অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

ৰুদ্ৰাভিষেক

ৰুদ্ৰাভিষেক (সংস্কৃত: रुद्राभिषेक) হৈছে ভগৱান শিৱৰ প্ৰতি উৎসৰ্গিত বৈদিক অনুষ্ঠান। ৰুদ্ৰাভিষেক অনুষ্ঠানৰ সময়ত গংগাজল (অছিঞ্জল), মৌ, গাখীৰ, পানী, পঞ্চমৃত আৰু দৈ ভগৱান শিৱক অৰ্পণ কৰা হয়। সাধাৰণতে ভাৰত উপমহাদেশৰ এটা শিৱ মন্দিৰত সোমবাৰে শিৱলিংগক আগবঢ়োৱা হয়।

হালনাগাদ: ২০ জুলাই ২০২৬ ২৮৫ শব্দ · ২ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

ৰুদ্ৰাভিষেক (সংস্কৃত: रुद्राभिषेक) হৈছে ভগৱান শিৱৰ প্ৰতি উৎসৰ্গিত বৈদিক অনুষ্ঠান। ৰুদ্ৰাভিষেক অনুষ্ঠানৰ সময়ত গংগাজল (অছিঞ্জল), মৌ, গাখীৰ, পানী, পঞ্চমৃত আৰু দৈ ভগৱান শিৱক অৰ্পণ কৰা হয়। সাধাৰণতে ভাৰত উপমহাদেশৰ এটা শিৱ মন্দিৰত সোমবাৰে শিৱলিংগক আগবঢ়োৱা হয়। হিন্দু অনুগামীসকলৰ মতে এই দিনটোত ৰুদ্ৰাভিষেক কৰি ভগৱান শিৱই সকলো কামনা সোনকালে পূৰণ কৰে বুলি বিশ্বাস কৰা হয়। এজন বিদ্বান ব্ৰাহ্মণৰ নিৰ্দেশনাত ইয়াক সম্পন্ন কৰা হয়। ইয়াৰ উপৰি ভগৱান শিৱ আৰু দেৱী পাৰ্বতীক উৎসৰ্গিত মহাশিৱৰাত্ৰি উৎসৱ উপলক্ষ্যে পৰিৱেশন কৰা হয়। মহাশিৱৰাত্ৰি উৎসৱৰ দিনটোত ৰুদ্ৰাভিষেকৰ গুৰুত্ব বেছি।১২৩৪৫৬

ব্যুৎপত্তি-তত্ত্ব

ৰুদ্ৰাভিষেক হʼল এটা সংস্কৃত শব্দ। এইটো দুটা পদ ক্ৰমে 'ৰুদ্ৰ' আৰু 'অভিষেক'ৰ সমষ্টি। ৰুদ্ৰ শব্দটো পোনপটীয়াকৈ ভগৱান শিৱৰ সৈতে জড়িত, যাক ৰুদ্ৰৰ অৱতাৰ বুলিও গণ্য কৰা হয়। একেদৰে, অভিষেক শব্দটোৱে শিৱলিংগত পৱিত্ৰ তৰল পদাৰ্থ অৰ্পণ কৰা আৰু ঢলা কাৰ্য্যক বুজায়। গতিকে, সংযুক্ত শব্দ ৰুদ্ৰাভিষেকৰ অৰ্থ হʼল ৰুদ্ৰ বা ভগৱান শিৱৰ অভিষেক বা পৱিত্ৰ স্নান।২

আচাৰ-অনুষ্ঠানৰ পদ্ধতি

ৰুদ্ৰাভিষেক পূজা শিৱলিংগত সম্পন্ন কৰা হয়। এই পূজা কোনো শিৱ মন্দিৰত থকা শিৱলিংগত কৰিব পৰা যায়। ৰুদ্ৰাভিষেকৰ ধৰ্মীয় ৰীতি-নীতি ঘৰতো সম্পন্ন কৰিব পাৰি। আটাইতকৈ প্ৰথমতে, যিটো পূজা ঘৰ বা স্থানত শিৱলিংগ স্থাপন কৰা হ’ব, সেই ঠাইটুকুৰা গংগাজল বা অছিঞ্জলৰ পানী (পৱিত্ৰ পানী) ছটিয়াই পৰিষ্কাৰ আৰু পৱিত্ৰ কৰি লʼব লাগে। স্থাপন কৰা শিৱলিংগৰ দিশ উত্তৰ দিশত হ’ব লাগে। উপাসক বা পূজা কৰা জন পূব দিশৰ মুখী হৈ বহিব লাগে।১

বিভিন্ন পৱিত্ৰ ধৰ্মীয় তৰল পদাৰ্থৰে কৰা এই অভিষেক কাৰ্য্য শৃংগী (গৰু বা ম’হৰ শিঙেৰে নিৰ্মিত এক বিশেষ পাত্ৰ)ৰ সহায়ত সম্পন্ন কৰা হয়। আটাইতকৈ প্ৰথমতে, শৃংগীত গংগাজল লৈ শিৱলিংগত জলাভিষেক কৰা হয়।১ জলাভিষেকৰ পিছত, বাকী সকলো অভিষেকো একেটা শৃংগীৰ সহায়তে কৰা হয়। শিৱলিংগটোক ইটোৰ পিছত সিটোকৈ কুঁহিয়াৰৰ ৰস, মৌ, দৈ, গাখীৰ, পানী আৰু পঞ্চামৃত আদি সকলো তৰল পদাৰ্থৰে অভিষেক কৰা হয়। ৰুদ্ৰাভিষেকৰ ধৰ্মীয় ৰীতি-নীতি চলি থকাৰ সময়ত ধাৰাবাহিকভাৱে মহামৃত্যুঞ্জয় মন্ত্ৰও জপ কৰা হয়।

ॐ त्र्यम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम्। उर्वारुकमिव बन्धनान् मृत्योर्मुक्षीय मामृतात्॥

তথ্যসূত্ৰ

  1. ↑ (2026-02-04). Mahashivratri 2026: महाशिवरात्रि के दिन जरूर करें रुद्राभिषेक, जानें सही तरीका, शिव कृपा से मिलते हैं विशेष लाभ. www.livehindustan.com
  2. ↑ Mandal, Vineeta; Hindi, India TV. (2024-07-22). भगवान शिव का रुद्राभिषेक करते समय इन बातों का रखें खास ध्यान, जानें मंत्र और महत्व. India TV Hindi
  3. ↑ (2026-02-12). Rudrabhishek On Mahashivratri 2026: घर पर कैसे करें शिव जी का रुद्राभिषेक? एक Click में देखें पूजन विधि और सामग्री की पूरी लिस्ट
  4. ↑ Rudrabhishek on Mahashivratri: महाशिवरात्रि पर इस विधि से करें रुद्राभिषेक, भोलेनाथ पूरी करेंगे सभी मनोकामना. Amar Ujala
  5. ↑ (1972). Sarasvatī. Iṇḍiyana Presa
  6. ↑ (1983). Viśva Hindī darśana. Viśva Hindī Pratishthāna

সম্পৰ্কিত শ্ৰেণী

হিন্দু ধৰ্ম

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰুদ্ৰাভিষেক” প্ৰবন্ধৰ সংশোধন ৬১৮৩২৫ (২০ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।