অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

২৭ ছেপ্টেম্বৰ

১২৯০ - চীনত হোৱা প্ৰবল ভূমিকম্পৰ ফলত এক লাখ লোকৰ মৃত্যু হয়। ১৭৬০ - মীৰজাফৰক গাদীচ্যুত কৰি মীৰকাচিম বংগৰ নৱাব হয়। ১৮২৫ - ইংলেণ্ডৰ ষ্টকটন আৰু ডাৰলিংটন চহৰৰ মাজত ভাপচালিত ইঞ্জিনে টনা পৃথিৱীৰ প্ৰথম যাত্ৰীবাহী আৰু মালবাহী ৰে'লগাড়ীৰ চলাচল আৰম্ভ হয়।

হালনাগাদ: ২৪ ছেপ্তেম্বৰ ২০২২ ২৭১ শব্দ · ২ মিনিট সংগৃহীত ৭৩
সংশোধনৰ পৰামৰ্শ

ঘটনাৱলী

  • ১২৯০ - চীনত হোৱা প্ৰবল ভূমিকম্পৰ ফলত এক লাখ লোকৰ মৃত্যু হয়।
  • ১৭৬০ - মীৰজাফৰক গাদীচ্যুত কৰি মীৰকাচিম বংগৰ নৱাব হয়।
  • ১৮২৫ - ইংলেণ্ডৰ ষ্টকটন আৰু ডাৰলিংটন চহৰৰ মাজত ভাপচালিত ইঞ্জিনে টনা পৃথিৱীৰ প্ৰথম যাত্ৰীবাহী আৰু মালবাহী ৰে'লগাড়ীৰ চলাচল আৰম্ভ হয়।
  • ১৯৫৮ - ভাৰতৰ মিহিৰ সেনে ইংলিছ চেনেল সাঁতুৰি অতিক্ৰম কৰে। ইংলিছ চেনেল সাঁতুৰি পাৰ হোৱা তেৱেই প্ৰথম ভাৰতীয়।
  • ১৯৯৬ - তালিবানৰ দ্বাৰা কাবুল দখল হৈছিল।
  • ২০০৩ - প্ৰথম বাৰৰ বাবে বিশ্বত বিজ্ঞানীসকলৰ দ্বাৰা নিগনিৰ ক্ল’ন সম্পন্ন হয়।

জন্ম

  • ১৬০১ - লুই ত্ৰয়োদশ, ফ্ৰান্সৰ ৰজা।
  • ১৭২২ - চেমুৱেল আডামছ, আমেৰিকাৰ বিপ্লৱী আৰু প্ৰতিষ্ঠাপক পিতৃ পুৰুষ সকল মাজৰ এজন।
  • ১৭৮৩ - আগাষ্টিন দে ইটুৰবিডে বা মেক্সিকোৰ আগাষ্টিন, মেক্সিকোৰ সেনাপতি আৰু ৰাজনেতা। (মৃঃ ১৯ জুলাই, ১৮২৪) ১
  • ১৮৬২ - লুইছ ব'থা (Louis Botha), দক্ষিণ আফ্ৰিকাৰ প্ৰথম প্ৰধানমন্ত্ৰী।
  • ১৮৭০ - গ্ৰাছিয়া ডেলেড্ডা, ইটালীৰ গল্প লেখিকা আৰু ঔপন্যাসিকে। ১৯২৬ চনত তেওঁ সাহিত্যৰ নোবেল বঁটা লাভ কৰিছিল।
  • ১৯০৭ - ভগৎ সিঙ, ভাৰতৰ স্বাধীনতা আন্দোলনৰ সংগ্ৰামী নেতা।
  • ১৯২২ - বীৰেন্দ্ৰ কুমাৰ ফুকন, অসমৰ এগৰাকী সংগীতজ্ঞ।
  • ১৯৩২ - য়শ চোপ্ৰা, ভাৰতীয় চলচ্চিত্ৰ পৰিচালক।
  • ১৯৬৮ - ৰাহুল দেৱ, ভাৰতীয় চলচ্চিত্ৰ অভিনেতা।
  • ১৯৮১ - লক্ষ্মীপতি বালাজী, ভাৰতীয় জাতীয় ক্ৰিকেট দলৰ প্ৰাক্তন খেলুৱৈ।
  • ১৯৮৪ - এভ্ৰিল লেভীন (Avril Lavigne), কানাডাৰ গায়িকা আৰু অভিনেত্ৰী।

মৃত্যু

  • ১৮৩৩ - ৰামমোহন ৰায়, সমাজ সংস্কাৰক।
  • ১৯১৭ - এডগাৰ ডেগাস (Edgar Degas), ফৰাচী চিত্ৰশিল্পী।
  • ১৯৩৩ - কামিনী ৰায়, ব্ৰিটিছ শাসনৰ সময়ৰ এগৰাকী শীৰ্ষ বঙালী সমাজকৰ্মী আৰু নাৰীবাদী কবি।
  • ১৯৬৫ - ক্লাৰা বউ (Clara Bow), অবাক কথাছবিৰ আমেৰিকান অভিনেত্ৰী।
  • ১৯৭২ - এছ আৰ ৰংগনাথন, ভাৰতৰ এগৰাকী গণিতজ্ঞ আৰু পুথিভঁৰালী।
  • ১৯৭৩ - জেহিৰুদ্দিন আহমদ, অসমৰ শিক্ষা জগতৰ এজন কিংবদন্তি শিক্ষক আৰু সমাজ-সেৱক।
  • ২০০৮ - মহেন্দ্ৰ কাপুৰ, হিন্দী কথাছবিৰ প্ৰখ্যাত গায়ক।

দিৱস

বাহ্যিক সংযোগ


তথ্যসূত্ৰ

  1. ↑ en.wikipedia.org/wiki/Agust%C3%ADn_de_Iturbide

সম্পৰ্কিত শ্ৰেণী

ছেপ্টেম্বৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “২৭ ছেপ্টেম্বৰ” প্ৰবন্ধৰ সংশোধন ৩৩৩৭৫১ (২৪ ছেপ্তেম্বৰ ২০২২)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।