হিন্দী সাহিত্যিক
১২ প্ৰবন্ধ
-
ৰাহুল সাংকৃত্যায়ন
ৰাহুল সাংকৃত্যায়ন (Rahul Sankrityayan; राहुल सांकृत्यायन; ৯ এপ্ৰিল, ১৯৮৩ – ১৪ এপ্ৰিল, ১৯৬৩) এজন প্ৰখ্যাত ভাৰতীয় লেখক। জীৱনৰ পঞ্চলিশ বছৰ ঘৰৰ পৰা আঁতৰি ভ্ৰমণত কটোৱা সাংকৃত্যায়নক 'হিন্দী ভ্ৰমণ সাহিত্যৰ জনক' বুলি অভিহিত কৰা হয়। বিভিন্ন বিষয়ৰ ওপৰত তেখেতে প্ৰায় ডেৰশখনৰো অধিক গ্ৰন্থ ৰচনা কৰিছিল।
-
জয়শংকৰ প্ৰসাদ
জয়শংকৰ প্ৰসাদ (৩০ জানুৱাৰী ১৮৮৯ আধুনিক হিন্দী সাহিত্য আৰু হিন্দী নাট্যশালাৰ প্ৰধান ব্যক্তিত্ব আছিল। প্ৰসাদ আছিল তেওঁৰ ছদ্মনাম। তেওঁক ছায়াবাদী কবি বুলিও জনা যায়।
-
সূৰ্যকান্ত ত্ৰিপাঠী
সূৰ্যকান্ত ত্ৰিপাঠী (২১ ফেব্ৰুৱাৰী ১৮৯৯ – ১৫ অক্টোবৰ ১৯৬১) এজন ভাৰতীয় কবি, সাহিত্যিক, সুৰকাৰ, আৰু স্কেচ আৰ্টিষ্ট আছিল, তেওঁৰ ৰচনা সমূহ হিন্দী ভাষাৰ আছিল। তেওঁক হিন্দী সাহিত্যৰ ছায়াবাদ যুগৰ চাৰিটা মুখ্য স্তম্ভৰ এটা ৰূপে গণ্য কৰা হয়।
-
ভগৱতী চৰণ বৰ্মা
ভগৱতী চৰণ বৰ্মা (Bhagawati Charan Verma; ৩০ আগষ্ট, ১৯০৩ — ৫ অক্টোবৰ, ১৯৮১) আছিল হিন্দী সাহিত্যৰ এগৰাকী লেখক। তেওঁ হিন্দী ভাষাত বহুকেইখন উপন্যাস ৰচনা কৰিছে। ১৯৩৪ চনত প্ৰকাশিত চিত্ৰলেখা তেওঁৰ অন্যতম কৃতি। এই উপন্যাসখনৰ আধাৰতেই ১৯৪১ আৰু ১৯৬৪ চনত দুখনকৈ হিন্দী চলচ্চিত্ৰ নিৰ্মাণ কৰা হৈছে।
-
উষা যাদৱ (লেখিকা)
উষা যাদৱ এগৰাকী ভাৰতীয় শিক্ষাবিদ, সমসাময়িক হিন্দী সাহিত্যৰ লেখিকা আৰু পদ্মশ্ৰী বঁটা প্ৰাপক। তেওঁ আগ্ৰাৰ কেন্দ্ৰীয় হিন্দী প্ৰতিষ্ঠান, ড° ভীমৰাও আম্বেদকাৰ বিশ্ববিদ্যালয় আৰু কানহাইয়ালাল মাণিকলাল মুন্সী হিন্দী প্ৰতিষ্ঠানৰ অনুষদ সদস্য আছিল।
-
কৃষণ চন্দৰ
কৃষণ চন্দৰ (কৃষ্ণ চন্দ্ৰ বা কৃশ্ন চন্দ্ৰ বুলিও লিখা হয়) (২৩ নৱেম্বৰ ১৯১৪ – ৮ মাৰ্চ ১৯৭৭) এগৰাকী ভাৰতীয় উৰ্দু আৰু হিন্দী সাহিত্যিক আছিল। তেওঁ বিখ্যাত গল্পসংগ্ৰহ, উপন্যাস, ৰেডিঅ’ নাট আৰু চিত্ৰনাট্যৰ লগতে একাধিক কিতাপ ৰচনা কৰিছিল। তেওঁৰ অনেক কৃতি ইংৰাজীসহ বহুতো ভাষালৈ অনুবাদিত হৈছে।
-
নাগাৰ্জুন (বৈদ্যনাথ মিশ্ৰ)
বৈদ্যনাথ মিশ্ৰ (১১ জুন ১৯১১ – ৫ নৱেম্বৰ ১৯৯৮), যাক নগাৰ্জুন নামেৰে জনা যায়, এজন হিন্দী আৰু মৈথিলী কবি আছিল। তেওঁ উপন্যাস, চুটি গল্প, সাহিত্যিক জীৱনী আৰু ভ্ৰমণকাহিনীও লিখিছিল আৰু জনকবি – জনতাৰ কবি হিচাপে জনাজাত আছিল। তেওঁক মৈথিলীৰ আধুনিকতাৰ আটাইতকৈ প্ৰধান সমৰ্থক হিচাপে গণ্য কৰা হয়।
-
নিৰ্মলা (উপন্যাস)
নিৰ্মলা'(হিন্দী: निर्मला) হিন্দী ঔপন্যাসিক মুন্সী প্ৰেমচন্দৰ দ্বাৰা ৰচিত এখন হিন্দী উপন্যাস। এই আৱেগিক উপন্যাসখনৰ মূল চৰিত্ৰ নিৰ্মলা নামৰ কিশোৰীজনীক বলপূৰ্বকভাৱে বিয়া পাতি দিয়ে পত্নীৰ মৃত্যু হোৱা তথা পিতৃৰ বয়সৰ এজন ব্যক্তিৰ লগত।
-
ভীষ্ম চাহনী
ভীষ্ম চাহনী আধুনিক হিন্দী সাহিত্যৰ এগৰাকী উল্লেখযোগ্য লেখক। ইয়াৰ লগতে তেওঁ অভিনয় ক্ষেত্ৰ, শিক্ষাৰ ক্ষেত্ৰ তথা সাংস্কৃতিক আৰু ৰাজনৈতিক ক্ষেত্ৰখনৰ লগত জড়িত কৰ্মী। তেওঁৰ জন্ম হয় ১৯১৫ চনৰ ৮ আগষ্টত ৰাৱলপিন্দীত (অবিভাজিত পাঞ্জাবত)।
-
সোণৰূপা বিশাল
সোণৰূপা বিশাল (ইংৰাজী: Sonroopa Vishal; জন্ম: ৩০ অক্টোবৰ ১৯৭৭) এগৰাকী ভাৰতীয় লেখিকা, কবি আৰু সাহিত্যিক, যিয়ে হিন্দী ভাষাত সাহিত্য চৰ্চা কৰে। উত্তৰ প্ৰদেশ চৰকাৰে তেওঁক ২০১৫ চনত ‘হৰিবংশ ৰায় বচ্চন নৱোদিত গীতিকাৰ বঁটা’ আৰু ২০১৯ চনত ‘জগদীশ গুপ্তা সৰ্জনা বঁটা’ প্ৰদান কৰে।
-
হেমলতা মহিশ্বৰ
হেমলতা মহিশ্বৰ (ইংৰাজী: Hemlata Mahishwar; জন্ম: ৫ নৱেম্বৰ ১৯৬৬) এগৰাকী ভাৰতীয় হিন্দী লেখিকা, সাহিত্য সমালোচক আৰু পণ্ডিত। তেওঁ মূলতঃ দলিত সাহিত্য আৰু মহিলা অধ্যয়নৰ ক্ষেত্ৰত বিশেষজ্ঞতাৰ বাবে পৰিচিত।
-
হৰি কৃষ্ণ দেৱসাৰে
হৰি কৃষ্ণ দেৱসাৰে (জন্ম: ৯ মাৰ্চ ১৯৩৮ – মৃত্যু: ১৪ নৱেম্বৰ ২০১৩) এগৰাকী হিন্দী সাহিত্যিক; শিশু সাহিত্যৰ ক্ষেত্ৰত তেওঁৰ কামৰ বাবে সুপৰিচিত। শিশু সাহিত্যলৈ আগবঢ়োৱা অৱদানৰ বাবে পদ্ম বিনানী ফাউণ্ডেচনৰ দ্বাৰা প্ৰতিষ্ঠিত প্ৰথম বাটস্ল্য বঁটা লাভ কৰে।