অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

হে'লথ্‌ গাইড

হে'লথ্‌ গাইড (Health Guide) হৈছে এখন স্বাস্থ্য বিষয়ক অসমীয়া গ্ৰন্থ। গ্ৰন্থখনৰ লেখক হৈছে চিকিৎসক গীতাৰ্থ বৰদলৈ। ২০১৮ চনৰ ডিচেম্বৰ মাহত সঞ্জীৱন প্ৰকাশনে প্ৰকাশ কৰা এই গ্ৰন্থখন লেখকৰ প্ৰথম প্ৰকাশিত গ্ৰন্থ। লেখকে গ্ৰন্থখন "স্বাস্থ্যপথৰ প্ৰতিগৰাকী সহযাত্ৰীৰ হাতত" আগবঢ়াইছে।

হালনাগাদ: ২৩ অক্টোবৰ ২০২২ ১৩৩ শব্দ · ১ মিনিট সংগৃহীত ৭৭
সংশোধনৰ পৰামৰ্শ

হে'লথ্‌ গাইড (Health Guide) হৈছে এখন স্বাস্থ্য বিষয়ক অসমীয়া গ্ৰন্থ। গ্ৰন্থখনৰ লেখক হৈছে চিকিৎসক গীতাৰ্থ বৰদলৈ। ২০১৮ চনৰ ডিচেম্বৰ মাহত সঞ্জীৱন প্ৰকাশনে প্ৰকাশ কৰা এই গ্ৰন্থখন লেখকৰ প্ৰথম প্ৰকাশিত গ্ৰন্থ। লেখকে গ্ৰন্থখন "স্বাস্থ্যপথৰ প্ৰতিগৰাকী সহযাত্ৰীৰ হাতত" আগবঢ়াইছে। ২৬৬ পৃষ্ঠাৰ গ্ৰন্থখনৰ মূল্য ২২০ টকা।১

বিৱৰণ

হে'লথ্‌ গাইড হৈছে স্বাস্থ্যৰ যতন সম্পৰ্কে সাধাৰণ পঢ়ুৱৈৰ বাবে দিহা-পৰামৰ্শ সম্বলিত এখন গ্ৰন্থ। গ্ৰন্থখনৰ পাতনিত লেখকে লিখিছে, "হে'লথ্‌ গাইড চিকিৎসক, বিশেষজ্ঞৰ বাবে নহয়, সাধাৰণ ৰাইজৰ বাবেহে।" তেওঁ আৰু লিখিছে, "স্বাস্থ্যৰ যতন ল'লে কি হয়, জীৱনশৈলীৰ গুৰুত্ব, বি এম আই আৰু কঁকালৰ জোখ কিয় জানিব লাগে, টোপনি নোযোৱাৰ পৰা গভীৰ টোপনিত নাক বজোৱালৈকে, কেল'ৰিৰ হিচাপৰ পৰা শীতল পানীয়লৈকে, ঘৰুৱা ডাক্তৰীৰ পৰা যোগাসনলৈকে, জ্বৰৰ পৰা মধুমেহ ৰোগলৈকে, মোচোকা খোৱাৰ পৰা কুকুৰে কামোৰালৈকে আদি বিষয় যিমান পাৰোঁ সহজকৈ সুমুৱাবলৈ চেষ্টা কৰিছোঁ।" এই গ্ৰন্থত মুঠতে ৩৪ টা অধ্যায়ত স্বাস্থ্য বিষয়ক আলোচনা কৰিছে। সেইসমূহ হ'ল১ -

  1. স্বাস্থ্য আৰু ৰোগৰ বিষয়ে এহালিচা
  2. জীৱনৰ ধৰণ-কৰণ
  3. টোপনি আৰু স্বাস্থ্য
  4. বিপাকৰ নিয়ন্ত্ৰণ
  5. পানী
  6. খোজ কঢ়া
  7. যোগাসন আৰু অন্যান্য ব্যায়াম
  8. ঔষধ
  9. মানসিক স্বাস্থ্য আৰু ষ্ট্ৰেছ
  10. পাৰিৱেশিক স্বাস্থ্য
  11. ৰাগীয়াল দ্ৰব্যৰ সেৱন
  12. পৰিষ্কাৰ-পৰিচ্ছন্নতা
  13. ঋতুস্ৰাৱ
  14. বয়ঃসন্ধি কালৰ স্বাস্থ্য
  15. গৰ্ভধাৰণ কালৰ স্বাস্থ্য
  16. ৰজোনিবৃত্তি
  17. বাৰ্ধক্যৰ স্বাস্থ্য
  18. চকুৰ বিষয়ে
  19. নাক, কাণ আৰু ডিঙিৰ যতন
  20. ছালৰ যতন
  21. চুলিৰ যতন
  22. দাঁতৰ যতন
  23. মূৰ ঘূৰণি আৰু বমি
  24. জ্বৰ
  25. পানীলগা
  26. ডায়েৰিয়া বা পেটচলা
  27. জণ্ডিছ
  28. কলেষ্টেৰল আৰু ডিছ্‌লিপিডেমিয়া
  29. থাইৰয়ডৰ সমস্যা
  30. ব্লাড প্ৰেছাৰ বা ৰক্তচাপ
  31. ডায়েবিটিছ বা মধুমেহ বা বহুমূত্ৰ
  32. প্ৰাথমিক চিকিৎসা
  33. সততে উদয় হোৱা কিছুমান প্ৰশ্ন
  34. চিনাকি শাক-পাচলিৰ উপকাৰিতা

লগতে শেষৰ ফালে পঢ়ুৱৈৰ সুবিধাৰ্থে সংকলনত ব্যৱহৃত চিকিৎসাবিজ্ঞান সম্পৰ্কীয় শব্দসমূহৰ ব্যাখ্যা সন্নিৱিষ্ট কৰি শব্দাৰ্থ আৰু টোকা শীৰ্ষক অধ্যায় এটা সংযোগ কৰা আছে।

লেখকৰ চমু পৰিচয়

যোৰহাটৰ বাসিন্দা ডাঃ গীতাৰ্থ বৰদলৈয়ে ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়ৰ পৰা এম বি বি এছ আৰু এম ডি ডিগ্ৰী লাভ কৰিছে। তেওঁ শ্বিলঙৰ নেৰিমছ্‌ চিকিৎসা মহাবিদ্যালয়ৰ শৰীৰতত্ত্ব বিভাগত কাম কৰিছে।১ চিকিৎসক হোৱাৰ লগতে তেওঁ এজন ৱিকিমিডিয়ান। ২

তথ্যসূত্ৰ

  1. ↑ গীতাৰ্থ বৰদলৈ. হে'লথ্‌ গাইড. সঞ্জীৱন প্ৰকাশন. ISBN 978-93-88456-00-5
  2. ↑ সদস্য:Gitartha.bordoloi

সম্পৰ্কিত শ্ৰেণী

অসমীয়া গ্ৰন্থ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হে'লথ্‌ গাইড” প্ৰবন্ধৰ সংশোধন ৩৩৫৪৪৫ (২৩ অক্টোবৰ ২০২২)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।