অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

১৯ জুলাই

১৭৬৩ - বঙ্গৰ নৱাব মীৰ কাচিমক তৃতীয় কাটৱা যুদ্ধত বৃটিছে পৰাস্ত কৰে। ১৯৪৯ - তেহৰী গাঢ়ৱালৰ ৰজাই ভাৰতৰ লগত বিলীন হোৱা কথা ঘোষণা কৰে। ১৯৬৯ - ভাৰতৰ ১৪টা প্ৰধান বেংক ৰাষ্ট্ৰীয়কৰণ কৰা হৈছিল। ২০০৮ - অসমীয়া শ্বহীদ, ৰাষ্ট্ৰীয় বীৰ কেপ্তেইন জিণ্টু গগৈলৈ মৰণোত্তৰভাৱে বীৰ চিলাৰায় বঁটা প্ৰদান কৰা হৈছিল।

হালনাগাদ: ১৮ জুলাই ২০২২ ১৯৫ শব্দ · ১ মিনিট সংগৃহীত ৭৩
সংশোধনৰ পৰামৰ্শ

উল্লেখযোগ্য ঘটনাৱলী

  • ১৭৬৩ - বঙ্গৰ নৱাব মীৰ কাচিমক তৃতীয় কাটৱা যুদ্ধত বৃটিছে পৰাস্ত কৰে।
  • ১৯৪৯ - তেহৰী গাঢ়ৱালৰ ৰজাই ভাৰতৰ লগত বিলীন হোৱা কথা ঘোষণা কৰে।
  • ১৯৬৯ - ভাৰতৰ ১৪টা প্ৰধান বেংক ৰাষ্ট্ৰীয়কৰণ কৰা হৈছিল।
  • ২০০৮ - অসমীয়া শ্বহীদ, ৰাষ্ট্ৰীয় বীৰ কেপ্তেইন জিণ্টু গগৈলৈ মৰণোত্তৰভাৱে বীৰ চিলাৰায় বঁটা প্ৰদান কৰা হৈছিল।
  • ২০১১ - অসমৰ বিদ্যালয়সমূহত ৩০ লাখ ভুৱা ছাত্ৰ-ছাত্ৰী আছে বুলি অসম চৰকাৰৰ শিক্ষামন্ত্ৰীয়ে প্ৰকাশ কৰিছিল।
  • ২০১১ - গোৰ্খালেণ্ডলৈ অধিক স্বায়ত্ত্ব শাসন প্ৰদান কৰি ত্ৰিপাক্ষিক চুক্তি স্বাক্ষৰ কৰা হৈছিল।
  • ২০১২ - ভাৰতবৰ্ষৰ ত্ৰয়োদশ গৰাকী ৰাষ্ট্ৰপতিৰ বাবে নিৰ্বাচন অনুষ্ঠিত হৈছিল।
  • ২০১২ - অমৰনাথলৈ কৰা যাত্ৰাত ৮০জন লোকৰ মৃত্যু হৈছিল।

জন্ম

মৃত্যু

  • ১৮২৪ - আগাষ্টিন দে ইটুৰবিডে বা মেক্সিকোৰ আগাষ্টিন, মেক্সিকোৰ সেনাপতি আৰু ৰাজনেতা। (জঃ ১৭৮৩)
  • ১৯৪৭ - অং চান, ম্যানমাৰৰ স্বাধীনতা সংগ্ৰামৰ প্ৰধান নেতা। (জঃ ১৯১৫)
  • ১৯৬৫ - চিংগমেন ৰী, দক্ষিণ কোৰিয়াৰ প্ৰথম ৰাষ্ট্ৰপতি। (জঃ ২৬/০৩/১৮৭৫)
  • ২০১২ – হুমায়ূন আহমেদ, বাংলাদেশী জনপ্ৰিয় লেখক, নাট্যকাৰ আৰু চলচ্চিত্ৰ পৰিচালক। (জন্মঃ ১৯৪৮)

দিৱস

  • ম্যানমাৰৰ শ্বহীদ দিৱস।
  • নিকাৰাগুৱাৰ মুক্তি দিৱস।

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ www.mapsofindia.com/on-this-day/july-19-1955-cri

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “১৯ জুলাই” প্ৰবন্ধৰ সংশোধন ৩২৮২৬১ (১৮ জুলাই ২০২২)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।