ৰাইকমল ( Raikamal ) সুবোধ মিত্ৰ পৰিচালিত এখন বঙালী নাট্যধৰ্মী চলচ্চিত্ৰ। অভিনয় কৰিছে উত্তম কুমাৰ, সাবিত্ৰী চট্টোপাধ্যায়, কাবেৰী বসু, চন্দ্ৰাৱতী দেৱী আদিয়ে। সংগীত ৰচনা পংকজ কুমাৰ মল্লিকৰ। গীতৰ কথা অতুলপ্ৰসাদ সেন, তাৰাশংকৰ বন্দোপাধ্যায়, শৈলেন ৰায়ে লিখিছে। ছবিখন ১৯৫৫ চনৰ ৮ মাৰ্চত মুক্তি পাইছিল।১ ইয়াত কাবেৰী বসুৰ অভিষেক ঘটিছিল। আৰোৰা ফিল্ম কৰ্পৰেশ্যনৰ অধীনত উত্তম কুমাৰৰ এইখন প্ৰথম কাম আৰু ৰাইকমলক উত্তম কুমাৰ অভিনীত আৰু বঙালী চলচ্চিত্ৰৰ প্ৰাৰম্ভিক পৰ্যায়ৰ অন্যতম শ্ৰেষ্ঠ ছবি হিচাপে স্মৰণ কৰা হয়। ছবিখনে বক্স অফিচত ছবিখনে সমালোচকৰ প্ৰশংসা পোৱাৰ সমান্তৰালভাবে বক্স অফিচতো বিপুল সফলতা লাভ কৰে।২ বিদেশী টেলিভিছনত প্ৰদৰ্শিত প্ৰথম ভাৰতীয় ছবি হিচাপে ইয়াক এক মাইলৰ খুঁটি হিচাপে গণ্য কৰা হয়।৩
কাহিনীৰ সাৰাংশ
ৰাইকমল কৃষ্ণৰ ভক্ত। ৰাই আৰু ৰঞ্জনৰ মাজত সৰুৰে পৰা ভালপোৱা। দুয়ো বিয়া হ’ব বিচাৰে যদিও দুয়োজনে বেলেগ বেলেগ জাতিৰ বাবে তেওঁলোক বহু সমস্যাৰ সন্মুখীন হ’বলগীয়া হয়।
বঁটা
৩য় ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা (১৯৫৫)
- শ্ৰেষ্ঠ বঙালী পূৰ্ণদৈৰ্ঘ্য ছবি (চাৰ্টিফিকেট অফ মেৰিট)৪
তথ্যসূত্ৰ
- ↑ Raikamal. The Times of India
- ↑ সংবাদদাতা, নিজস্ব. (2023-03-13). পৰ্ব-২৭: আপন হতে আপনজন 'ৰাইকমল'. সময় Updates
- ↑ সংবাদদাতা, নিজস্ব. (2023-03-13). পৰ্ব-২৭: আপন হতে আপনজন 'ৰাইকমল'. সময় Updates
- ↑ 3rd National Film Award
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰাইকমল” প্ৰবন্ধৰ সংশোধন ৫০৫০৭৭ (১ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।