অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

মিহিৰ সেন

মিহিৰ সেন (১৬ নৱেম্বৰ ১৯৩০ – ১১ জুন ১৯৯৭) এজন বিখ্যাত ভাৰতীয় দীৰ্ঘ দূৰত্বৰ সাঁতোৰবিদ আৰু উকীল আছিল। তেওঁ ১৯৫৮ চনত ডোভাৰৰপৰা কেলাইছলৈ ইংলিছ চেনেল জয় কৰা প্ৰথমজন এছিয়াৰ লোক আছিল আৰু দ্ৰুততম সময়ত (১৪ ঘণ্টা ৪৫ মিনিট) সাঁতুৰি পাৰ হৈছিল।

হালনাগাদ: ৭ আগষ্ট ২০২৫ ৪৪৯ শব্দ · ২ মিনিট সংগৃহীত ৮৩
সংশোধনৰ পৰামৰ্শ

মিহিৰ সেন (১৬ নৱেম্বৰ ১৯৩০ – ১১ জুন ১৯৯৭) এজন বিখ্যাত ভাৰতীয় দীৰ্ঘ দূৰত্বৰ সাঁতোৰবিদ আৰু উকীল আছিল। তেওঁ ১৯৫৮ ১চনত ডোভাৰৰপৰা কেলাইছলৈ ইংলিছ চেনেল জয় কৰা প্ৰথমজন এছিয়াৰ লোক আছিল আৰু দ্ৰুততম সময়ত (১৪ ঘণ্টা ৪৫ মিনিট) সাঁতুৰি পাৰ হৈছিল। এটা কেলেণ্ডাৰ বৰ্ষত (১৯৬৬) পাঁচখন মহাদেশৰ মহাসাগৰ সাঁতুৰিবলৈ সক্ষম হোৱা তেৱেঁই একমাত্ৰ ব্যক্তি আছিল। ইয়াৰ ভিতৰত আছিল পাল্ক ষ্ট্ৰেইট, ডাৰ্ডেনেলচ, বছফোৰাছ, জিব্ৰাল্টাৰ আৰু পানামা খালৰ সমগ্ৰ দৈৰ্ঘ্য।২ তেওঁৰ এই অনন্য সাফল্যই তেওঁক 'বিশ্বৰ সৰ্বশ্ৰেষ্ঠ দীৰ্ঘ দূৰত্বৰ সাঁতোৰবিদ' হিচাপে গিনিজ বুক অফ ৰেকৰ্ডছত স্থান দিছিল।৩

প্ৰাৰম্ভিক জীৱন

মিহিৰ সেনৰ জন্ম ১৯৩০ চনৰ ১৬ নৱেম্বৰত পশ্চিম বংগৰ পুৰুলিয়াত এটা বৈদ্য-ব্ৰাহ্মণ ৪ পৰিয়ালত হৈছিল। দেউতাক আছিল চিকিৎসক ৰমেশ সেনগুপ্ত আৰু মাতৃৰ নাম আছিল লীলাৱতী। মুখ্যতঃ তেওঁৰ মাতৃ লীলাৱতীৰ প্ৰচেষ্টাৰ বাবে মিহিৰ আঠ বছৰ বয়সত পৰিয়ালটো কটকলৈ স্থানান্তৰিত হৈছিল। কিয়নো কটকৰ উন্নত বিদ্যালয় আছিল। মিহিৰে উৰিষ্যাৰ ভুৱনেশ্বৰৰ উৎকল বিশ্ববিদ্যালয়ৰপৰা আইনত ডিগ্ৰী লাভ কৰিছিল। তেওঁবাৰৰ বাবে নিজকে প্ৰস্তুত কৰিবলৈ ইংলেণ্ড ভ্ৰমণ কৰিব বিচাৰিছিল কিন্তু পুঁজিৰ অভাৱত অলপ অসুবিধা হৈছিল। অৱশ্যে, ১৯৫০ চনত ওড়িশাৰ তদানীন্তন মুখ্যমন্ত্ৰী বিজু পাটনায়কৰ আৰ্থিক সহায়ত তেওঁ পঢ়া-শুনা কৰিবলৈ ইংলেণ্ডলৈ এখন জাহাজত উঠিবলৈ সক্ষম হৈছিল।

ইংলেণ্ডৰ জীৱন

ইংলেণ্ডত, ভাৰতীয় ৰাষ্ট্ৰদূত কৃষ্ণ মেননে ইণ্ডিয়া হাউচত সেনক নিযুক্তি দিছিল। তেওঁ ১৯৫১ চনৰ ২১ ফেব্ৰুৱাৰীত আইন অধ্যয়ন কৰিবলৈ লিংকনৰ ইনত নাম ভৰ্তি কৰে। তেওঁ লিংকন ইনৰ পুথিভঁৰালৰপৰা ধাৰলৈ লোৱা কিতাপবোৰ স্ব-অধ্যয়ন কৰিছিল। ১৯৫৪ চনৰ ২৩ নৱেম্বৰত তেওঁক লিংকনৰ ইনৰ বাৰলৈ মাতি অনা হৈছিল।

সাঁতোৰ জীৱন

১৯৫০ চনত ইংলিছ চেনেল সাঁতুৰি পাৰ হোৱা প্ৰথম আমেৰিকাৰ মহিলা ফ্লৰেন্স চাডউইকৰ বিষয়ে সেনে এটা প্ৰবন্ধ এখন স্থানীয় বাতৰি কাকত এখনত পঢ়িছিল আৰু এই বাতৰিৰদ্বাৰা উৎসাহিত হৈ তেওঁ নিজৰ দেশৰ বাবে এই কৃতিত্ব পুনৰাবৃত্তি কৰিবলৈ তৈয়াৰ হৈছিল। ১৯৫৮ চনৰ ২৭ ছেপ্টেম্বৰত তেওঁ চতুৰ্থ দ্ৰুততম সময়ত (১৪ ঘণ্টা ৪৫ মিনিট) ডোভাৰৰপৰা কেলাইছ ৫ লৈ ইংলিছ চেনেল জয় কৰাৰ পাছত খ্যাতি লাভ কৰে। তেওঁ ভাৰতলৈ এজন ৰাষ্ট্ৰীয় নায়ক হিচাপে উভতি আহিছিল আৰু তেওঁ যুৱপ্ৰজন্মৰ অন্যতম যুৱ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছিল। ১৯৫৯ চনত প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে তেওঁক পদ্মশ্ৰী প্ৰদান কৰে।

তাৰ পিছত তেওঁ এটা কেলেণ্ডাৰ বৰ্ষত (১৯৬৬) পাঁচখন মহাদেশৰ মহাসাগৰ সাঁতুৰিবলৈ প্ৰথম ব্যক্তি হিচাপে পৰিগণিত হয়।

ভাৰতৰ জীৱন

ইংলিছ চেনেল বিজয়ৰ অলপ পাছতে ১৯৫৮ চনত ভাৰতলৈ উভতি আহে। ক্লাববোৰত 'কেৱল শ্বেতাংগ' নীতিৰ বাবে তেওঁক ক্লাববোৰত প্ৰৱেশ কৰিবলৈ অস্বীকাৰ কৰা হৈছিল। ইয়াৰ ফলত তেওঁ এই নিয়ম বাতিল কৰিবলৈ এক উচ্চ-স্তৰৰ মিডিয়া প্ৰচাৰৰ নেতৃত্ব দিবলৈ বাধ্য হয় আৰু ইয়াৰ ফলস্বৰূপে সমগ্ৰ ভাৰতৰ ক্লাববোৰে সকলো ভাৰতীয়ৰ বাবে তেওঁলোকৰ দুৱাৰ মুকলি কৰিবলৈ বাধ্য হয়। তেওঁ প্ৰথমতে কলিকতা উচ্চ ন্যায়ালয়ত ফৌজদাৰী আইনৰ অনুশীলন কৰিছিল। কিন্তু পৰৱৰ্তী সময়ত এজন সফল ব্যৱসায়ী হৈ পৰিছিল। ১৯৭৭ চনত কমিউনিষ্ট নেতা জ্যোতি বসুৱে তেওঁক ভাৰতীয় কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী)ৰ হৈ এক উচ্চ-স্তৰৰ চৰকাৰী পদৰ বিনিময়ত যোগদান আৰু প্ৰচাৰ চলাবলৈ অনুৰোধ কৰে। মিহিৰ সেনে অস্বীকাৰ কৰে। ফলত চিপিআই(এম)ৰ বিজয়ৰ পাছত বসুৱে সেনৰ ব্যৱসায়ক আক্ৰমণ কৰিছিল আৰু স্থায়ীভাৱে বন্ধ কৰিবলৈ বাধ্য নোহোৱালৈকে ব্যাৱসায়িক কাৰ্যকলাপ ক্ৰমান্বয়ে হ্ৰাস কৰিছিল।

মৃত্যু

১৯৯৭ চনৰ জুন মাহত ৬৬ বছৰ বয়সত আলঝেইমাৰ আৰু পাৰ্কিনছন ৰোগৰ আক্ৰমণৰ ফলত সেনৰ মৃত্যু হয়।২

তথ্যসূত্ৰ

  1. ↑ OUR SPORTSMEN. 123india.com
  2. ↑ Begging recall. Statesman News Service. The Statesman, 6 January 2013
  3. ↑ (1 January 1970). Mihir Sen Hailed Greatest. The Indian Express. পৃ. 16
  4. ↑ Man who swam against the tide. www.telegraphindia.com
  5. ↑ Bose, Anjali, Samsad Bangali Chariutabhidhan, Vol II, p. 268, Sishu Sahitya Samsad Pvt. Ltd

সম্পৰ্কিত শ্ৰেণী

সাঁতোৰবিদ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মিহিৰ সেন” প্ৰবন্ধৰ সংশোধন ৫৩০৯৬৪ (৭ আগষ্ট ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।