অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

ৰুদ্ৰসাগৰ হ্ৰদ

ৰুদ্ৰসাগৰ হ্ৰদ (Rudrasagar Lake) বা টুইজিলিক্‌মা ভাৰতৰ ত্ৰিপুৰাৰ মেলাঘৰত অৱস্থিত এক জলাশয়। ভাৰত চৰকাৰৰ পৰিৱেশ, বন আৰু জলবায়ু পৰিবৰ্তন মন্ত্ৰালয়ে জৈৱ-বৈচিত্ৰ্য আৰু আৰ্থ-সামাজিক গুৰুত্বৰ ভিত্তিত ৰুদ্ৰসাগৰক সংৰক্ষণ আৰু বহনক্ষম ব্যৱহাৰৰ বাবে ৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ জলাশয়সমূহৰ ভিতৰত অন্যতম হিচাপে…

হালনাগাদ: ৭ অক্টোবৰ ২০২৪ ২৬৭ শব্দ · ১ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

ৰুদ্ৰসাগৰ হ্ৰদ (Rudrasagar Lake) বা টুইজিলিক্‌মা ভাৰতৰ ত্ৰিপুৰাৰ মেলাঘৰত অৱস্থিত এক জলাশয়। ভাৰত চৰকাৰৰ পৰিৱেশ, বন আৰু জলবায়ু পৰিবৰ্তন মন্ত্ৰালয়ে জৈৱ-বৈচিত্ৰ্য আৰু আৰ্থ-সামাজিক গুৰুত্বৰ ভিত্তিত ৰুদ্ৰসাগৰক সংৰক্ষণ আৰু বহনক্ষম ব্যৱহাৰৰ বাবে ৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ জলাশয়সমূহৰ ভিতৰত অন্যতম হিচাপে চিহ্নিত কৰিছে।১ ৰামছাৰ সন্মিলনৰ মহাসচিবে ৰুদ্ৰসাগৰ হ্ৰদক আন্তঃৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ জলাশয় হিচাপে ঘোষণা কৰিছে। পৰিৱেশ আৰু বন মন্ত্ৰালয়ে ২০০৭ চনৰ ২৯ ফেব্ৰুৱাৰীত এই প্ৰমাণ পত্ৰ প্ৰদান কৰে।২

ভৌগোলিক তথ্য

ছিপাহিজালা জিলাৰ সোণামুৰা মহকুমাৰ মেলাঘৰ ব্লকত ৰুদ্ৰসাগৰ হ্ৰদ অৱস্থিত। এই হ্ৰদটোৰ ভৌগোলিক আয়তন ২.৪ কিলোমিটাৰ আৰু ৰাজ্যৰ ৰাজধানী ত্ৰিপুৰাৰ পৰা প্ৰায় ৫২ কিলোমিটাৰ দূৰত্বত অৱস্থিত। এই হ্ৰদটোৰ স্থানাংক ২৩°২৯’ উত্তৰ আৰু ৯০°০১’ পূবৰ মাজত।

জলৰূপতাত্ত্বিকভাৱে ৰুদ্ৰসাগৰ হ্ৰদ এটা প্ৰাকৃতিক পলস জলাশয়। ই তিনিটা বছৰজোৰা ধাৰা ক্ৰমে নোৱাচেৰা, দুৰ্লভনাৰায় চেৰা আৰু কেমতালি চেৰাৰ পৰা প্ৰবাহ লাভ কৰে। গ্ৰহণ কৰা প্ৰবাহৰ পৰা পলস থিতাপি লোৱাৰ পিছত কাচিগাং নামৰ সংযোগী নলাৰে গুমতী নদীত স্বচ্ছ পানী নিৰ্গত হয়। হ্ৰ্দটোৰ তলিখন পলসেৰেই (silt) গঠিত হৈছে, ইয়াত কোনো শিলৰ গঠন পোৱা নাযায়। চাৰিওফালৰ পাহাৰবোৰ কোমল পলসুৱা গঠনৰ। বাৰ্ষিক বৰষুণৰ পৰিমাণ প্ৰায় ২৫০০ মিলিমিটাৰ, জুন মাহৰ পৰা ছেপ্টেম্বৰ মাহত চাৰি-পাঁচটা বানপানীৰ চৰমাৱস্থাৰে বিয়পা। ধাৰাবোৰত বছৰজুৰি যথেষ্ট প্ৰবাহ থাকে। হ্ৰদ অঞ্চলৰ মাটি পলি মাটিৰ লোম পৰা মাটিৰ লোম। পানীৰ স্তৰ ৯ৰ পৰা ১৬ মিটাৰলৈকে হয়। হ্ৰদটোৰ অৱবাহিকা অঞ্চল ৭৫০ হেক্টৰ আৰু ইয়াৰ উষ্ণতাৰ তাৰতম্য ৩৭ ডিগ্ৰী চেলছিয়াছৰ পৰা ৫০ ডিগ্ৰী চেলছিয়াছলৈ।

ৰুদ্ৰসাগৰ এটা সম্ভাৱ্য গুৰুত্বপূৰ্ণ চৰাই অঞ্চল আৰু শীতকালত ইয়ালৈ বৃহৎ সংখ্যক জলচৰ চৰাই আহে। ৩ লিপিবদ্ধ কৰা বিৰল প্ৰজাতিসমূহৰ ভিতৰত বিলুপ্তপ্ৰায় দেৱহাঁহ আৰু প্ৰায় ভাবুকিৰ সন্মুখীন হোৱা কাকলি হাঁহ অন্যতম।৪

নীৰমহল

হ্ৰদটোৰ উত্তৰ-পূব পাৰৰ ওচৰত নীৰমহল (জল প্ৰাসাদ) নামেৰে জনাজাত এটা ৰাজপ্ৰসাদ অৱস্থিত। ১৯৩৫ চনৰ পৰা ১৯৩৮ চনৰ ভিতৰত তদানীন্তন ত্ৰিপুৰাৰ শাসনকৰ্তা মহাৰাজা বীৰ বিক্ৰম কিশোৰ মাণিক্য বাহাদুৰে গ্ৰীষ্মকালীন আৱাস হিচাপে নিৰ্মাণ কৰিছিল।

তথ্যসূত্ৰ

  1. ↑ The List of Wetlands of International Importance .2010. Convention on Wetlands (1971) Ramsar, Iran, Page-19
  2. ↑ Agenda note on Neermahal. 2007. Ministry of Forest, Fishery Dept., Govt. of Tripura Annual Report 2005-2006
  3. ↑ Choudhury, A.U. (2008). Rudrasagar – a potential IBA in Tripura in north-east India. Mistnet 9 (2): 4-5
  4. ↑ Choudhury, A.U. (2010). Recent ornithological records from Tripura, north-eastern India, with an annotated checklist. Indian Birds 6(3): 66-74

সম্পৰ্কিত শ্ৰেণী

ত্ৰিপুৰাহ্ৰদ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰুদ্ৰসাগৰ হ্ৰদ” প্ৰবন্ধৰ সংশোধন ৪৩৫৯৯৫ (৭ অক্টোবৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।