অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

ৰয়েল মানস ৰাষ্ট্ৰীয় উদ্যান

ৰয়েল মানস ৰাষ্ট্ৰীয় উদ্যান (Royal Manas National Park) ভূটানৰ আটাইতকৈ পুৰণি ৰাষ্ট্ৰীয় উদ্যান, আৰু ৰাজকীয় চৰকাৰে ইয়াক "দেশখনৰ সংৰক্ষণ শ্ব'পিছ" আৰু মূল্যৱান উদ্ভিদৰ বাবে "জেনেটিক ডিপ'জিটৰী" বুলি গণ্য কৰে।

হালনাগাদ: ২১ নৱেম্বৰ ২০২৪ ২৭৭ শব্দ · ২ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

ৰয়েল মানস ৰাষ্ট্ৰীয় উদ্যান (Royal Manas National Park) ভূটানৰ আটাইতকৈ পুৰণি ৰাষ্ট্ৰীয় উদ্যান, আৰু ৰাজকীয় চৰকাৰে ইয়াক "দেশখনৰ সংৰক্ষণ শ্ব'পিছ" আৰু মূল্যৱান উদ্ভিদৰ বাবে "জেনেটিক ডিপ'জিটৰী" বুলি গণ্য কৰে। ইয়াৰ আয়তন ১,০৫৭ বৰ্গ কিলোমিটাৰ (৪০৮ বৰ্গমাইল) আৰু ই পূব ছাৰপাং জিলা, ঝেমগাং জিলাৰ পশ্চিমৰ আধা অংশ আৰু পশ্চিম পেমাগাটছেল জিলাক সামৰি লৈছে। ১

ই "জৈৱিক কৰিডৰ"ৰ জৰিয়তে ফিবছু বন্যপ্ৰাণী অভয়াৰণ্য, জিগমে ছিংগে ৱাংচুক ৰাষ্ট্ৰীয় উদ্যান, ফ্ৰুমচেংলা ৰাষ্ট্ৰীয় উদ্যান, আৰু জোমোটছাংখা বন্যপ্ৰাণী অভয়াৰণ্যৰ সৈতে সংযুক্ত হৈ আছে। ৰয়েল মানস দক্ষিণ দিশে অসমৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানস ৰাষ্ট্ৰীয় উদ্যানৰ সৈতেও পোনপটীয়াকৈ সংলগ্ন। ৰাষ্ট্ৰসংঘ শিক্ষা, বিজ্ঞান আৰু সংস্কৃতি সংস্থাৰ অন্তৰ্ভুক্তিৰ বাবে ভূটানৰ পৰীক্ষামূলক তালিকাত (tentative list) ইয়াক সূচীবদ্ধ কৰা হৈছে।১

এই ৰাষ্ট্ৰীয় উদ্যানত জনসাধাৰণৰ প্ৰৱেশ নিষিদ্ধ।

ইতিহাস

ৰয়েল মানস ১৯৯০ চনৰ আৰম্ভণিতে আন্তঃগাঁথনি উন্নয়ন আৰু ভিত্তিগত জৈৱিক আৰু আৰ্থ-সামাজিক মূল্যায়ন প্ৰাপ্ত ভূটান ট্ৰাষ্ট ফাণ্ডৰ অন্যতম প্ৰাথমিক কেন্দ্ৰবিন্দু আছিল। ভূটানৰ প্ৰথম উদ্যান পৰিচালনা পৰিকল্পনা ৰয়েল মানসৰ বাবে প্ৰস্তুত কৰা হৈছিল আৰু অন্যান্য উদ্যানসমূহৰ পৰিচালনাৰ ক্ষেত্ৰত ই আছিল বাটকটীয়া।২

প্ৰাকৃতিক ইতিহাস

উদ্ভিদ

ৰয়েল মানস ৰাষ্ট্ৰীয় উদ্যানত নিবাসস্থান নিম্নভূমিৰ গ্ৰীষ্মমণ্ডলীয় অৰণ্যৰ পৰা আৰম্ভ কৰি স্থায়ী বৰফাবৃত অঞ্চলৈকে বিস্তৃত। উদ্যানখনৰ পাৰিস্থিতিকী অঞ্চলসমূহৰ ভিতৰত আছে- পূব হিমালয়ৰ বহল পাতৰ অৰণ্য আৰু হিমালয়ৰ উপগ্ৰীষ্মমণ্ডলীয় পাইন বনাঞ্চল।

ৰয়েল মানসে খাদ্য, বাণিজ্য, চিকিৎসা, ধৰ্মীয় অনুষ্ঠানত ব্যৱহাৰ কৰা কেইবাটাও উদ্ভিদ প্ৰজাতিও উৎপাদন কৰে। উদ্যানখনৰ ভিতৰৰ দুৰ্গম, বিচ্ছিন্ন গাঁৱত প্ৰায় ৫,০০০ লোক বাস কৰে।২

প্ৰাণী

ৰয়েল মানস ৰাষ্ট্ৰীয় উদ্যানত ঢেকিয়াপতীয়া বাঘ, হাতী, গৌৰ (Bos gaurus), লগতে বিৰল সোণালী বান্দৰ (Presbytis geei), বন গাহৰী (Sus salvanius), হিস্পিড শহাপহু (Caprolagus hispidus), আৰু গংগা নদীৰ ডলফিন (Platanista) পোৱা যায়। . ইয়াৰ উপৰিও ই এশিঙিয়া গঁড় (Rhinoceros unicornis) আৰু বন্য জল ম'হ (Bubalus arnee) বাস কৰা একমাত্ৰ ভূটানৰ উদ্যান। শ শ প্ৰজাতিৰ এই বিশাল উদ্যানখনত বাস কৰে, চৰাই; যাৰ ভিতৰত আছে চাৰিটা প্ৰজাতিৰ ধনেশ চৰাই- ৰঙা ডিঙিৰ ধনেশ (Rhyticeros undulatus), মাহ ডলা ধনেশ (Rhyticeros undulates), পাকৈ ঢোৰা (Anthracoceros albirostris) আৰু ৰাজ ধনেশ (Buceros bicornis )।

মানস নদী আৰু ইয়াৰ উপনৈসমূহত মাহছিৰ নামৰ তিনিটা প্ৰজাতিৰ বিৰল পৰিভ্ৰমী মাছ পোৱা যায়: ডীপ বডীড মাহছিৰ (Tor tor), সোণালী মাহছিৰ (Tor putitora), আৰু চকলেট মাহছিৰ বা কেটল্ (Acrossocheilus hexangonolepis)।

লগতে চাওক

তথ্যসূত্ৰ

  1. ↑ Royal Manas National Park. national-parks.org
  2. ↑ Parks of Bhutan. Bhutan Trust Fund for Environmental Conservation online. Bhutan Trust Fund

সম্পৰ্কিত শ্ৰেণী

আই ইউ চি এন শ্ৰেণী II

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰয়েল মানস ৰাষ্ট্ৰীয় উদ্যান” প্ৰবন্ধৰ সংশোধন ৪৪৭০৪৭ (২১ নৱেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।