২০২২ চনৰ এলানথুৰ নৰবলি কাণ্ডই ভাৰতৰ কেৰালা ৰাজ্যৰ পাথানামথিত্তা জিলাৰ এলানথুৰ গাঁৱত সংঘটিত এক অপৰাধক বুজায়, য’ত দুগৰাকী মহিলাক নৰবলিৰ ৰীতি-নীতিৰ অংশ হিচাপে নিৰ্যাতন চলাই হত্যা কৰা হৈছিল।১ কেৰালা আৰক্ষীয়ে চলোৱা তদন্তৰ ফলত মহম্মদ শ্বাফী, ভগৱাল সিং আৰু তেওঁৰ পত্নী লাইলাক গ্ৰেপ্তাৰ কৰা হয়। বলি হোৱা মহিলা দুগৰাকী আছিল ৰোজলিন আৰু পদ্মা; দুয়োগৰাকী লটাৰী টিকট বিক্ৰেতা আছিল আৰু পৰিয়ালৰপৰা আঁতৰি বাস কৰিছিল। নৰবলিৰ নামত এই হত্যাকাণ্ড সংঘটিত হোৱা আৰু ইয়াত নৰমাংস ভক্ষণৰো অভিযোগ উত্থাপিত হোৱাৰ বাবে এই গোচৰটোৱে সংবাদ মাধ্যমৰ ব্যাপক দৃষ্টি আকৰ্ষণ কৰিছিল।২
হত্যাকাণ্ড
মহম্মদ "ৰছিদ" শ্বাফীয়ে ফেইচবুকৰ জৰিয়তে ভগৱাল সিঙৰ সৈতে যোগাযোগ কৰিছিল। "শ্ৰীদেৱী" নামৰ এক ছদ্মনাম ব্যৱহাৰ কৰি শ্বাফীয়ে সিঙক এজন তান্ত্ৰিকৰ সহায় ল’বলৈ উৎসাহিত কৰে আৰু পিছত নিজকে তান্ত্ৰিক হিচাপে চিনাকি দিয়ে।৩ শ্বাফীয়ে সিং আৰু তেওঁৰ পত্নী লাইলাক লগ ধৰি অতীতৰ পাপৰপৰা মুক্তি পাবলৈ কিছুমান ধৰ্মীয় অনুষ্ঠান বা ৰীতি পালন কৰিবলৈ পতিয়ন নিয়ায়। তেওঁ তেওঁলোকক বুজাই দিবলৈ সক্ষম হৈছিল যে নৰবলিয়ে সিঙৰ ধাৰ-ঋণৰ সমস্যা সমাধান কৰিব আৰু সেইমৰ্মে দম্পতীহালে শ্বাফীক বলিৰ বাবে এজন মানুহ যোগাৰ কৰি দিবলৈ ধন আদায় দিছিল।৪
২৬ ছেপ্টেম্বৰত শ্বাফীয়ে ৫২বছৰীয়া এগৰাকী মহিলা পদ্মাক যৌন কৰ্মৰ বিনিময়ত ১৫,০০০ টকা দিয়াৰ প্ৰতিশ্ৰুতিৰে সিঙৰ ঘৰলৈ লৈ আহে। তাত প্লাষ্টিকৰ জৰীৰে তেওঁৰ ডিঙি চেপি অচেতন কৰা হয়। তাৰ পিছত কটাৰীৰে তেওঁৰ গুপ্তাংগ বিকৃত কৰি ডিঙি কাটি হত্যা কৰা হয়।৫
তদন্ত
কোচিৰ কাডাভাণ্ট্ৰাৰ নিবাসী বলি হোৱা পদ্মা নিৰুদ্দেশ হোৱাৰ পিছত তেওঁৰ আত্মীয়ই ছেপ্টেম্বৰ মাহত আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰিছিল। এই গোচৰৰ তদন্ত কৰি থকাৰ সময়তে আৰক্ষীয়ে নৰবলিৰ সম্ভাৱনা ধৰা পেলায়।৬ পদ্মাৰ অন্তৰ্ধানৰ তদন্ত কৰি থাকোঁতে আৰক্ষীয়ে তথ্য লাভ কৰে যে কালাডীৰ নিবাসী ৰোজলিন নামৰ আন এগৰাকী মহিলাও অনুৰূপ ধৰণে নিৰুদ্দেশ হৈছে।৭
আৰক্ষীয়ে চিচিটিভিৰ দৃশ্য আৰু ভুক্তভোগীৰ ম’বাইল ফোন ট্ৰেক কৰি এই সিদ্ধান্তত উপনীত হয় যে তেওঁলোকক শেষবাৰৰ বাবে এলানথুৰত দেখা গৈছিল। তদন্তৰ অংশ হিচাপে আৰক্ষীয়ে এলানথুৰত উপস্থিত হৈ ভগৱাল সিং আৰু তেওঁৰ পত্নী লাইলাকে ধৰি স্থানীয় লোকসকলক সোধা-পোছা কৰে। দম্পতীহালৰ সন্দেহজনক আচৰণৰ বাবে আৰক্ষীয়ে তেওঁলোকক অধিক জেৰা কৰে আৰু অতি সোনকালে দুয়োৱে দুগৰাকী মহিলাক হত্যা কৰাৰ কথা স্বীকাৰ কৰে।
তথ্যসূত্ৰ
- ↑ Padanna, Ashraf. (12 October 2022). Kerala murders: Two women killed in suspected human sacrifice. BBC News
- ↑ (13 October 2022). Two women killed as 'human sacrifice' in India. News24
- ↑ Raju, Maria Teresa. (2022-10-11). Kerala human sacrifice plot was months in the making. The News Minute
- ↑ Jacob, Jeemon. (2022-10-12). How police cracked the ‘human sacrifice’ case in Kerala. India Today
- ↑ (2022-10-19). Human sacrifice case: Police interrogate Shafi's co-prisoners due to his 'mysterious behaviour'. Mathrubhumi
- ↑ (12 October 2022). 'Human sacrifice' victims were killed immediately after they had gone missing. The Hindu
- ↑ Praveen, M.P. (11 October 2022). Human sacrifice: victims’ families shocked. The Hindu
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “এলানথুৰ নৰবলি কাণ্ড” প্ৰবন্ধৰ সংশোধন ৫৯১৮৯২ (২২ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।