ঘটনাৱলী
- ১৯৫০ - ইণ্ডোনেছিয়াই ৰাষ্ট্ৰ সংঘৰ সদস্য পদ গ্ৰহণ কৰে ৷
- ১৯৫৯ - প্ৰথম এছিয় মহিলা সাঁতোৰবিদৰূপে আৰতি সাহাই ইংলিছ চেনেল পাৰ হয়।
- ১৯৬২ - কলিকতাত ভাৰতৰ প্ৰথমটো তৰাঘৰ ‘‘বিৰলা তৰাঘৰ’’ মুকলি হয়।
- ১৯৭৭ - গংগাৰ পানী বিতৰণক লৈ ভাৰত আৰু বাংলাদেশৰ মাজত এক চুক্তি স্বাক্ষৰিত হয়।
- ২০০২ - দক্ষিণ কোৰিয়াৰ বুছানত চতুৰ্দশ এছিয়ান গেমছ আৰম্ভ হয়।
- ২০০৪ - বিশ্বৰ ঐশ্বৰ্যশালী ভাৰতীয় ক্ৰিকেট কণ্ট্ৰ’ল বৰ্ডৰ সভাপতিৰূপে ৰণবীৰ সিং মহেন্দ্ৰ নিৰ্বাচিত হয়।
- ২০১০ - অসম চৰকাৰে অসম জৈৱ বৈচিত্ৰ্য পৰিষদ গঠন কৰে।১
জন্ম
- ১০৬ খ্ৰীষ্টপূৰ্ব - পম্পে বা পম্পী দা গ্ৰেট (Pompey), ৰোমান সেনাপতি।
- ১৫৪৭ - ছাভেয়া মিগুৱেল ডি কাৰ্ভেণ্টিছ, স্পেইন ঔপন্যাসিক।
- ১৭২৫ - ৰবাৰ্ট ক্লাইৱ, ইংৰাজ সৈনিক, পিছলৈ ব্ৰিটিছ অধিকৃত ভাৰতৰ প্ৰশাসক হৈছিল।
- ১৭৫৮ - হোৰেচিঅ নেলছন, ইংৰাজ নৌ সেনাধ্যক্ষ।
- ১৯২৮ - ব্ৰজেশ চন্দ্ৰ মিশ্ৰ, বৈদেশীক কূটনীতিবিদ আৰু ৰাজনেতা।
- ১৯৩০ - সত্যব্ৰত শাস্ত্ৰী, ভাৰতৰ সংস্কৃত পণ্ডিত, লেখক, ব্যাকৰণবিদ আৰু কবি।
- ১৯৩২ - মেহমুদ, ভাৰতৰ প্ৰখ্যাত অভিনেতা, পৰিচালক আৰু প্ৰযোজক।
- ১৯৯৮ - জাকিয়া খুদাদাদী, আফগান পেৰা-টাইকোৱানড' খেলুৱৈ।
মৃত্যু
- ১৯১৩ - ৰুডলফ ডিজেল, জাৰ্মান অভিযন্তা, তেওঁ ডিজেল ইঞ্জিন আৱিষ্কাৰ কৰিছিল।
- ১৯২৩ - ৱাল্থাৰ পেঙ্ক (Walther Penck), জাৰ্মান ভূ-তত্ববিদ আৰু ভূ-আকৃতি বিজ্ঞানী। ভূমিক্ষয় সুত্ৰৰ বাবে জনাজাত।
- ১৯২৭ - ৱিলেম আইনথ'ভেন (Willem Einthoven), হ'লেণ্ড বা নেডাৰলেণ্ডৰ ন'বেল জয়ী চিকিৎসা বিজ্ঞানী আৰু ই ছি জিৰ (ECG) উদ্ভাৱক।
- ১৯৮১ - দেবেন্দ্ৰ নাথ আচাৰ্য, অসমীয়া ঔপন্যাসিক, গল্পকাৰ, কবি আৰু শিশু সাহিত্যিক। জংগম উপন্যাসৰ বাবে মৰণোত্তৰভাৱে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল।
- ১৯৮৭ - বিনোদিনী ৰমনভাই নীলকণ্ঠ, গুজৰাটী লেখিকা, অনুবাদিকা আৰু অধ্যাপিকা।
- ২০০১ - গুঁৱেন ভেন থিউ (Nguyen Van Thieu), ভিয়েটনামৰ প্ৰাক্তন ৰাষ্ট্ৰপতি।
- ২০০৪ - বালামণি আম্মা, মালয়ালম ভাষাৰ ভাৰতীয় কবি।
- ২০১৭ - টম আলটাৰ (Tom Alter), ভাৰতীয় অভিনেতা, শক্তিমান ধাৰাবাহিকৰ মহাগুৰু চৰিত্ৰৰ বাবে জনাজাত।
- ২০২০ - কাৰাথলভু চন্দ্ৰশেখৰণ শিৱশংকৰণ, ভাৰতীয় চিত্ৰশিল্পী।
দিৱস
- বিশ্ব হৃদয় দিৱস।
- খাদ্য লোকচান আৰু আৱৰ্জনা হ্ৰাসৰ ওপৰত আন্তৰ্জাতিক সজাগতা দিৱস।
বাহ্যিক সংযোগ
- বিবিচি: এই দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা
- দ্য নিউয়ৰ্ক টাইমচ, এই দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “২৯ ছেপ্টেম্বৰ” প্ৰবন্ধৰ সংশোধন ৩৮৬০৬৫ (৬ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।