কানাড়া চলচ্চিত্ৰ
১২ প্ৰবন্ধ
-
দাসৱালা
দাসৱালা (Dasavala) ২০১৩ চনৰ, এম এছ ৰমেশ পৰিচালিত এখন কানাড়া নাট্যধৰ্মী ছবি। ২০১৩ চনৰ ১১ অক্টোবৰত দাসৱালা মুক্তি পায়। মুখ্য ভূমিকাত প্ৰেম আৰু ঐশ্বৰ্য মেননে অভিনয় কৰিছে। অন্যান্য ভূমিকাত আছে হেমা চৌধুৰী, ৰংগায়ন ৰঘু আৰু অবিনাশ। অনিতা ভাটে ছবিখনৰ এটা আইটেম চঙত অভিনয় কৰিছিল।
-
সংস্কাৰ (১৯৭০ চলচ্চিত্ৰ)
সংস্কাৰ ( Samskara; ইংৰাজী শিৰোনাম: Funeral Rites) ইউ আৰ অনন্তমূৰ্তি ৰচিত উপন্যাসৰ আধাৰত নিৰ্মিত আৰু ১৯৭০ চনত মুক্তিপ্ৰাপ্ত এখন কানাড়া ভাষাৰ চলচ্চিত্ৰ। ছবিখনৰ পৰিচালক আৰু প্ৰযোজক পাট্টাভিৰাম ৰেড্ডী। এই ছবিখনক কানাড়া ভাষাৰ সমান্তৰাল চলচ্চিত্ৰ আন্দোলনৰ পথ প্ৰদৰ্শক হিচাপে গণ্য কৰা হয়।
-
উপাসানে
উপাসানে ১৯৭৪ চনৰ এখন কানাড়ী সংগীতপ্ৰধান নাট্যধৰ্মী ছবি, যাৰ পৰিচালক পুত্তন্না কানাগালে। ৰাশি ভাতৃদ্বয়ে প্ৰযোজনা কৰা এই ছবিখন, দেৱকী মূৰ্তি ৰচিত একে নামৰ উপন্যাসখনৰ আধাৰত নিৰ্মিত।
-
ঘটশ্ৰাদ্ধ
ঘটশ্ৰাদ্ধ (Ghatashraaddha) ১৯৭৭ চনত মুক্তি পোৱা গিৰীশ কাছাৰৱল্লী পৰিচালিত এখন কানাড়া ভাষাৰ এখন ছবি। ইয়াত মীনা কুট্টাপ্পা, নাৰায়ণ ভাট আৰু অজিত কুমাৰে মুখ্য চৰিত্ৰত অভিনয় কৰিছে। বিশিষ্ট কানাড়া সাহিত্যিক, জ্ঞানপীঠ বঁটা বিজয়ী ইউ আৰ অনন্তমূৰ্তিৰ এখন উপন্যাসৰ আধাৰত ছবিৰ কাহিনী ৰচনা কৰা হৈছে।
-
চোমানা দুদি
চোমানা দুদি ( Chomana Dudi; ಚೋಮನ ದುಡಿ; অনু. চোমাৰ ঢোল) বি. ভি. কাৰান্থ পৰিচালিত এখন কানাড়া ভাষাৰ ছবি। ছবিখনৰ চিত্ৰনাট্য বি. শিৱৰাম কাৰান্থে ৰচনা কৰা একে নামৰ উপন্যাসৰ আধাৰত ৰচনা কৰা হৈছে। ১৯৭৫ চনত মুক্তি পোৱা এই ছবিখনে শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য ছবিৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা স্বৰ্ণকমল লাভ কৰে।
-
তবাৰানা কাথে
তবাৰানা কাথে (Tabarana Kathe; অৰ্থ: তবাৰানাৰ কথা) ১৯৮৭ চনত মুক্তি পোৱা, গিৰীশ কাছাৰৱল্লী পৰিচালিত কানাড়া ভাষাৰ এখন চলচ্চিত্ৰ। পূৰ্ণচন্দ্ৰ তেজস্বীৰ একে নামৰ চুটিগল্পৰ আধাৰত ছবিখনখনৰ কাহিনী ৰচনা কৰা হৈছিল।
-
থায়ী চাহেবা
থায়ী চাহেবা (Thaayi Saheba) ১৯৯৭ চনত মুক্তি পোৱা, গিৰীশ কাছাৰৱল্লী পৰিচালিত কানাড়া ভাষাৰ এখন ভাৰতীয় চলচ্চিত্ৰ। এই ছবিখন ৰংগনাথ শ্যামৰাও লোকপুৰা ৰচিত একে নামৰ কানাড়া উপন্যাসৰ অভিযোজন আছিল। ছবিখনে চাৰিটা শিতানত ৪৫তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল।
-
দ্বীপ (চলচ্চিত্ৰ)
দ্বীপ (Dweepa)) হৈছে গিৰীশ কাছাৰৱল্লী পৰিচালিত ২০০২ চনৰ এখন কানাড়া ভাষাৰ ছবি, যিখন না ডিছুজাৰ একে নামৰ উপন্যাসৰ আধাৰত নিৰ্মিত। ইয়াত সৌন্দৰ্য, অবিনাশ আৰু এম ভি বাসুদেৱ ৰাৱে মুখ্য চৰিত্ৰত অভিনয় কৰিছে। বান্ধ নিৰ্মাণ আৰু থলুৱা লোকৰ স্থানচ্যুতি ছবিখনৰ বিষয়।
-
নাগমণ্ডলম
নাগমণ্ডল (Nagamandala) ১৯৯৭ চনত নিৰ্মিত ভাৰতীয় কানাড়া ভাষাৰ নাট্যধৰ্মী ছবি, যাৰ পৰিচালক টি. এচ নাগভৰণ। কাহিনী লিখিছে গিৰিশ কনাৰ্ডে। শ্ৰীহৰি এল খোদেৰ দ্বাৰা প্ৰযোজিত আৰু চি অশ্বথৰ সংগীতেৰে নিৰ্মিত এইখন ১৯৮৮ চনৰ কৰ্নাডৰ একে নামৰ নাটকৰ অভিযোজন, যিখন স্থানীয় লোককথা আৰু আচাৰ-অনুষ্ঠানৰ আধাৰত ৰচিত…
-
স্কুল মাষ্টাৰ (১৯৫৮ চলচ্চিত্ৰ)
স্কুল মাষ্টাৰ (School Master) ১৯৫৮ চনৰ বি.আৰ. পন্থুলু প্ৰযোজিত আৰু পৰিচালিত এখন ভাৰতীয় কানাড়া ভাষাৰ এখন ছবি। ইয়াত পন্থুলুৱে মুখ্য ভূমিকাত অভিনয় কৰিছে। অন্য গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে ডিক্কি মাধৱ ৰাও, এম ভি ৰাজাম্মা, উদয়কুমাৰ, শিৱাজী গণেশন, মিথুন গণেশন আৰু বি সৰোজা দেৱীয়ে।
-
হন্নেলে চিগুৰিদাগা
হন্নেলে চিগুৰিদাগা (; অনু. যেতিয়া পুৰণি পাত সজীৱ হৈ উঠে; Hannele Chiguridaga) ১৯৬৮ চনৰ কন্নড় ভাষাৰ এখন ছবি, যিখনৰ পৰিচালনা এম আক বিট্টলে কৰিছে। প্ৰযোজনা কৰিছে শ্ৰীকান্ত এণ্টাৰপ্ৰাইজেছে। ছবিখনত মুখ্য ভূমিকাত অভিনয় কৰিছে ৰাজকুমাৰ, আৰ নগেন্দ্ৰ ৰাও আৰু কল্পনাই।
-
ৰুদ্ৰ (চলচ্চিত্ৰ)
ৰুদ্ৰ (Rudra) হʼল ১৯৮৯ চনত মুক্তিপ্ৰাপ্ত ভাৰতীয় কন্নড় ভাষাৰ এখন একচনধৰ্মী চলচ্চিত্ৰ। ছবিখন পৰিচালক কে. এছ. আৰ. দাসে ৰচনা তথা পৰিচালনা কৰিছিল। ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছিল অভিনেতা বিষ্ণুবৰ্ধন আৰু অভিনেত্ৰী খুছবু সুন্দৰে আৰু পাৰ্শ্ব চৰিত্ৰত অভিনয় কৰিছিল বজ্ৰমুনি, কে. এছ. অশ্বথ এবং লোহিতাস্বই।