অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

হিজাব ইমতিয়াজ আলী

হিজাব ইমতিয়াজ আলী (: Hijab Imtiaz Ali ১৯০৮–১৯৯৯) এগৰাকী লেখিকা, সম্পাদক আৰু দিনলিপি লেখিকা আছিল। উৰ্দু সাহিত্যৰ এগৰাকী সুপৰিচিত নাম আৰু উৰ্দু ভাষাত ৰোমান্টিকতাৰ পথ প্ৰদৰ্শক। ১৯৩৬ চনত তেওঁৰ চৰকাৰী পাইলটৰ অনুজ্ঞাপত্ৰ লাভ কৰাৰ পিছত তেওঁক প্ৰথমগৰাকী মহিলা মুছলমান পাইলট হিচাপেও গণ্য কৰা হয়।

হালনাগাদ: ২৬ আগষ্ট ২০২৬ ৪৯২ শব্দ · ৩ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

হিজাব ইমতিয়াজ আলী (: Hijab Imtiaz Ali ১৯০৮–১৯৯৯) এগৰাকী লেখিকা, সম্পাদক আৰু দিনলিপি লেখিকা আছিল। উৰ্দু সাহিত্যৰ এগৰাকী সুপৰিচিত নাম আৰু উৰ্দু ভাষাত ৰোমান্টিকতাৰ পথ প্ৰদৰ্শক।১ ১৯৩৬ চনত তেওঁৰ চৰকাৰী পাইলটৰ অনুজ্ঞাপত্ৰ লাভ কৰাৰ পিছত তেওঁক প্ৰথমগৰাকী মহিলা মুছলমান পাইলট হিচাপেও গণ্য কৰা হয়। কিন্তু ছোভিয়েট আজাৰবাইজানৰ পৰা অহা জুলেখা ছেইদমামাডোভা নামৰ পাইলত গৰাকীয়েও দুবছৰ আগতে, ১৯৩৪ চনত পাইলট হিচাপে যোগ্যতা অৰ্জন কৰিছিল।২৩৪

ব্যক্তিগত জীৱন

১৯০৮ চনত ব্ৰিটিছ ভাৰতৰ মাদ্ৰাজত ৰাজকীয় ৰাজ্য হায়দৰাবাদ ডেক্কানৰ এটা অভিজাত পৰিয়ালত হিজাবৰ জন্ম হৈছিল৫। উৰ্দু সাহিত্যত হিজাব ইমতিয়াজ আলী এটা উল্লেখযোগ্য নাম। অতি কম বয়সৰ পৰাই তেওঁ লিখিবলৈ আৰম্ভ কৰিছিল।৬ উৰ্দু সাহিত্যত লিখা প্ৰেম কাহিনীৰ ভিতৰত অন্যতম বুলি গণ্য কৰা তেওঁৰ অন্যতম পৰিচিত গ্ৰন্থ "মেৰী নাটামম মহব্বত" খন বাৰ বছৰ বয়সতে লিখি উলিয়াইছিল।৭

১৯৩০ চনত হিজাবে ইমতিয়াজ আলী তাজৰ সৈতে বিবাহপাশত আবদ্ধ হয়।৮ তেওঁ এগৰাকী সুপৰিচিত লেখিকা আৰু সাংবাদিক যিয়ে বহুতো ছবি, নাটক আৰু ৰেডিঅ' চেনেলৰ বাবে লিখিছিল। বিবাহৰ পিছত হিজাব লাহোৰলৈ গুচি যায়। হিজাবৰ এগৰাকী কন্যা ইয়াছমিন তাহিৰ ৰেডিঅ’ পাকিস্তানৰ উল্লেখযোগ্য কণ্ঠস্বৰ হিচাপে পৰিগণিত আৰু হিজাবৰ দুজন নাতি ক্ৰমে, ফাৰান তাহিৰ আৰু আলী তাহিৰ সুপৰিচিত অভিনেতা।৯

কৰ্ম জীবন

বিমান চালক হিচাবে

হিজাব সৰুৰে পৰা উৰণৰ প্ৰতি আকৰ্ষিত হৈছিল। তেওঁ লাহোৰৰ ফ্লাইং ক্লাবত প্ৰশিক্ষণ লোৱাৰ লগতে ক্লাবটোৱে আয়োজন কৰা বহু প্ৰতিযোগিতাতো অংশ লৈছিল। ১৯৩৬ চনত হিজাবে পাইলটৰ অনুজ্ঞাপত্ৰ লাভ কৰে।১৯৩৯ চনত দ্য ইণ্টাৰনেশ্যনেল উইমেনছ নিউজে ১৯৩৯ চনত প্ৰকাশ কৰিছিল যে হিজাব ব্ৰিটিছ সাম্ৰাজ্যৰ প্ৰথমগৰাকী মুছলমান মহিলা যিয়ে এয়াৰ পাইলট হিচাপে ‘এ’ অনুজ্ঞাপত্ৰ লাভ কৰিছিল।১০ ছাৰ্লা থাক্ৰালক প্ৰায়ে প্ৰথম ভাৰতীয় পাইলট বুলি দাবী কৰা হয়, অৱশ্যে চাৰ্লা আৰু হিজাব দুয়োজনেই প্ৰায় একে সময়তে অনুজ্ঞাপত্ৰ লাভ কৰিছিল যদিও হিজাবে প্ৰথমে অনুজ্ঞাপত্ৰ লাভ কৰিছিল।১১

লেখিকা হিচাবে

উৰ্দু সাহিত্যৰ ৰোমান্টিক গল্পৰ বাবে পৰিচিত হিজাবে ৬০ বছৰতকৈও অধিক সময় ধৰি সৈহিত্য চৰ্চা কৰিছে। তেওঁৰ কাহিনীৰ বিষয় বস্তু হ’ল ৰোমাঞ্চ, নাৰী, প্ৰকৃতি আৰু মনোবিজ্ঞানৰ। তেওঁৰ উপন্যাসৰ কিছুমান বিখ্যাত আৰু স্মৰণীয় চৰিত্ৰ হ'ল ড° গাৰ, ছাৰ হাৰ্লি, দাদি জুবেইদা আৰু হাবছান জোনাছ।১২

মাত্ৰ ৯ বছৰ বয়সতে হিজাবে প্ৰথম চুটিগল্প প্ৰকাশ কৰিছিল। তেওঁৰ গল্প ‘তেহজীব-ই-নিছৱান’ত প্ৰকাশ পোৱাৰ লগতে পাঠকৰ সমাদৰ লাভ কৰে। তেওঁৰ গল্পসমূহ সেই যুগৰ দুখন জনপ্ৰিয় আলোচনী ‘তেহজীব-ই-নিজৱান’ আৰু ‘ফুল’ৰ দ্বাৰা প্ৰকাশ পাইছিল। দুয়োখন আলোচনীত সম্পাদক হিচাপেও কাম কৰিছিল। ১২ বছৰ বয়সত হিজাবে প্ৰথম উপন্যাস "মেৰী নাতমম মহব্বত" ৰচনা কৰে যিখন উৰ্দু ভাষাত ৰচিত অন্যতম শ্ৰেষ্ঠ প্ৰেম কাহিনী বুলি গণ্য কৰা হয়। তেওঁৰ আন কিছুমান বিখ্যাত ৰচনা হ’ল- লাইল-ও-নিহাৰ, ছানোবেৰ কে ছায়ে মেইন আৰু তাছবীৰ-ই-বুটা’ন। তেওঁক ভাৰত উপমহাদেশৰ স্বীকৃতি প্ৰাপ্ত প্ৰথমগৰাকী মহিলা চুটিগল্প লেখিকা হিচাপে গণ্য কৰা হয়।

কেইটামান চুটিগল্প সংকলন প্ৰকাশ কৰাৰ লগতে লুইছা মে এলকটৰ বিখ্যাত উপন্যাস লিটিল উইমেন ইন উৰ্দুৰ অনুবাদো কৰে।

হিজাব এগৰাকী দিনলিপি লেখিকা আছিল। তাইৰ ডায়েৰীবোৰ আলোচনীত প্ৰকাশ পাইছিল আৰু কিছুমান কিতাপ হিচাপেও প্ৰকাশ পাইছিল। ১৯৬৫ চনৰ ভাৰত-পাক যুদ্ধৰ সময়ত লাহোৰত হোৱা অভিজ্ঞতাৰ ওপৰত আধাৰিত তেওঁৰ এখন উপন্যাস হ’ল মোম্বাট্টি কে ছামনে (মমবাতিৰ সন্মুখত)। এই নামটো আহিল কাৰণ যুদ্ধৰ ব্লেকআউটৰ সময়ত হিজাবে মমবাতিৰ পোহৰত ডায়েৰীখন লিখিছিল। যুদ্ধৰ অভিজ্ঞতাই তেওঁক তেওঁৰ বঁটা বিজয়ী উপন্যাস পাগল খানা (মেডহাউছ) লিখিবলৈও অনুপ্ৰাণিত কৰিছিল, যিখনো তেওঁৰ শেষ উপন্যাস আছিল।

হিজাবে চিগ্‌মণ্ড ফ্ৰয়েডৰ ৰচনাৰ বিষয়ে বিতংভাৱে অধ্যয়ন কৰিছিল আৰু তেওঁৰ অৱচেতন মনৰ ধাৰণাটোৱে তেওঁক মুগ্ধ কৰিছিল। ফ্ৰয়েডৰ ৰচনাই তেওঁৰ আন এখন মহান উপন্যাস আন্ধেৰা খাব (ডাৰ্ক ড্ৰিম)ৰ পটভূমিৰ সামগ্ৰী যোগান ধৰিছিল।৭

তথ্যসূত্ৰ

  1. ↑ (2016-01-15). The 'Taj' remains intact. Daily Times
  2. ↑ Gilded Letters - Asymptote. www.asymptotejournal.com
  3. ↑ (2019-07-04). Queen of Urdu Romanticism. The Friday Times
  4. ↑ (2015-04-13). World's first ever Muslim female pilot – Hijab Imtiaz Ali. ARY NEWS
  5. ↑ ʿAlī, Ḥijāb Imtiyāz; Akhtar, Sascha Aurora. (2022). Belles-lettres: writings of Hijab Imtiaz Ali. Oxford University Press. ISBN 978-0-19-013264-4
  6. ↑ Farooqi, Mehr Afshan. (2008). The Oxford India Anthology of Modern Urdu Literature. Oxford University Press. পৃ. 29. ISBN 978-0-19-567639-6
  7. ↑ (2015-12-07). Hijab Imtiaz Ali: The Queen of Urdu Romanticism. The Nation
  8. ↑ (2018-05-18). Website launched to acquaint people with works of Urdu dramatist Imtiaz Ali Taj -
  9. ↑ (2020-01-11). Ali Tahir opens up on being part of an illustrious family. The Express Tribune
  10. ↑ (2015-04-13). World's first ever Muslim female pilot – Hijab Imtiaz Ali. ARY NEWS
  11. ↑ Salim, Saquib. (13 September 2020). Begum Hijab Imtiaz Ali: The First Indian Muslim Pilot. HeritageTimes
  12. ↑ Şahbaz, Davut. International Journal Of Eurasia Social Sciences. www.ijoess.com

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হিজাব ইমতিয়াজ আলী” প্ৰবন্ধৰ সংশোধন ৬৩২৫৪৬ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।