স্পিঅ (প্ৰাচীন গ্ৰীক: Σπειώ, ইংৰাজী: Spio; আক্ষৰিক অৰ্থ: 'গুহাত বাস কৰা'[1]) নেৰিয়াছ আৰু অ'চেনিড ড'ৰিছৰ ৫০ গৰাকী নেৰেইডৰ ভিতৰত অন্যতম, সাগৰীয় নিম্ফ কন্যা।১২ তেওঁক স্পেইঅ' (Speio)৩ আৰু স্পেঅ' (Speo)৪ বুলিও কোৱা হয়৷
কিংবদন্তি
হোমাৰৰ ইলিয়াডত বৰ্ণনা কৰা অনুসৰি একিলিছে মৃত পেট্ৰ'ক্লাছৰ বাবে কৰা দুখৰ সমভাগি হোৱা মাতৃ থেটিছক সংগ দিবলৈ সাগৰৰ গভীৰতাৰ পৰা ওলাই আহি ট্ৰয়ৰ উপকূলত সমবেত হোৱা ৩৩ গৰাকী নেৰেইডছৰ ভিতৰত স্পিঅ'ও আছিল বুলি উল্লেখ কৰা হৈছে।৫
কিছুমান বিৱৰণীত স্পিঅ' আৰু তেওঁৰ ভগ্নী থেলিয়া, নেছাইয়া আৰু চাইমোড'চৰ সৈতে মিলি চাইৰিনৰ সমদলত অংশগ্ৰহণ কৰিছিল৷৬ পৰবৰ্তী সময়ত পিছলৈ তেওঁলোক চাৰিও গৰাকীয়ে তেওঁলোকৰ অন্য ভগ্নী থেটিছ, মেলাইট আৰু পেনোপিয়াৰ সৈতে মিলি নায়ক ইনিয়াছ আৰু তেওঁৰ দলটোক সামুদ্ৰিক ধুমুহাৰ সময়ত সহায় কৰিবলৈ সক্ষম হৈছিল।৭
তথ্যসূত্ৰ
- ↑ Bane, Theresa. (2013). Encyclopedia of Fairies in World Folklore and Mythology. McFarland, Incorporated, Publishers. পৃ. 94. ISBN 9780786471119
- ↑ হোমাৰ, ইলিয়াড 18.39; Hesiod, থিঅ'গনি 255; Hyginus, Fabulae Preface
- ↑ হোমাৰ, ইলিয়াড 18.40
- ↑ Hesiod, থিঅ'গনি 245
- ↑ Homer, Iliad 18.39
- ↑ Virgil, Georgics 4.338
- ↑ Virgil, Aeneid 5.826
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “স্পিঅ'” প্ৰবন্ধৰ সংশোধন ৬৩১২২৬ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।