স্পেডেক্স বা স্পেচ ডকিং এক্সপেৰিমেণ্ট (SpaDeX বা Space Docking Experiment) ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ দ্বাৰা বিকশিত এক যমজ উপগ্ৰহ অভিযান। মানৱ মহাকাশ ভ্ৰমণ, মহাকাশত থকা উপগ্ৰহীয় সেৱা আৰু অন্যান্য নিকটতা কাৰ্যকলাপৰ প্ৰয়োগৰ পৰিসৰৰ সৈতে কক্ষপথৰ মিলন, ডকিং, গঠন উৰণ সৈতে সম্পৰ্কিত প্ৰযুক্তি বিকশিত কৰিবলৈ এই অভিযান আৰম্ভ কৰা হৈছিল। এই পৰীক্ষণত ২২০ কিলোগ্ৰাম ওজনৰ দুটা পৰিৱৰ্তিত আই. এম. এছ-১ শ্ৰেণীৰ উপগ্ৰহ আছে। দুই উপগ্ৰহৰ ভিতৰত এটায়ে চেজাৰ আৰু আনটো টাৰ্গেট হিচাপে কাম কৰে। দুয়োকে সহ-যাত্ৰী হিচাপে সতীশ ধৱন মহাকাশ কেন্দ্ৰ প্ৰথম লঞ্চ পেড পৰা ২০২৪ চনৰ ৩০ ডিচেম্বৰত তাৰিখে ভাৰতীয় মান সময় অনুসৰি নিশা ১০ বজাত এটা সমৰ্পিত প 'লাৰ ছেটেলাইট লঞ্চ ভেহিকলৰ সহায়ত অলপ বেলেগ কক্ষপথত প্ৰৱেশ কৰোৱা হৈছিল।১২ ২০২৫ চনৰ ১৬ জানুৱাৰীত এই উপগ্ৰহ দুটাক একত্ৰিত কৰা হয়। মহাকাশত সফল ডকিং পৰীক্ষণৰ লগে লগে ভাৰত মহাকাশত মহাকাশযান সংযোগ কৰাৰ সামৰ্থ্য থকা আমেৰিকা যুক্তৰাষ্ট্ৰ, ৰাছিয়া আৰু চীনৰ পিছত চতুৰ্থখন দেশ হিচাপে পৰিগণিত হয়। এন সুৰেন্দ্ৰন এই মিছনৰ প্ৰকল্প সঞ্চালক।৩
উদ্দেশ্যসমূহ
কেইবাটাও উদ্দেশ্যৰে স্পেডেস্ক অভিযান আৰম্ভ কৰা হৈছে। সেইবোৰ হৈছে:
- ভি-বাৰ পদ্ধতি ব্যৱহাৰ কৰি স্বয়ংক্ৰিয় মিলন আৰু ডকিং।
- ডক কৰা মহাকাশযানৰ মাজত বৈদ্যুতিক শক্তি স্থানান্তৰ প্ৰমাণ কৰা।
- ডক কৰা কনফিগাৰেচনত থাকোতে অন্যান্য মহাকাশযানৰ নিয়ন্ত্ৰণ প্ৰণালী ব্যৱহাৰ কৰি যৌগিক মহাকাশযানৰ নিয়ন্ত্ৰণ।৪
- আনডকিংৰ পিছত স্বতন্ত্ৰ উপগ্ৰহ হিচাপে কাম কৰা আৰু সিহঁতৰ পেলোড পৰিচালনা কৰা।
ইতিহাস
২০১৬ চনত কৰা প্ৰাৰম্ভিক অধ্যয়নৰ লগে লগে এই অভিযান সম্পৰ্কে গৱেষণা আৰু বিকাশ ত্বৰান্বিত হয়।৫ মহাকাশ ডকিং পৰীক্ষা ভাৰত চৰকাৰে প্ৰাৰম্ভিকভাৱে ১০ কোটি টকাৰ পুঁজিৰে অনুমোদন জনাইছিল। ২০১৭ চনত এই ধন মুকলি কৰা হৈছিল। ২০১৯ চনৰ জুন মাহত ইছৰোৱে ইয়াৰ পিএছএলভি চতুৰ্থ পৰ্যায় (পিএছ৪) কক্ষপথৰ মঞ্চত দূৰৱৰ্তী ৰবটিক আৰ্মৰ অপাৰেচন, ৰেণ্ডেজ আৰু ডকিং সম্পৰ্কীয় প্ৰযুক্তি অধ্যয়নৰ প্ৰস্তাৱ বিচাৰিছিল।
২০২২ চনৰ জুলাই মাহলৈকে স্পেচ ডকিং এক্সপেৰিমেণ্টক ১২৪.৪৭ কোটি টকা (২০২৩ চনত ১৩২ কোটি টকা বা ১৫ মিলিয়ন মাৰ্কিন ডলাৰৰ সমতুল্য) পুঁজিৰ অনুমোদন দিয়া হৈছে।৬
এই অভিযানত "চেজাৰ" আৰু "টাৰ্গেট" নামৰ ২২০ কিলোগ্ৰাম ওজনৰ দুটা উপগ্ৰহ প্ৰথমে ৪৭০ কিলোমিটাৰ উচ্চতাত ৫৫° হেলনীয়া অৱস্থাত স্থাপন কৰা হৈছে। ইহঁতে ৰেণ্ডেজ আৰু ডক কৰিবলৈ কেইবাটাও নিখুঁত কৌশল সম্পন্ন কৰাৰ উদ্দেশ্যেৰে নিৰ্মান কৰা হৈছে।৭৮ "চেজাৰ" আৰু "টাৰ্গেট" উপগ্ৰহসমূহৰ লগতে আনুষংগিক ডকিং প্ৰযুক্তিসমূহ বিক্ৰম সাৰাভাই মহাকাশ কেন্দ্ৰ (ভিএছএছচি), লিকুইড প্ৰপালচন চিষ্টেম চেণ্টাৰ (এলপিএছচি), মহাকাশ প্ৰয়োগ কেন্দ্ৰ (SAC), ইছৰো জড়তা ব্যৱস্থা ইউনিট (IISU) আৰু ইলেক্ট্ৰ'-অপ্টিকছৰ বাবে পৰীক্ষাগাৰ চিষ্টেমৰ (LEOS) সহায়ত ইউ আৰ ৰাও চেটেলাইট চেণ্টাৰ (ইউ আৰ এছ চি)ৰ দ্বাৰা স্পেডেক্স অভিযানৰ বাবে ডিজাইন আৰু ৰূপায়ণ কৰা হৈছিল।৯
স্পেডেক্স উপগ্ৰহসমূহৰ বাবে অনন্ত টেকন'লজিছে ৰেণ্ডেজ প্ৰচেছিং ইউনিট (আৰ পি ইউ) আৰু ডিচি-টু-ডিচি কনভাৰ্টাৰ প্ৰদান কৰিছিল। ইয়াৰ উপৰিও কোম্পানীয়ে পিএছএলভি-চি৬০ লঞ্চ বাহনৰ বাবে ২৯টা অত্যাৱশ্যকীয় উপাদান যেনে তথ্য অধিগ্ৰহণ একক, ট্ৰেন্সমিটাৰ, পাৱাৰ মডিউল, নাভিক চিপ আৰু নিয়ন্ত্ৰণ মডিউল প্ৰদান কৰিছিল।১০১১ তিনিমাহতকৈও কম সময়ৰ ভিতৰতে অনন্ত টেকন'লজিছে ইছৰ'ৰ বাবে উপগ্ৰহ সমাবেশ, সংহতি আৰু পৰীক্ষণ সমাপ্ত কৰি ইউ আৰ ৰাও উপগ্ৰহ কেন্দ্ৰ (URSC) লৈ প্ৰেৰণ কৰে।১২ এছ. সোমনাথৰ মতে ডকিং চন্দ্ৰযান-৪ৰ এটা গুৰুত্বপূৰ্ণ উপাদান আৰু ইছৰোৱে স্পেডেক্সক ইয়াৰ পূৰ্বসূৰী হিচাপে উপস্থাপন কৰিছে। ২০২৪ চনৰ অক্টোবৰৰ পৰা এই অভিযানৰ বাবে উপগ্ৰহৰ অধিক পৰীক্ষা আৰম্ভ হৈছিল।২০২৪ চনৰ নৱেম্বৰৰ ভিতৰত সকলো পৰীক্ষণ প্ৰক্ৰিয়া শেষ হয়। ২০২৪ চনৰ ৩০ ডিচেম্বৰত সফলতাৰে ইয়াক উৎক্ষেপণ হয়। পৰিকল্পিত ভাৰতীয় অন্তৰীক্ষ ষ্টেচন আৰু গগনযান মহাকাশ উৰণ দুয়োটায়ে এই অভিযানৰ ওপৰত নিৰ্ভৰশীল।.১৩১৪১৫ ইয়াৰ উপৰিও ভৱিষ্যতে আন্তঃগ্ৰহ ভ্ৰমণ আৰু কক্ষপথত উপগ্ৰহৰ সেৱাৰ বাবে এই অভিযান অতি প্ৰয়োজনীয়।
বৰ্ণনা
এই অভিযানত এছডিএক্স০১ আৰু এছডিএক্স০২ নামৰ উপগ্ৰহক ক্ৰমে "চেজাৰ" আৰু "টাৰ্গেট" নামেৰে অভিহিত কৰা হৈছে।১৬.১৭ এই দুয়োটা উপগ্ৰহ গঠনৰ ফালৰ পৰা একে ধৰণৰ। উৎক্ষেপণ বাহনখনে এছডিএক্স০১ আৰু এছডিএক্স০২ৰ মাজত বৃদ্ধি পোৱা বেগ প্ৰদান কৰি ১০–২০ কিলোমিটাৰ আন্তঃউগ্ৰহৰ পৃথকীকৰণৰ সৃষ্টি কৰাৰ ধৰণে নিৰ্মান কৰা হৈছে। এই ড্ৰিফ্ট এৰেষ্ট কৌশলৰ পিছত টাৰ্গেট আৰু চেজাৰে বহু দূৰৰ ৰেণ্ডেজত উপনীত হ’ব। দুয়োটা একে গতিৰে একে কক্ষপথত ২০ কিলোমিটাৰ দূৰত্বত থাকিব। অৱশেষত মহাকাশযান দুখনক সংযোগ কৰিবলৈ চেজাৰে তাৰ পিছত ৫ কিলোমিটাৰ, ১.৫ কিলোমিটাৰ, ৫০০ মিটাৰ, ২২৫ মিটাৰ, ১৫ মিটাৰ, আৰু ৩ মিটাৰ আন্তঃউগ্ৰহৰ দূৰত্ব ক্ৰমান্বয়ে কম হৈ টাৰ্গেটৰ কাষ চাপিব। ডকিং আৰু ৰিজিডাইজেচন সফলতাৰে সম্পূৰ্ণ হ'লে বৈদ্যুতিক শক্তিৰ প্ৰবাহ স্থাপন কৰা হ'ব।৮
মহাকাশ প্ৰয়োগ কেন্দ্ৰই এছডিএক্স০১ত কঢ়িয়াই নিয়া ফটো আৰু ভিডিঅ’ ক্ষমতাৰ সৈতে এটা ক্ষুদ্ৰ উচ্চ ৰিজ’লিউচন কেমেৰা প্ৰস্তুত কৰিছিল। এছডিএক্স০২ত গছ-গছনি আৰু প্ৰাকৃতিক সম্পদ নিৰীক্ষণৰ বাবে এটা মাল্টি-স্পেকট্ৰল পেলোড (MMX)ৰ সৈতে সজ্জিত। গগনযান অভিযানৰ সঠিক পৰিকল্পনা কৰিবলৈ এছডিএক্স০২ত এটা বিকিৰণ সংসূচক যন্ত্ৰ আছে যিয়ে মহাকাশত বিকিৰণৰ মাত্ৰাৰ তথ্য সংগ্ৰহ কৰিব।১৮১৯
বহিঃৰাষ্ট্ৰৰ পৰা ডকিং প্ৰযুক্তি আমদানি কৰাৰ ব্যৰ্থ প্ৰচেষ্টাৰ অন্তত ইছৰোই আন্তঃৰাষ্ট্ৰীয় ডকিং চিষ্টেম ষ্টেণ্ডাৰ্ড (আইডিএছএছ)ৰ ভিত্তিত ভাৰতীয় ডকিং চিষ্টেম নিৰ্মাণ কৰিছিল। ইয়াৰ পেটেণ্ট ইছৰোয়ে লাভ কৰিছে। পৃথিৱীৰ ওচৰৰ কক্ষপথত এছডিএক্স০১ আৰু এছডিএক্স০২ ঘণ্টাত প্ৰায় ২৮,৮০০ কিলোমিটাৰ বেগত গতি কৰিব। স্বয়ংক্ৰিয় ডকিঙৰ বাবে ৰেট্ৰ’ৰকেট আৰু এটা চেন্সৰ ছুইট ব্যৱহাৰ কৰি এছডিএক্স০১ আৰু এছডিএক্স০২ৰ আপেক্ষিক বেগ ০.০৩৬ কিলোমিটাৰ বা ১০ মাইল প্ৰতি ঘণ্টালৈ হ্ৰাস কৰা হ’ব। আইডিএছএছত ব্যৱহাৰ কৰা ২৪টা মটৰৰ বিপৰীতে বিডিএছত মাত্ৰ দুটাহে ব্যৱহাৰ কৰা হয়। স্পেডেক্সৰ ডকিং প'ৰ্টৰ ব্যাস ৪৫০ মিলিমিটাৰ। আনহাতে গগনযান আৰু ভাৰতীয় অন্তৰীক্ষা ষ্টেচনৰ ডকিং প'ৰ্ট ৮০০ মিলিমিটাৰ হ'ব।২০২১২২
উৎক্ষেপণৰ পিছৰ দহৰ পৰা পোন্ধৰ দিনৰ ভিতৰত আন্তঃউগ্ৰহৰ দূৰত্ব হ্ৰাস কৰা হ’ব। চন্দ্ৰযান-৪ অভিযানত স্পেডেক্সৰ স্বয়ংক্ৰিয় ডকিং সফল হ'লে পৃথিৱীৰ পৰা জিএনএছএছৰ সহায়ৰ প্ৰয়োজন নহ'ব।২৩ পোন্ধৰ মিনিট হৈছে চূড়ান্ত ডকিং কৌশলৰ আনুমানিক সময়।২৪
ডুৱেল-মটৰ এক্টিভেচন ডিজাইনে কম গতিবেগত সুৰক্ষিত সংযোগ আৰু সঠিক প্ৰান্তিককৰণৰ বাবে সহায় কৰিব। ৰিয়েল-টাইম এলাইনমেণ্ট আৰু নেভিগেচন প্ৰক্সিমিটি চেন্সৰ, লেজাৰ ৰেঞ্জফাইণ্ডাৰ, আৰু ৰেণ্ডেজ কেমেৰাৰ দ্বাৰা সমৰ্থিত হ’ব। ডকিং কাৰ্য্যৰ সময়ত, এটা আন্তঃউগ্ৰহ যোগাযোগ সংযোগে (ISL) মসৃণ তথ্য সংক্ৰমণ প্ৰদান কৰিব। ইয়াৰ ফলত চিষ্টেম নিৰ্ভৰযোগ্যতা আৰু স্বয়ংক্ৰিয়তা উন্নত হ'ব।২৫ উপগ্ৰহসমূহ ৫ কিলোমিটাৰ দূৰত থকাৰ লগে লগে ইহঁতে আই এছ এলৰ জৰিয়তে যোগাযোগ কৰি অভিমুখ আৰু অৱস্থানৰ তথ্য ভাগ-বতৰা কৰিব।
নতুন প্ৰক্ৰিয়া আৰু প্ৰযুক্তি
স্পেডেক্স অভিযানত কেইবাটাও নতুন কৌশল, প্ৰক্ৰিয়া আৰু প্ৰযুক্তি ব্যৱহাৰ কৰা হৈছে।
- ক্ৰমান্বয়ে ভেহিকেল এচেম্বলী এণ্ড লঞ্চিং ফেচিলিটি (ভিএএলএফ) আৰু ম'বাইল চাৰ্ভিচ টাৱাৰ (এমএছটি)ত একত্ৰিত কৰাৰ পৰিবৰ্তে উৎক্ষেপণ বাহনখন এক নতুন পিএছএলভি ইণ্টিগ্ৰেচন ফেচিলিটি (পিআইএফ)ত একত্ৰিত কৰা হৈছিল আৰু মিছনবোৰৰ মাজত লীড-ইন সময় হ্ৰাস কৰিবলৈ উৎক্ষেপণ পেডলৈ পৰিবহন কৰা হৈছিল।২৬২৭
- ১০ মিমি/ছেকেণ্ডৰ এক প্ৰসাৰ বেগৰ সৈতে এক নিম্ন-প্ৰভাৱ, এণ্ড্ৰোজিনিয়াছ পেৰিফেৰেল ডকিং প্ৰণালী।১৯২৫
- ৬০০০ৰ পৰা ২০০ মিটাৰ পৰিসৰত অৱস্থান ভেক্টৰ আৰু বেগৰ বাবে লেজাৰ ৰেঞ্জফাইণ্ডাৰ আৰু কৰ্ণাৰ কিউব ৰিট্ৰোৰিফ্লেক্টৰ, ২০০০ ৰ পৰা ২৫০ মিটাৰ আৰু ২৫০ৰ পৰা ১০ মিটাৰ পৰিসৰত অৱস্থান ভেক্টৰৰ বাবে ৰেণ্ডোৱেজ চেন্সৰ, ৩০ মিটাৰৰ পৰা ০.৪ মিটাৰ পৰিসৰত অৱস্থান ভেক্টৰ আৰু বেগৰ বাবে প্ৰক্সিমিটি আৰু ডকিং চেন্সৰ ইয়াত ব্যৱহাৰ কৰা হৈছে। ডকিং পৰিঘটনাৰ ফটো তুলিবলৈ ইয়াত ২০ ৰ পৰা ০.৫ মিটাৰ পৰিসৰৰ বাবে এটা ছবি চেন্সৰ আছে। এছডিএক্স০২-ত এছডিএক্স০১ৰ প্ৰৱেশ চিনাক্ত কৰিবলৈ ইয়াত ৮ চেমিৰ পৰা ৪ চেমিলৈ মেকানিজম এণ্ট্ৰি চেন্সৰ আছে। ইয়াৰ এক্সেলেৰোমিটাৰে বেগৰ পৰিৱৰ্তন জোখা আৰু ষ্টাৰ ট্ৰেকাৰে গতিপথ নিৰ্ধাৰণ কৰাত সহায় কৰিব।২৮
- অৱস্থান, দিশনিৰ্দেশনা আৰু সময় নিৰ্ধাৰণৰ (পিএনটি) বাবে ডিফাৰেন্সিয়েল জিএনএছএছ-আধাৰিত ছেটেলাইট পজিচনিং চিষ্টেম (এছপিএছ)ৰ সৈতে আপেক্ষিক কক্ষপথ নিৰ্ধাৰণ আৰু প্ৰচাৰৰ বাবে ইয়াত একত্ৰিত প্ৰচেছৰ (আৰ.ও.ডি.পি.) ব্যৱহাৰ কৰা হৈছে। আন্তঃ-উপগ্ৰহ যোগাযোগ লিংকৰ দ্বাৰা অৱস্থান ভেক্টৰ আৰু বেগ তথ্য স্থানান্তৰ আৰু সংমিশ্ৰণ কৰিবলৈ ভিএইচএফ/ইউএইচএফ ট্ৰেন্সচিভাৰ ব্যৱহাৰ কৰা হৈছে।
- ৰেণ্ডোৱেজ আৰু ডকিং এলগৰিথমৰ সহায়ত ৰিয়েল-টাইম অনুকৰণৰ জৰিয়তে এলগৰিথমবোৰ বৈধ কৰিবলৈ ৰেণ্ডোৱেজ চিমুলেশ্যন লেব, ডকিংৰ অন্তিম পৰ্যায়ৰ বাবে ডকিং মেকানিজম প্ৰদৰ্শন পৰীক্ষা, আৰু নিয়ন্ত্ৰিত ছেটিংছৰ অধীনত ডকিং প্ৰণালী পৰীক্ষা কৰিবলৈ উলম্ব ডকিং পৰীক্ষাগাৰ ব্যৱহাৰ কৰা হৈছে।
সময়ৰেখা
- পিএছএলভি-চি৬০-য়ে ২০২৪ চনৰ ৩০ ডিচেম্বৰ তাৰিখে ৫৫° প্ৰৱণতাৰ সৈতে এছডিএক্স০১ (চেজাৰ) আৰু এছডিএক্স০২ (টাৰ্গেট) সফলতাৰে ৪৭৫ কিলোমিটাৰ বৃত্তাকাৰ কক্ষপথলৈ উৎক্ষেপণ কৰিছিল।২৯
- ২০২৫ চনৰ ২ জানুৱাৰী তাৰিখলৈকে ইছৰোৱে এছডিএক্স০১ আৰু এছডিএক্স০২-ৰ মাজৰ দূৰত্ব বৃদ্ধি কৰি মিলন পৰ্যায় আৰম্ভ কৰে।৩০
- চূড়ান্ত ডকিং কৌশল ৭ জানুৱাৰীৰ বাবে পৰিকল্পনা কৰা হৈছিল কিন্তু ৬ জানুৱাৰীত শেহতীয়া পৰিস্থিতিৰ ওপৰত আধাৰিত কৰি গ্ৰাউণ্ড চিমুলেচনৰ জৰিয়তে অতিৰিক্ত বৈধতাৰ প্ৰয়োজনীয়তাৰ বাবে ইয়াক ৯ জানুৱাৰীলৈ৩১ পিছুৱাই দিয়া হৈছিল। ইউআৰএছচিৰ সঞ্চালক এম. শংকৰনৰ মতে ডকিং সময়সীমা ৭-১০ জানুৱাৰীৰ বাবে নিৰ্ধাৰণ কৰা হৈছিল।৩২
- উপগ্ৰহ দুটা ৮ জানুৱাৰীত ৬০০ মিটাৰ দূৰত্বলৈকে পৃথক কৰা হৈছিল। চেজাৰ উপগ্ৰহটো টাৰ্গেটৰ ওচৰলৈ আনিবলৈ ইছৰোৱে এটা ড্ৰিফ্ট মেনুৱেৰ আৰম্ভ কৰিছিল। ইয়াৰ জৰিয়তে এই দূৰত্বক ৫০০ মিটাৰৰ পৰা ২২৫ মিটাৰলৈ হ্ৰাস কৰা হয়। অৱশ্যে দৃশ্যমানতা নোহোৱা সময়ৰ পিছত প্ৰত্যাশিততকৈ ড্ৰিফ্ট অধিক আছিল। সেইবাবে ডকিং দ্বিতীয়বাৰৰ বাবে বিলম্বিত হৈছিল।৩৩৩৪
- দুয়োটা উপগ্ৰহ ওচৰলৈ অনাৰ বাবে ইছৰোৱে চেজাৰজনক ৯ জানুৱাৰী তাৰিখে টাৰ্গেটৰ ফালে লেহেম ড্ৰিফ্ট ট্ৰেজেক্টৰীত ৰাখিছিল। অনুমান কৰা হৈছিল যে ডকিং ক্ৰমটোৱে ১০ জানুৱাৰীত ইয়াৰ আৰম্ভণিৰ স্থিতি প্ৰাপ্ত কৰিব।৩৫৩৬
- উপগ্ৰহ দুটা ১.৫ কিলোমিটাৰ দূৰত্বত আৰু ১০ জানুৱাৰীৰ নিশা হোল্ড মোডত আছিল। ১১ জানুৱাৰীৰ ৰাতিপুৱালৈ দূৰত্ব ৫০০ মিটাৰলৈ হ্ৰাস কৰা হয়। ডকিং ক্ৰম আৰম্ভ কৰাৰ আগতে দূৰত্ব আৰু ১৫ মিটাৰলৈ হ্ৰাস কৰা হয় আৰু তাৰ পিছত ৩ মিটাৰলৈ হ্ৰাস কৰা হয়।৩৭
- ১১ জানুৱাৰীত আন্তঃ-উপগ্ৰহ দূৰত্ব ২৩০ মিটাৰ হয়। সেই সময়লৈকে সকলো চেন্সৰে অভিপ্ৰায় অনুসৰি কাম কৰি আছে আৰু উপগ্ৰহৰ অৱস্থা স্বাভাৱিক।৩৮
- ডকিং প্ৰস্তুতি চলি থাকোতে, এছডিএক্স০১ আৰু এছডিএক্স০২ কক্ষপথত ১০৫ মিটাৰ দূৰত্বত অৱস্থিত হয়। ১২ জানুৱাৰী ভাৰতীয় সময় অনুসৰি পুৱা ৩:১০ বজালৈ৩৯৪০ আন্তঃ-উপগ্ৰহ দূৰত্ব আৰু ১৫ মিটাৰলৈ হ্ৰাস হোৱাৰ সময়ত এছডিএক্স০১ আৰু এছডিএক্স০২ ইমেজিং চেন্সৰবোৰ ইটোৱে সিটোৰ ছবি আৰু ভিডিঅ' ল'বলৈ সক্ৰিয় কৰা হৈছিল।৪১
- ১৫ মিটাৰ আৰু তাৰ পিছত ৩ মিটাৰ পৰ্যন্ত উপনীত হোৱাৰ এটা সফল পৰীক্ষণ প্ৰয়াস কৰা হৈছিল। ডকিং প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ আগতে দুয়োটা উপগ্ৰহ এক সুৰক্ষিত দূৰত্বলৈ পুনৰ স্থাপন কৰা হৈছিল যাতে সংৰেখন তথ্য আৰু অন্যান্য কাৰকবোৰ পৰীক্ষা কৰিব পৰা যায়। আন্তঃ-উপগ্ৰহ দূৰত্ব হ্ৰাস কৌশলৰ সময়ত আন্তঃ-উপগ্ৰহ দূৰত্ব হ্ৰাস কৌশলৰ সময়ত ০° সংৰেখনত ড্ৰিফ্ট স্থিৰ কৰাৰ সময়ত নৈকট্য আৰু ডকিং চেন্সৰৰ পৰা সংকেত প্ৰাপ্ত কৰাত পলম হোৱা দেখা গৈছিল। সমগ্ৰ ডকিং প্ৰক্ৰিয়াটোত এছ.ডি.এক্স.০১ আৰু এছ.ডি.এক্স.০২ সঠিকভাৱে সংৰেখিত কৰাৰ বাবে এই চেন্সৰবোৰ গুৰুত্বপূৰ্ণ আছিল। বিলম্বৰ বাবে যিকোনো অনিচ্ছাকৃত সংঘৰ্ষ প্ৰতিহত কৰিবলৈ অনবৰ্ড সুৰক্ষিত মোড অপাৰেচন স্বয়ংক্ৰিয়ভাৱে সক্ৰিয় কৰা হৈছিল। ইয়াৰ ফলত এছডিএক্স০১ আৰু এছডিএক্স০২-ৰ মাজৰ আন্তঃ-উপগ্ৰহ দূৰত্ব ৮ কিলোমিটাৰলৈ বৃদ্ধি হয়। ইয়াৰ পিছত তৃতীয় ডকিং প্ৰচেষ্টা বাতিল কৰিব লগা হৈছিল। ইছৰোৱে বৰ্তমান এক পুংখানুপুংখ অনুসন্ধানৰ সৈতে বিষয়টো সমাধান কৰাত ব্যস্ত। যদি চেন্সৰৰ সমস্যা অব্যাহত থাকে, ই দৃশ্যমানতা উন্নত নোহোৱালৈকে ডকিং প্ৰচেষ্টা স্থগিত ৰাখিব পাৰে।৪২
- ২০২৫ চনৰ ১৬ জানুৱাৰীত এই উপগ্ৰহ দুটাক একত্ৰিত কৰা হয়। মহাকাশত সফল ডকিং পৰীক্ষণৰ লগে লগে ভাৰত মহাকাশত মহাকাশযান সংযোগ কৰাৰ সামৰ্থ্য থকা আমেৰিকা যুক্তৰাষ্ট্ৰ, ৰাছিয়া আৰু চীনৰ পিছত চতুৰ্থখন দেশ হিচাপে পৰিগণিত হয়।৪৩
প্ৰত্যাহ্বান
ইছৰোৱে বিত্তীয় সীমাবদ্ধতাৰ বাবে ভবিষ্যতে মহাকাশ ডকিং পৰীক্ষাৰ বাবে পৰীক্ষণ অভিযান নকৰে। দুয়োটা উপগ্ৰহ আৰু সংশ্লিষ্ট সঁজুলি ইছৰোৱে ১২৫ কোটি টকাৰে নিৰ্মাণ কৰিছিল। আনহাতে উৎক্ষেপণ বাহনখনৰ বাবে অতিৰিক্ত ২৫০ কোটি টকা ব্যয় হয়। আন এটা সমস্যা হৈছে নিম্ন জড়তা নিয়ন্ত্ৰণ কৰা আৰু মডুলাৰ মহাকাশযান বিন্যাসৰ সৈতে সামঞ্জস্যপূৰ্ণ এক সংহত, নিম্ন-প্ৰভাৱযুক্ত এণ্ড্ৰোজিনিয়াছ ডিজাইন নিৰ্মাণ কৰা। এটা ক্ষুদ্ৰ শক্তি বা সামান্য ব্যাঘাতে ডকিং প্ৰক্ৰিয়াত হস্তক্ষেপ কৰিব পাৰে কিয়নো কম ভৰ আৰু কম জড়তাৰ ফলত উপগ্ৰহটো ইয়াৰ সংৰেখনৰ পৰা বিচ্যুত হ'ব পাৰে।২৩২৫
আন্তৰ্জাতিক সহযোগিতা
গ্ৰাউণ্ড চেগমেণ্ট-এ-এ-চাৰ্ভিচ (জিএছএএছ) সমাধান আগবঢ়োৱা ইটালীৰ কোম্পানী লিফ স্পেচে ইছৰোৰ সৈতে অংশীদাৰীত্ব কৰি স্পেডেক্স উপগ্ৰহৰ সৈতে যোগাযোগ সম্পৰ্ক সৃষ্টি কৰিবলৈ পোয়েব-৪ প্লেটফৰ্ম নিৰ্মান কৰিছে। ই টেলিমেট্ৰি, কমাণ্ড অপাৰেচন, আৰু চলিত স্পেডেক্স মিছন নিৰীক্ষণ সম্ভৱ কৰি তুলিছে।৪৪
ভৱিষ্যতৰ বিকাশ
২০২৪ চনৰ ৩০ ডিচেম্বৰ তাৰিখে স্পেডেক্স মিছনৰ উৎক্ষেপণৰ পিছত ইছৰোৰ মুৰব্বী এছ. সোমনাথে ঘোষণা কৰিছিল যে অধিক আকাৰ আৰু জটিলতাৰ সৈতে অতিৰিক্ত স্পেডেক্স মিছন আৰম্ভ কৰা হ'ব। ইয়াত বৃহৎ ডকিং ব্যৱস্থা প্ৰদৰ্শন কৰা হ'ব আৰু সম্ভৱতঃ গগনযান আৰু ভাৰতীয় অন্তৰীক্ষ ষ্টেচনৰ বাবে পথ প্ৰদৰ্শক হ'ব।৩১
তথ্যসূত্ৰ
- ↑ Chaitanya, SV Krishna. (6 December 2024). ISRO may test space docking on December 26. The New Indian Express
- ↑ Smith, Martin. (2024-12-30). India to launch SPADEX space docking demonstration, begins assembly of human-rated launch vehicle. NASASpaceFlight.com
- ↑ (31 December 2024). 'SpaDex will prove useful for future assignments,' says Project Director N Surendran. ANI
- ↑ Ramesh, Sandhya. (2024-12-30). ISRO launches SpaDeX onboard PSLV. How it will pave way for Bharatiya Antariksha Station. ThePrint
- ↑ Tripathi, Sibu Kumar. (2025-01-06). Isro to dock SpaDeX satellites on Tuesday, epic space chase in final phase. India Today
- ↑ Fernandes, Jocelyn. (2023-10-21). ISRO Missions: A look at what's up and coming from India's space research agency. mint
- ↑ Kanwar, Shimona. (2024-10-24). Chaser eyes Target: Isro set for pioneering space docking trial. The Times of India
- ↑ Singh, Surendra. (2024-12-25). Isro to launch SpaDex mission on Dec 30 for developing space docking tech. The Times of India
- ↑ (29 December 2024). ISRO to launch its SpaDeX mission tomorrow. ANI
- ↑ (2024-12-31). Hyderabad-based ATL congratulates ISRO on PSLV-C60, Spadex. The Hindu
- ↑ Siddiqui, Huma. (2024-12-31). India's PSLV-C60 launch: A milestone in space docking and private industry collaboration. Financialexpress
- ↑ MP, Sidharth. (2024-10-18). ISRO gears up for 'Space handshake' SPADEX; private firm delivers two satellites. WION
- ↑ Kumar, Chethan. (2024-10-14). Docking test likely before Dec 15; Gaganyaan G1: Vyomitra on 1 seat, ECLSS on 2nd, rocket gets new cryo stage. The Times of India
- ↑ (2024-12-31). Isro launches space docking satellites, India on path to elite club; PSLV last stage has 24 payloads. The Times of India
- ↑ C.S, Hemanth. (2024-12-30). PSLV-C60 launch: ISRO launches SpaDeX mission for space docking. The Hindu
- ↑ (2024-12-30). PSLV-C60 SPADEX Mission. www.isro.gov.in
- ↑ (2024-12-26). Isro integrates two Spadex satellites with PSLV-C60 for launch. India Today
- ↑ MP, Sidharth. (2024-12-29). Explainer: Why SPADEX is India's most sophisticated mission around Earth. Wion
- ↑ SpaDeX Mission. www.isro.gov.in
- ↑ Bagla, Pallava. (26 December 2024). 'SpaDeX' Mission: How ISRO Will Dock Two Satellites In Space. ndtv.com
- ↑ Indian Space Research Organisation. (2022-09-09). ISRO's patent filing for SPADEX docking interface
- ↑ (30 September 2022). Patent Drawings for Autonomous vehicle docking system 200 (r/ISRO). Imgur
- ↑ Upadhya, Harish; Sen Gupta, Pathikrit. (25 December 2024). Two 200 Kg Spacecraft At Rs 125 Cr: A Lot Is Riding On ISRO's SpaDeX Mission; Here's Why · Exclusive. News18
- ↑ Pillai, Soumya. (2025-01-04). ISRO to carry out 1st space docking experiment. Why the indigenous tech is crucial for future missions. ThePrint
- ↑ Singh, Abhinav. (23 December 2024). PSLV-C60 POEM-4: Pioneering space research with cutting-edge payloads from ISRO, startups, and universities. The Week
- ↑ Dutt, Anonna. (2024-12-30). Why ISRO's 'docking' mission today is critical for India's space ambitions. The Indian Express
- ↑ Ramesh, Sandhya. (2024-03-02). How ISRO's PSLV Integration Facility launch at Sriharikota will help India's space ecosystem. ThePrint
- ↑ Singh, Abhinav. (1 January 2025). India’s SpaDeX mission: Mastering the precision of autonomous space docking. The Week
- ↑ Jones, Andrew. (2024-12-30). India launches space docking experiment with PSLV rocket, advancing major ambitions. SpaceNews
- ↑ (2025-01-02). Epic chase to begin in space as distance between Isro's SpadeX satellites grow. India Today
- ↑ (31 December 2024). ISRO set to launch NVS-02 satellite in Jan 2025, with more missions planned for upcoming year: ISRO Chief. ANI
- ↑ (2025-01-06). ISRO's SpaDeX docking experiment postponed to January 9. The Hindu
- ↑ Tripathi, Sibu Kumar. (2025-01-08). Isro's SpaDeX satellite begins drift to move closer for docking. India Today
- ↑ Kumar, Vivek; Joshi, Poorva. (2025-01-08). Isro postpones SpaDeX docking again, says satellites are safe. India Today
- ↑ ETB, Sivapriyan. (2025-01-09). Unexpected drift between two SpaDeX satellites comes to a halt: ISRO. Deccan Herald
- ↑ (2025-01-09). ISRO’s SpaDex mission back on track after satellite drift, docking may be achieved on Friday. The Indian Express
- ↑ ETB, Sivapriyan. (2025-01-10). SpaDeX satellites at distance of 1.5 km, ISRO aims to further drift them to 500 metres by Saturday. Deccan Herald
- ↑ Kumar, Chethan. (2025-01-11). SpaDeX satellites at 230m distance, health normal. The Times of India
- ↑ Sruti, Swastika. (2025-01-12). ISRO Advances Space Docking Experiment With SpaDeX Satellites. NewsX World
- ↑ Kumar, Chethan. (2025-01-12). SpaDeX: Trial puts satellites as close as 3m & then away, docking attempt post data analysis. The Times of India
- ↑ SpaDex satellites now at a distance of 15 metres from each other: ISRO. Deccan Herald
- ↑ Tripathi, Sibu Kumar. (2025-01-13). Isro aborted SpaDeX docking after satellites triggered safe mode in space. India Today
- ↑ (2025-01-16). Isro docks SpaDeX satellites in space, sets stage for Chandrayaan-4, Gaganyaan. India Today
- ↑ Faleti, Joshua. (2025-01-03). Leaf Space Provides Support to ISRO SpaDeX LEO Mission. SpaceWatch.GLOBAL
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “স্পেডেক্স” প্ৰবন্ধৰ সংশোধন ৫৩৭১১৩ (৪ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।