এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
ঘটনাৱলী
- ১৯৪৯ - হিন্দী ভাষাই ভাৰতৰ চৰকাৰী ভাষা হিচাপে স্বীকৃতি লাভ কৰে।
- ১৯৭৯ - যোগেন্দ্ৰ নাথ ভূঞা অসমৰ মুখ্যমন্ত্ৰী হয়। তেওঁ সেই বছৰৰে ১১ নৱেম্বৰলৈ কাৰ্যনিৰ্বাহ কৰিছিল।
- ২০০১ - বেইজিঙত মন্দিৰ এটা ভাগি ১৩জন লোকৰ মৃত্যু হয়।
জন্ম
- ১২৪ - অৰেলিয়ান (Aurelian), ৰোমান সম্ৰাট।
- ১৮২৮ - লেৱ তলস্ত’য়, ৰুছ কথা-সাহিত্যিক।
- ১৮৫০ - ভৰতেন্দু হৰিশ্চন্দ্ৰ, আধুনিক হিন্দী সাহিত্যৰ জনক।
- ১৯০৩ - অতুল চন্দ্ৰ হাজৰিকা, অসমৰ এজন কবি, নাট্যকাৰ, গদ্য লেখক আৰু শিশু সাহিত্যিক আছিল। সাহিত্যাচাৰ্য নামেৰে তেখেত পৰিচিত।
- ১৯৬৬ - আডাম ছেণ্ডলাৰ (Adam Sandler), আমেৰিকান কৌতুক অভিনেতা।
- ১৯৬৭ - অক্ষয় কুমাৰ বা ৰাজীৱ হৰি ঔম ভটিয়া, জনপ্ৰিয় ভাৰতীয় অভিনেতা।
- ১৯৭৪ - কেপ্তেইন বিক্ৰম বত্ৰা, কাৰ্গিলৰ যুদ্ধৰ শ্বহীদ। তেওঁক মৰুণোত্তৰ ভাৱে পৰমবীৰ চক্ৰ প্ৰদান কৰা হৈছিল।
- ১৯৮৫ - লুকা মড্ৰিক (Luka Modrić), ফুটবল খেলুৱৈ, ক্ৰ'য়েছিয়াৰ জাতীয় দলৰ অধিনায়ক।
- ১৯৮৭ - তথাগত অৱতাৰ তুলসী, ভাৰতীয় বিস্ময় বালক আৰু পদাৰ্থবিদ। তেওঁ ৯ বছৰ বয়সত হাইস্কুলীয়া শিক্ষা সম্পূৰ্ণ কৰি পাটনা বিজ্ঞান মহাবিদ্যালয়ৰ পৰা ১০ বছৰ বয়সত বি. এছ. ছি. আৰু ১২ বছৰ বয়সত এম. এছ. ছি. ডিগ্ৰী লাভ কৰে। ২০০৯ চনৰ আগষ্ট মাহত তেওঁ ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠান বাংগালোৰৰ পৰা ২২ বছৰ বয়সতে পদাৰ্থবিজ্ঞানত পি. এইছ. ডি. ডিগ্ৰী অৰ্জন কৰে।
মৃত্যু
- ১০৮৭ - ৱিলিয়াম দি কনকুৱেৰ বা ৱিলিয়াম প্ৰথম, ইংলেণ্ডৰ প্ৰথম নৰমান সম্ৰাট।
- ১৯৭৬ - মাও-ছে-তুঙ বা মাও জিদং (Mao Zedong), গণতান্ত্ৰিক চীনৰ প্ৰসিদ্ধ নেতা।
- ১৯৯৯ - মফজ্জ্বল হুছেইন বা যাদু সম্ৰাট এম. হুছেইন, অসমৰ এগৰাকী জনপ্ৰিয় মঞ্চ যাদুকৰ।
- ১৯৯৯ - যোগেশ দাস, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি।
- ২০০৩ - এডৱাৰ্ড টেলাৰ, হাংগেৰিয়ান-আমেৰিকান পদাৰ্থ বিজ্ঞানী, হাইড্ৰ'জেন বোমাৰ (উদজান বোমা) পিতৃ পুৰুষ। (জঃ ১৫ জানুৱাৰী, ১৯০৮)
- ২০০৪ - মুনীন ভূঞা, বিশিষ্ট নাট্যকাৰ।
- ২০১২ - ভাৰ্গিজ কুৰিয়েন, এগৰাকী অভিযন্তা আৰু সামাজিক সংগঠক। এখেতক "ভাৰতৰ শ্বেত বিপ্লৱৰ জনক", আৰু "ভাৰতৰ দুগ্ধ মানৱ" হিচাপে জনা যায়। এখেতে সংগঠিত কৰিছিল পৃথিৱীৰ সৰ্ববৃহৎ কৃষি বিকাশ কাৰ্যসূচী "ভাৰতৰ দুগ্ধ বিপ্লৱ।"
দিৱস
- তাজিকিস্থানৰ স্বাধীনতা দিৱস।
বাহ্যিক সংযোগ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “৯ ছেপ্টেম্বৰ” প্ৰবন্ধৰ সংশোধন ২৯৫২১৬ (৯ ছেপ্তেম্বৰ ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।