ৰত্ন কন্দলী শৰ্মা কটকী (১৭-১৮ শতিকা) স্বৰ্গদেউ চুখ্ৰংফাৰ কটকী আছিল। ১৭১০ চনৰপৰা ১৫ চনলৈ মুঠতে তিনিবাৰ অৰ্জুন দাস বৈৰাগীৰ লগত ত্ৰিপুৰা ৰাজ্যলৈ স্বৰ্গদেউৰ সন্দেশ লৈ গৈছিল। মোগল আক্ৰমণৰ বিৰুদ্ধে থিয় দিবলৈ স্বৰ্গদেৱে ত্ৰিপুৰা ৰাজ্যৰ সহায় বিচাৰি বাৰ্তা পঠিয়াইছিল। ১৭২৪ চনত অৰ্জুন দাসৰ সৈতে যুটীয়াকৈ 'ত্ৰিপুৰা বুৰঞ্জী' ৰচনা কৰে।১
তথ্যসূত্ৰ
- ↑ বৰ্মন, শিৱনাথ (২০০০). অসমীয়া জীৱনী অভিধান. চ'ফিয়া প্ৰেছ এণ্ড পাব্লিচাৰ্ছ প্ৰা: লি:, গুৱাহাটী
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰত্ন কন্দলী শৰ্মা কটকী” প্ৰবন্ধৰ সংশোধন ১০৭৩২১ (১৫ ডিচেম্বৰ ২০১২)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।