অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

মহাকৰ্ষণিক তৰংগ

পদাৰ্থ বিজ্ঞানত মহাকৰ্ষণিক তৰংগ হৈছে মহাজাগতিক সময়-স্থানৰ বক্ৰত সৃষ্টি হোৱা আৰু উৎসৰপৰা বহিৰ্মুখে গতি কৰা তৰংগৰূপী একপ্ৰকাৰ শক্তি। ১৯১৬ চনত এলবাৰ্ট আইনষ্টাইনে তেওঁৰ সাধাৰণ আপেক্ষিকতাবাদ তত্বৰ আধাৰত ইয়াৰ ভৱিষ্যবাণী কৰিছিল। মহাকৰ্ষণিক তৰংগৰাশীয়ে একপ্ৰকাৰ মহাকৰ্ষনিক শক্তিৰূপে গতি কৰে।

হালনাগাদ: ২১ জুন ২০২৫ ১৫৮ শব্দ · ১ মিনিট সংগৃহীত ৭২
সংশোধনৰ পৰামৰ্শ

পদাৰ্থ বিজ্ঞানত মহাকৰ্ষণিক তৰংগ হৈছে মহাজাগতিক সময়-স্থানৰ বক্ৰত সৃষ্টি হোৱা আৰু উৎসৰপৰা বহিৰ্মুখে গতি কৰা তৰংগৰূপী একপ্ৰকাৰ শক্তি। ১৯১৬ চনত১২ এলবাৰ্ট আইনষ্টাইনে তেওঁৰ সাধাৰণ আপেক্ষিকতাবাদ তত্বৰ আধাৰত ইয়াৰ ভৱিষ্যবাণী কৰিছিল।৩৪ মহাকৰ্ষণিক তৰংগৰাশীয়ে একপ্ৰকাৰ মহাকৰ্ষনিক শক্তিৰূপে গতি কৰে। নিউটনীয় পদাৰ্থবিজ্ঞানত ইয়াৰ অৱস্থিতি সম্ভৱ নহয় কাৰণ নিউটনীয় পদাৰ্থবিজ্ঞানত মহাকৰ্ষণৰ বেগ অসীম বুলি গণ্য কৰা হয়।

প্ৰত্যক্ষ আৱিস্কাৰৰ আগতেও ইয়াৰ সম্ভেদ পোৱা গৈছিল। ইয়াৰ প্ৰত্যক্ষ আৱিস্কাৰৰ বাবে উৎকৃষ্ট সংবেদশীল উৎস হৈছে স্বেত বামন, নিউট্ৰন নক্ষত্ৰ আৰু কৃষ্ণগহ্বৰৰে গঠিত দ্বৈত নক্ষত্ৰ পদ্ধতি Advanced LIGO-অৰ উপৰিও কেইবাটাও মানমন্দিৰ ইয়াৰ গৱেষণাত ৰত হৈ আছে (ছেপ্তেম্বৰ ২০০৫)। ৫

২০১৬ চনৰ ১১ ফেব্ৰুৱাৰী তাৰিখে লিগ' আৰু ভাৰগ'ৰ বৈজ্ঞানিক সহযোগিতাত প্ৰথমবাৰৰ বাবে প্ৰত্যক্ষভাৱে মহাকৰ্ষণিক তৰংগ পৰ্যবেক্ষণ কৰা বুলি ঘোষণা কৰা হয়। এডভাঞ্চড লিগ' ডিটেক্টৰৰ সহায়ত ২০১৫ চনৰ ১৪ ছেপ্তেম্বৰ তাৰিখে মহাকৰ্ষণিক তৰংগ পৰ্যবেক্ষণ কৰা হৈছিল। দুটা কৃষ্ণগহ্বৰৰ সংঘৰ্ষৰ ফলত এই মহাকৰ্ষণিক তৰংগসমূহ সৃষ্টি হৈছিল।৬৭৮

মহাকৰ্ষণিক তৰংগ চিনাক্তকৰণৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়োৱা বাবে ৰেইনাৰ ৱেইছ, কিপ থ'ৰ্ণ আৰু বেৰী বেৰিছক ২০১৭ বৰ্ষত পদাৰ্থ বিজ্ঞানৰ ন'বেল বঁটা প্ৰদান কৰা হয়।

তথ্যসূত্ৰ

  1. ↑ Einstein, A. (June 1916). Näherungsweise Integration der Feldgleichungen der Gravitation. Sitzungsberichte der Königlich Preussischen Akademie der Wissenschaften Berlin. পৃ. 688–696
  2. ↑ Einstein, A. (1918). Über Gravitationswellen. Sitzungsberichte der Königlich Preussischen Akademie der Wissenschaften Berlin. পৃ. 154–167
  3. ↑ Finley, Dave. Einstein's gravity theory passes toughest test yet: Bizarre binary star system pushes study of relativity to new limits.. Phys.Org
  4. ↑ The Detection of Gravitational Waves using LIGO, B. Barish
  5. ↑ (18 September 2015). The Newest Search for Gravitational Waves has Begun. LIGO Caltech. লিগ'
  6. ↑ Castelvecchi, Davide; Witze, Witze. (11 February 2016). Einstein's gravitational waves found at last. Nature News
  7. ↑ (2016). Observation of Gravitational Waves from a Binary Black Hole Merger. Physical Review Letters. পৃ. 061102
  8. ↑ Gravitational waves detected 100 years after Einstein's prediction · NSF - National Science Foundation. www.nsf.gov

সম্পৰ্কিত শ্ৰেণী

আপেক্ষিকতাবাদ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মহাকৰ্ষণিক তৰংগ” প্ৰবন্ধৰ সংশোধন ৫১৯৮৮৭ (২১ জুন ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।