ভাৰতত ধৰ্ষণ
১৩ প্ৰবন্ধ
-
২০১২ দিল্লীৰ দলবদ্ধ ধৰ্ষণ আৰু হত্যা
২০১২ চনৰ দিল্লী দলবদ্ধ ধৰ্ষণ আৰু হত্যা (2012 Delhi gang rape and murder) ২০১২ চনৰ ১৬ ডিচেম্বৰত দক্ষিণ দিল্লীৰ পাৰ্শ্বৱৰ্তী অঞ্চল মুনিৰ্কাত সংঘটিত এক ধৰ্ষণ আৰু মাৰাত্মক আক্ৰমণৰ ঘটনাক সূচায়।
-
২০২৪ কলকাতা ধৰ্ষণ আৰু হত্যাৰ ঘটনা
২০২৪ চনৰ ৯ আগষ্টত ভাৰতৰ পশ্চিম বংগৰ কলকাতাৰ আৰ জি কৰ মেডিকেল কলেজৰ দ্বিতীয় বৰ্ষৰ স্নাতকোত্তৰ প্ৰশিক্ষাৰ্থী (পি জি টি) চিকিৎসকক মহাবিদ্যালয় চৌহদৰ এটা আলোচনা চক্ৰ কোঠাত মৃত অৱস্থাত উদ্ধাৰ কৰা হয়। পিছত মৰণোত্তৰ পৰীক্ষাত নিশ্চিত হয় যে তেওঁক ধৰ্ষণ কৰি হত্যা কৰা হৈছে।
-
ভাৰতত ধৰ্ষণ
ভাৰতত ধৰ্ষণ (Rape in India) নাৰীৰ বিৰুদ্ধে সংঘটিত কৰা অপৰাধৰ চতুৰ্থ স্থানত আছে। নেশ্যনেল ক্ৰাইম ৰেকৰ্ডছ ব্যুৰোৰ ২০২১ চনৰ বাৰ্ষিক প্ৰতিবেদন অনুসৰি সমগ্ৰ দেশতে ৩১,৬৭৭টা ধৰ্ষণৰ গোচৰ পঞ্জীয়ন হৈছে, অৰ্থাৎ দৈনিক গড়ে ৮৬টা গোচৰ পঞ্জীয়ন কৰা হৈছে, যিটো ২০২০ চনৰ তুলনাত ২৮,০৪৬টা গোচৰ বৃদ্ধি পাইছে।
-
ফুলমনি দাসী ধৰ্ষণ গোচৰ
ফুলমনি দাসী ধৰ্ষণ গোচৰ (Phulmoni Dasi rape case) ১৮৮৯ চনত এজনী ১০ বছৰীয়া ছোৱালীৰ মৃত্যুৰ ঘটনাৰ সৈতে জড়িত। ফুলমণি দাসী নামৰ ছোৱালী এজনীৰ সৈতে বাল্যবিবাহ আৰু তাৰপিছত বৈবাহিক ধৰ্ষণৰ ফলত তেওঁ মৃত্যু হৈছিল।
-
শক্তি মিল দলবদ্ধ ধৰ্ষণ
২০১৩ চনৰ মুম্বাইৰ দলবদ্ধ ধৰ্ষণ বা শক্তি মিল দলবদ্ধ ধৰ্ষণ বুলিলে মুম্বাইৰ ইংৰাজী ভাষাৰ আলোচনী এখনত শিক্ষানবিচী কৰি থকা এগৰাকী ২২ বছৰীয়া ফটো সাংবাদিকৰ সৈতে হোৱা দলবদ্ধ ধৰ্ষণ কাণ্ডক বুজায়। সাংবাদিকগৰাকীক এজন নাবালককে ধৰি পাঁচজন লোকে ধৰ্ষণ কৰে।
-
অৰুণা শ্বানবাগ গোচৰ
অৰুণা ৰামচন্দ্ৰ শ্বানবাগ (১ জুন ১৯৪৮ – ১৮ মে’ ২০১৫) এগৰাকী ভাৰতীয় নাৰ্ছ আছিল, যি যৌন নিৰ্যাতনৰ ফলত ৪২ বছৰতকৈ অধিক সময় ক’মা অৱস্থাত কটাবলগীয়া হোৱাৰ পিছত ইচ্ছামৃত্যুৰ ওপৰত আদালতৰ গোচৰত হোৱা চৰ্চাৰ কেন্দ্ৰবিন্দু আছিল।
-
ইটছ ইয়ৰ ফল্ট
ইটছ ইয়ৰ ফল্ট (It's Your Fault) হ’ল ২০১৩ চনৰ এখন ব্যংগাত্মক ভিডিঅ' য’ত কল্কি কেকলাঁ আৰু ভিজে জুহী পাণ্ডেয়ে অভিনয় কৰিছে। এই ভিডিঅ'টোৱে ভাৰতত ধৰ্ষণৰ দৰে গুৰুতৰ বিষয়টোক উপস্থাপন কৰিছে। ই ইণ্টাৰনেটত অতি জনপ্ৰিয় হৈ পৰিছিল আৰু ইউটিউবত ৫৫,০০,০০০ তকৈও অধিক লোকে ইয়াক চাইছিল।
-
উত্তৰ-পূব ভাৰতৰ মানৱ অধিকাৰ বিষয়সমূহ
উত্তৰ-পূব ভাৰতৰ মানৱ অধিকাৰ বিষয়সমূহ (ইংৰাজী: Human rights issues in northeast India) সংবাদ মাধ্যমত আৰু মানৱ অধিকাৰ কৰ্মীসকলে বহুলভাৱে প্ৰকাশ কৰি আহিছে।
-
এলানথুৰ নৰবলি কাণ্ড
২০২২ চনৰ এলানথুৰ নৰবলি কাণ্ডই ভাৰতৰ কেৰালা ৰাজ্যৰ পাথানামথিত্তা জিলাৰ এলানথুৰ গাঁৱত সংঘটিত এক অপৰাধক বুজায়, য’ত দুগৰাকী মহিলাক নৰবলিৰ ৰীতি-নীতিৰ অংশ হিচাপে নিৰ্যাতন চলাই হত্যা কৰা হৈছিল। কেৰালা আৰক্ষীয়ে চলোৱা তদন্তৰ ফলত মহম্মদ শ্বাফী, ভগৱাল সিং আৰু তেওঁৰ পত্নী লাইলাক গ্ৰেপ্তাৰ কৰা হয়।
-
ক্যা কুচুৰ হ্যায় অমলা কা?
ক্যা কুচুৰ হ্যায় অমলা কা? (ইংৰাজী: Kya Qusoor Hai Amala Ka?; হিন্দী: क्या कुसूर है अमला का; অৰ্থ: অমলাৰ দোষ কি?) এখন ভাৰতীয় হিন্দী ভাষাৰ নাটকীয় দূৰদৰ্শন ধাৰাবাহিক, যিখন ২০১৭ চনৰ ৩ এপ্ৰিলৰপৰা ষ্টাৰ প্লাছত সম্প্ৰচাৰিত হৈছিল।
-
ডু ইউ ৰিমেম্বাৰ কুনান পোশপোৰা?
ডু ইউ ৰিমেম্বাৰ কুনান পোশপোৰা?'(Do You Remember Kunan Poshpora?) হ’ল পাঁচগৰাকী কাশ্মীৰী মহিলা: এছাৰ বাতুল, ইফ্ৰাহ বাট, মুনাজা ৰছিদ, নাতাশা ৰাথাৰ আৰু চামৰিনা মুস্তাকৰদ্বাৰা ৰচিত ২০১৬ চনৰ এখন নন-ফিকচন গ্ৰন্থ।
-
ভাৰত বিভাজনৰ সময়ত নাৰীৰ ওপৰত হোৱা হিংসা
ভাৰত বিভাজনৰ সময়ত মহিলাৰ বিৰুদ্ধে হিংসা ব্যাপকভাৱে সংঘটিত হৈছিল। এটা অনুমান অনুসৰি বিভাজনৰ সময়ত ৭৫,০০০ৰ পৰা ১০০,০০০গৰাকী মহিলাক অপহৰণ আৰু ধৰ্ষণ কৰা হৈছিল। এই সময়ছোৱাত পুৰুষৰ দ্বাৰা মহিলাক ধৰ্ষণ কৰাৰ ঘটনা সুন্দৰভাৱে নথিবদ্ধ কৰা হৈছে, য’ত কেতিয়াবা মহিলাসকলো এই আক্ৰমণৰ সহযোগী আছিল।
-
ভাৰতত নাৰীৰ ওপৰত হোৱা হিংসা
ভাৰতত নাৰীৰ ওপৰত হোৱা হিংসা (ইংৰাজী: Violence against women in India) বুলিলে সাধাৰণতে কোনো পুৰুষৰ দ্বাৰা এগৰাকী নাৰী বা মহিলাৰ বিৰুদ্ধে কৰা শাৰীৰিক বা যৌন হিংসাক বুজায়।