰু আগবাঢ়ি যোৱা নাছিল।৮অক্টোবৰ ২০১৯ চনত মহিলা চেম্পিয়নছ লীগ নামৰ এখন প্ৰতিযোগিতা আয়োজন কৰা হৈছিল। তাত তেওঁ ভাল প্ৰদৰ্শন কৰিছিল। ২০১২ চনৰ পৰা ৰুবিনা ছেত্ৰী ৰাষ্ট্ৰীয় দলৰ অধিনায়ক হয়। তেওঁ প্ৰথমবাৰৰ বাবে ২০১২ চনৰ মহিলা টুৱেণ্টি- টুৱেণ্টী এছিয়া কাপত নেপালৰ মহিলা ক্ৰিকেট দলৰ অধিনায়ক আছিল।৯ ২০১৯ চনৰ ২৭ ফেব্ৰুৱাৰী তাৰিখে এছিয়া কোৱালিফায়াৰৰ অন্তিম ৰাউণ্ডৰ খেলবোৰত ৰুবিনা ছেত্ৰীয়ে হেট্ৰিক লয় আৰু কুৱেইটৰ বিৰুদ্ধে খেলখনৰ খেলুৱৈ হয়। ডব্লিউটি-টুৱেণ্টিত এইটো নেপালৰ প্ৰথম হেট্ৰিক আছিল। ১০ থাইলেণ্ডৰ পিছত নেপালে দ্বিতীয় স্থানত প্ৰতিযোগিতাখন সমাপ্ত কৰে।১১২০২০ চনৰ ছেপ্টেম্বৰত, ক্ৰিকেট এছ'চিয়েশ্যন অফ নেপাল (CAN)য়ে মহিলা খেলুৱৈসকলৰ বাবে কেন্দ্ৰীয় চুক্তিৰ প্ৰথম বঁটা ঘোষণা কৰে। ৰুবিনা গ্ৰেড "এ" খেলুৱৈ হিচাপে চুক্তিবদ্ধ হোৱা ছয়গৰাকী মহিলাৰ ভিতৰত এগৰাকী আছিল। ২০২১ চনৰ অক্টোবৰত সংযুক্ত আৰৱ এমিৰেটছত অনুষ্ঠিত হোৱা ২০২১ চনৰ আইচিচি মহিলা টি-টুৱেণ্টি বিশ্বকাপ এছিয়া কোৱালিফায়াৰ টুৰ্ণামেণ্টৰ বাবে ছেত্ৰীক নেপালৰ দলৰ অধিনায়ক হিচাপে মনোনীত কৰা হয়।১২
পেছাদাৰী জীৱন
২০১০ দশকৰ মাজভাগত ৰুবিনাই ভায়েকৰ সৈতে নিজৰ ঠাই ঝাপাত এখন ক্ৰিকেট একাডেমী আৰম্ভ কৰিছিল।
তথ্যসূত্ৰ
- ↑ Singh, Rishi. (5 July 2009). Rubina creates cricket history. The Himalayan Times
- ↑ (24 July 2021). Rubina Chhetry: Captain, Nepal Cricket Team. Cow Corner podcast. Spotify
- ↑ Yadav, Vishal. (8 January 2019). Female Cricket Interviews Rubina Chhetri – Captain of Nepal Women’s National Cricket team. Female Cricket
- ↑ Yadav, Vishal. (7 August 2017). Interview with Rubina Chhetri – Captain of Nepal Women’s Cricket Team. Female Cricket
- ↑ Rijal, Prahlad. (25 February 2018). APF clinch PM Cup Women's National Cricket title. The Himalayan Times
- ↑ Dhakal, Adarsha. (19 March 2019). Marquees, team owners unveiled for Women\'s Twenty20 Cricket League. The Kathmandu Post
- ↑ (19 March 2019). ‘Asia’s first’ women’s T20 league postponed for late April; marquees announced. myRepública
- ↑ (1 May 2019). NCL Women’s T20 league postponed again. myRepública
- ↑ Rubina Chhetri. cricnepal.com
- ↑ Hat-trick heroes: First to take a T20I hat-trick from each team. Women's CricZone
- ↑ (28 February 2019). Skipper Chhetri makes Nepal’s exit memorable. The Kathmandu Post
- ↑ Nepal squad announced for Women's T20 World Cup Asia qualifiers in UAE. Czarsportz
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰুবিনা ছেত্ৰী” প্ৰবন্ধৰ সংশোধন ৫৮১৫৯৫ (২৪ ফেব্ৰুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।