ব্ৰাজুকা হ'ল ২০১৪ চনৰ ফিফা বিশ্বকাপ ফুটবলৰ অফিচিয়েল মেচ বল (match ball)।১২৩ ইয়াক এডিডাচ (Adidas) নামৰ কোম্পানীটোৱে তৈয়াৰ কৰিছে। উল্লেখযোগ্য যে এডিডাচ হৈছে ফিফা ৰ অফিচিয়েল বল যোগানকাৰী আৰু ই ১৯৭০ চনৰ পৰা বল যোগান ধৰি আহিছে।১২৩ ফিফা বিশ্বকাপৰ ইতিহাসত এইটোৱেই প্ৰথম বল যাক অনুৰাগীসকলে নামকৰণ কৰিছে। এই বলটো পাকিস্তানৰ ছিয়ালকোটত তৈয়াৰী।
নামকৰণ
এই বলটোৰ নাম ৰবিবাৰ ২ ছেপ্তেম্বৰ ২০১২-ৰ দিনা প্ৰকাশ কৰা হৈছিল।১২৩ এই নামটো এটি স্থানীয় সংগঠন আৰু এডিডাচে আয়োজন কৰা এটি ৰাজহুৱা নিৰ্বাচনত প্ৰায় এক নিযুততকৈও অধিক ভোটৰ দ্বাৰা নিৰ্বাচিত কৰা হৈছিল।২ ব্ৰাজুকা নামটো ৭৭.৮% ভোটৰ দ্বাৰা বাছি লোৱা হৈছিল।৪ ইয়াৰ লগতে থকা অন্য দুটা পছন্দ হ'ল বছা ন'ভা (Bossa Nova) (১৪.৬% ভোট) আৰু কাৰ্নেলভেলেচা (Brazilian carnival) (৭.৬% ভোট)।২৪ ফিফাৰ অনুসৰি, "এই অনিয়মিত ব্ৰাজুকা শব্দটো ব্ৰাজিলিয়ান লোকসকলৰ দ্বাৰা ব্ৰাজিলিয়ান জীৱন ধাৰণ প্ৰণালীৰ মাধ্যমেৰে জাতীয় গৌৰৱৰ বিষয়ে বৰ্ণনা কৰিবলৈ ব্যৱহাৰ কৰা হয়", আৰু "ফুটবলৰ প্ৰটি তেওঁলোকৰ ধাৰণা প্ৰতিফলিত কৰি, ই সকলোৰে প্ৰটি আৱেগ, গৰ্ব আৰু শুভকামনা সুচায়।"১২ এই শব্দটো ব্ৰাজিলিয়ানসকলৰ বাবে অমাৰ্জিত শব্দ হিচাবেও ব্যৱহাৰ কৰা হয় আৰু ই বিদেশত ব্ৰাজিলিয়ান ডায়েচপৰা (Brazilian diaspora) ৰ বাবে সুখ্যাত হৈ উঠিছে।
কাৰিকৰী দিশসমূহ
এই বলটো হৈছে একেধৰণৰ চামৰা আৰু অবয়ৱ, কিন্তু ভিন্ন আৱৰণী সজ্জাৰ সৈতে এডিডাচ টেংগো ১২(Adidas Tango 12) শ্ৰেণীৰ উন্নত উত্তৰাধিকাৰী।২৫ বলটোৰ ওজন হৈছে ৪৩৭ গ্ৰাম আৰু ইয়াৰ পৰিধি ৬৯ চেমি।৬ বলটো ছয়টা পলিইউৰিথিন কপাটৰ দ্বাৰা তাপীয় বন্ধনেৰে তৈয়াৰী; কপাট সংখ্যাৰ হ্ৰাসে বলটোৰ স্থিৰতা বৰ্ধিত কৰে বুলি প্ৰতিপন্ন কৰিছে।২ ব্ৰাজুকা বলটো পুৰ্বৰ বিশ্বকাপ খেলত ব্যৱহাৰ কৰা জাবুলানি(Jabulani) বলতকৈ বেছি বায়ুসক্ৰিয় বুলি মন্তব্য কৰা হৈছে। ইয়াৰ বিন্যাস এডিডাচ জাবুলানিত-কৈ বেছি UEFA Champions League-ৰ আনুস্থানিক বল এডিডাচ ফিনালে ১৩(Adidas Finale 13) যেন হে অনুভৱ হয়।৭
অংকন
ব্ৰাজিলক প্ৰতিনিধিত্ব কৰিবলৈ ইয়াৰ ভিন্নৰঙী অংকন আছে।২
পৰীক্ষা
বিশ্বকাপত ব্যৱহৃত হোৱাৰ পূৰ্বে ব্ৰাজুকা বলটোৱে ব্যাপক পৰীক্ষাৰ মাজেৰে পাৰ হৈ আহিছে।২৫ এডিডাচ কোম্পানীটোৱে ২ বছৰতকৈও অধিক কাল এই বলটোৰ উন্নয়নৰ কামত লাগি আছিল; আৰু বলটো গ্ৰহণযোগ্য২ কৰি তুলিবলৈ বহুকেইটা দল আৰু খেলুৱৈৰ লগত কাম কৰিছিল। বলটো ফিফা U-20 বিশ্বকাপ (FIFA U-20 World Cup) আৰু DFB-Pokal (DFB-Pokal জাৰ্মান কাপ)-ৰ লগতে আন্ত:ৰাস্ট্ৰীয় বন্ধুত্বপূৰ্ণ খেলসমূহটো এডিডাচ কাফুছা (Adidas Cafusa)ৰ ছদ্মনামত দেখা গৈছিল।৮
নিৰ্মাণ
ব্ৰাজুকা বলটো চীন২ আৰু পাকিস্তান৯ দেশত তৈয়াৰী। বলটোৰ মূল নিৰ্মাণকাৰী হ'ল টাইপে(Taipei)-স্থিত Long Way Enterprise, যিয়ে তেওলোকৰ ছেনঝেন(Shenzhen), গুৱাংডং প্ৰদেশ(Guangdong)১০, চীন-ৰ সহকাৰী YaYork Plastic Products-ত বলটো তৈয়াৰ কৰিছিল। এই কোম্পানীটো ১৯৯৭ চনৰ পৰা এডিডাচ বলৰ নিৰ্মাণ কাৰ্যত জড়িত হৈ আছে।২১১ যিয়েই নহওক, Long Way কোম্পানীটোৱে বলটোৰ উৎকৃষ্ট তাগিদা ঢুকি পাব নোৱাৰিলে।১২ দ্বিতীয় যোগানকাৰী কোম্পানী Forward Sports(ছিয়ালকোট, পাকিস্তান-স্থিত)-ক বলটোৰ নিৰ্মাণত সহায় কৰিবলৈ মাতি অনা হ'ল৯১৩১৪১৫১৫। ১১৯৫ চনৰ পৰা এডিডাচৰ লগত জড়িত হৈ থকা Forward Sports-এ ইতিমধ্যে Champions League আৰু জাৰ্মানৰ Bundesliga৬ৰ বাবে যোগান ধৰি আহিছিল। চীনস্থিত মূল কোম্পানীয়ে ব্ৰাজুকা বলৰ তাগিদা পূৰণ কৰিব নোৱৰাৰ পিছত এই কোম্পানীটোক এডিডাচে অতি শীঘ্ৰে বলটোৰ নিৰ্মাণৰ কামত নিয়োগ কৰিছিল। ৪২ নিযুততকৈও অধিক ব্ৰাজুকা বল ছিয়ালকোতৰ পৰা ৰপ্তানি কৰা হৈছিল।৯ প্ৰতিটো বল US$160-ত বিক্ৰী হোৱাৰ আশা কৰা গৈছে।
মুকলি
বিশ্বকাপ মেচ বলৰ পাৰম্পৰিক আৰম্ভণিৰ দুদিন আগতীয়াকৈ ৩ ডিচেম্বৰ,২০১৩ তাৰিখে এডিডাচে ব্ৰাজুকা বলটো মুকলি কৰে।২ ৰিঅ' ডি জেনেৰিঅ' চহৰৰ 3D Light Projection উপবিষ্ট পাৰ্ক লেগত সকলোৰে উপস্থিতিত এই উদ্বোধনী সমাৰোহ অনুস্থিত হয়।১৬১৭৩
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ adidas Brazuca – Name of Official Match Ball decided by Brazilian fans. FIFA.com. Fédération Internationale de Football Association
- ↑ Brazuca – an icon is born. Adidas. Adidas Group
- ↑ (3 December 2013). adidas brings brazuca into the world. FIFA.com. Fédération Internationale de Football Association
- ↑ Nome da bola da Copa é escolhido pela primeira vez por torcedores: Brazuca. Globo Esporte
- ↑ adidas brazuca – tried and tested. FIFA.com. Fédération Internationale de Football Association
- ↑ (7 June 2014). Brazil ready for 'Made in Pakistan' 'Brazuca' balls. Emirates24/7
- ↑ Leswing, Kif. (9 December 2013). Feet-On With Adidas’ Newest World Cup Ball, the Brazuca. Wired
- ↑ adidas unveils brazuca, the official ball of the 2014 World Cup. SBNation.com
- ↑ Howells, Richard. (11/6/2014). World Cup 2014: Adidas "Brazuca" Ball Scores With Fans. Forbes
- ↑ Quanlin, Qiu. (13 June 2014). China finds way to play in Brazil. China Daily
- ↑ Dreyer, Mark. (11 June 2014). Your World Cup In China Viewing Guide: Dates, Times, And Chinese Characteristics. Beijing Cream
- ↑ Ghani, Faris. (23 May 2014). The hands that formed the Brazuca. Al Jazeera English
- ↑ Making the official ball for the 2014 FIFA World Cup
- ↑ Zhang Jingya. World Cup ball: Pakistan launches the "Brazuca" - CCTV News - CCTV.com English
- ↑ By AFP. Football: Sialkot workers fire ‘Brazuca’ ball to Brazil – The Express Tribune. Tribune.com.pk
- ↑ adidas Brazuca - 2014 World Cup Ball. Footy-Boots.com
- ↑ (3 December 2013). Bring on the Brazuca! New World Cup ball for Brazil is unveiled.. so why won't England use it until next summer?. Daily Mail
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ব্ৰাজুকা” প্ৰবন্ধৰ সংশোধন ৬৩৭৫৫৫ (২৪ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।