উত্তৰ প্ৰদেশৰ সংগ্ৰহালয়
৯ প্ৰবন্ধ
-
স্বৰাজ ভৱন, এলাহাবাদ
স্বৰাজ ভৱন হ'ল এলাহাবাদত অৱস্থিত এটা ঐতিহাসিক ভৱন তথা সংগ্ৰহালয়। ইয়াৰ প্ৰকৃত নাম আনন্দ ভৱন আছিল। জৱাহৰলাল নেহৰুৰ পিতৃ মতিলাল নেহৰুৱে এই ঐতিহাসিক ভৱন নিৰ্মাণ কৰিছিল। ১৯৩০ চনত মতিলাল নেহৰুৱে এই ভৱনটো দেশৰ নামত সমৰ্পণ কৰি দিছিল। পাছলৈ ইয়াত কংগ্ৰেছ দলৰ মুখ্য কাৰ্যালয় বনোৱা হয়।
-
এলাহাবাদ সংগ্ৰহালয়
এলাহাবাদ সংগ্ৰহালয় ( Allahabad Museum ) উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত অৱস্থিত আৰু ১৯৩১ চনত স্থাপিত এটা ৰাষ্ট্ৰীয় পৰ্যায়ৰ সংগ্ৰহালয়। সমৃদ্ধ শিল্প সংগ্ৰহ বাবে জনাজাত এই সংগ্ৰহালয়ক সংস্কৃতিক মন্ত্ৰালয়ে পুঁজি যোগান ধৰি সহায় কৰে।
-
কানপুৰ সংগ্ৰহালয়
কানপুৰ সংগ্ৰহালয় ( कानपुर पुरातत्व; Kanpur Sangrahalaya ) ভাৰতৰ উত্তৰ প্ৰদেশৰ উদ্যোগিক কেন্দ্ৰ কানপুৰত অৱস্থিত এটা চৰকাৰী সংগ্ৰহালয়। ইয়াক ব্ৰিটিছ চৰকাৰে সপ্তম এডৱাৰ্ডৰ সন্মানত ৰজা এডৱাৰ্ড মেম’ৰিয়েল হল হিচাপে নিৰ্মাণ কৰিছিল। ই কলাকৃতি আৰু প্ৰদৰ্শনৰ এক ভাণ্ডাৰ.
-
কিৰণ নাদৰ কলা সংগ্ৰহালয়
কিৰণ নাদৰ কলা সংগ্ৰহালয় (Kiran Nadar Museum of Art (KNMA)) কিৰণ নাদৰ কলা সংগ্ৰহালয় নতুন দিল্লী আৰু নয়ডাত অৱস্থিত এটা ব্যক্তিগত আধুনিক আৰু সমকালীন কলা সংগ্ৰহালয়। ২০১০ চনত স্থাপিত এইটো ভাৰতৰ প্ৰথম আধুনিক আৰু সমসাময়িক শিল্পকলাৰ প্ৰতি সমৰ্পিত ব্যক্তিগত সংগ্ৰহালয়।
-
চৰকাৰী সংগ্ৰহালয়, মথুৰা
চৰকাৰী সংগ্ৰহালয়, মথুৰা ( Government Museum, Mathura ) ভাৰতৰ উত্তৰ প্ৰদেশ ৰাজ্যৰ মথুৰা চহৰৰ এটা পুৰাতাত্ত্বিক সংগ্ৰহালয়; যাক সাধাৰণতে মথুৰা সংগ্ৰহালয় বুলি কোৱা হয়। ১৮৭৪ চনত মথুৰা জিলাৰ তেতিয়াৰ সংগ্ৰাহক ছাৰ এফ এছ গ্ৰ'জে এই সংগ্ৰহালয়টো প্ৰতিষ্ঠা কৰিছিল।
-
ভাৰত কলা ভৱন
ভাৰত কলা ভৱন (Bharat Kala Bhavan) ভাৰতৰ বাৰাণসীৰ বেনাৰস হিন্দু বিশ্ববিদ্যালয়ত অৱস্থিত বিশ্ববিদ্যালয়ৰ সংগ্ৰহালয়। ভাৰতীয় শিল্প আৰু সংস্কৃতিৰ ওপৰত জ্ঞান প্ৰসাৰত ই সহায়ক হৈ আহিছে। ই বেনাৰস হিন্দু বিশ্ববিদ্যালয় আৰু বাৰাণসী চহৰৰ অন্যতম গুৰুত্বপূৰ্ণ পৰ্যটন আকৰ্ষণ।
-
সাৰনাথ সংগ্ৰহালয়
সাৰনাথ সংগ্ৰহালয় ( Sarnath Museum ) ভাৰতৰ পুৰাতাত্ত্বিক জৰীপৰ আটাইতকৈ পুৰণি স্থান সংগ্ৰহালয় (site museum)। ইয়াত ভাৰতৰ পুৰাতাত্ত্বিক জৰীপ বিভাগৰ দ্বাৰা সাৰনাথৰ পুৰাতাত্ত্বিক স্থানত কৰা অনুসন্ধান আৰু খননৰ তথ্য সংগৃহীত কৰা হৈছে। সাৰনাথ উত্তৰ প্ৰদেশ বাৰাণসীৰ ওচৰৰ এখন ঠাই।
-
ৰাজ্যিক সংগ্ৰহালয়, লক্ষ্ণৌ
ৰাজ্যিক সংগ্ৰহালয়, লক্ষ্ণৌ (State Museum, Lucknow) ৰাজ্যিক সংগ্ৰহালয়, লক্ষ্ণৌ উত্তৰ প্ৰদেশত অৱস্থিত এটা বিশিষ্ট সংগ্ৰহালয়। এই সংগ্ৰহালয়টো লক্ষ্ণৌৰ বানাৰসী বাগৰ নবাব ৱাজিদ আলী শ্বাহ জুল’জিকেল গাৰ্ডেনত অৱস্থিত।
-
ৰাষ্ট্ৰীয় দলিত প্ৰেৰণা স্থল আৰু গ্ৰীণ গাৰ্ডেন
ৰাষ্ট্ৰীয় দলিত প্ৰেৰণা স্থল আৰু গ্ৰীণ গাৰ্ডেন ( Dalit Prerna Sthal and Green Garden ) ভাৰতৰ উত্তৰ প্ৰদেশৰ নয়ডাত অৱস্থিত এটা স্মৃতিসৌধ। উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মায়াৱতীয়ে ইয়াক নিৰ্মাণ কৰিছিল আৰু ২০১১ চনৰ ১৪ অক্টোবৰত উদ্বোধন কৰিছিল।