মহাকাশ অভিযান
৪ প্ৰবন্ধ
-
এপ'ল' ১১
এপ'ল ১১ আছিল প্ৰথম মহাকাশ অভিযান যাৰ সহায়ত প্ৰথম বাৰৰ বাবে মানুহে চন্দ্ৰত ভৰি দিছিল। নীল আৰ্মষ্ট্ৰং আৰু বুজ এলড্ৰিনে ২০ জুলাই ১৯৬৯ চনত এপ'ল' লুনাৰ মডুল ঈগলক চন্দ্ৰপৃষ্ঠত নমাইছিল। ইয়াৰ প্ৰায় ৬ঘণ্টাৰ পাছত নীল আৰ্মষ্ট্ৰঙে প্ৰথম বাৰৰ বাবে চন্দ্ৰপৃষ্ঠত ভৰি ৰাখিছিল ২১ জুলাইৰ দিনা।
-
মহাকাশ যাত্ৰা
মহাকাশ যাত্ৰা (Spaceflight বা space flight) হৈছে মহাকাশত বা বহিঃ মহাকাশলৈ কৰা যাত্ৰা। মহাকাশ যাত্ৰা মানৱবিহীন নাইবা মানৱ পৰিবাহী হ'ব পাৰে। ছ'ভিয়েট সংঘৰ য়ুৰি গেগেৰিন আছিল মহাকাশ যাত্ৰা কৰা প্ৰথম মহাকাশচাৰী।
-
ভাৰতীয় অন্তৰীক্ষ ষ্টেচন
ভাৰতীয় অৰ্বিটেল স্পেচ ষ্টেচন, যাক ভাৰতীয় অন্তৰীক্ষ ষ্টেচন বুলিও কোৱা হয়, ভাৰতৰ দ্বাৰা নিৰ্মাণ হ’বলগীয়া আৰু ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ISRO)ৰ দ্বাৰা পৰিচালিত পৰিকল্পিত মডিউলাৰ মহাকাশ কেন্দ্ৰ।
-
স্পেডেক্স
স্পেডেক্স বা স্পেচ ডকিং এক্সপেৰিমেণ্ট (SpaDeX বা Space Docking Experiment) ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ দ্বাৰা বিকশিত এক যমজ উপগ্ৰহ অভিযান। মানৱ মহাকাশ ভ্ৰমণ, মহাকাশত থকা উপগ্ৰহীয় সেৱা আৰু অন্যান্য নিকটতা কাৰ্যকলাপৰ প্ৰয়োগৰ পৰিসৰৰ সৈতে কক্ষপথৰ মিলন, ডকিং, গঠন উৰণ সৈতে সম্পৰ্কিত প্ৰযুক্তি বিকশিত…