নিৰ্বাক চলচ্চিত্ৰ
৫ প্ৰবন্ধ
-
নিৰ্বাক চলচ্চিত্ৰ
নিৰ্বাক চলচ্চিত্ৰ ( Silent Film) হ’ল এনে চলচ্চিত্ৰ য’ত কোনো সুসংগত বাণীবদ্ধ শব্দ নাই (বা অতি সাধাৰণভাৱে ক’বলৈ গ’লে কোনো শ্ৰৱণযোগ্য সংলাপ নাই)। যদিও নিৰ্বাক চলচ্চিত্ৰই আখ্যান আৰু আৱেগক দৃশ্যগতভাৱে প্ৰকাশ কৰে, তথাপিও কাহিনীভাগৰ বিভিন্ন উপাদান, যেনে চেটিং বা যুগ বা সংলাপৰ মূল শাৰীবোৰ প্ৰয়োজন সাপেক্ষে…
-
ৰাজা হৰিশ্চন্দ্ৰ (চলচ্চিত্ৰ)
ৰাজা হৰিশ্চন্দ্ৰ (राजा हरिश्चंद्र) হ'ল দাদাচাহেব ফাল্কেৰ দ্বাৰা প্ৰযোজিত তথা পৰিচালিত প্ৰথম ভাৰতীয় পূৰ্ণদৈৰ্ঘ্যৰ নিৰ্বাক চলচ্চিত্ৰ। ১৯১৩ চনত মুক্তিপ্ৰাপ্ত এই চলচ্চিত্ৰখনৰ কাহিনী ভাৰতীয় পৌৰাণিক চৰিত্ৰ ৰজা হৰিশ্চন্দ্ৰৰ জীৱনৰ ওপৰত ভিত্তি কৰি নিৰ্মাণ কৰা হৈছে।
-
সুকুমাৰী (চলচ্চিত্ৰ)
সুকুমাৰী (Sukumari) ঢাকাৰ নবাব পৰিয়ালে নিৰ্মাণ কৰা, ১৯২৯ চনৰ এখন চুটি ছবি। সুকুমাৰী ব্ৰিটিছ ভাৰতৰ ঢাকাত (বৰ্তমান বাংলাদেশ) নিৰ্মিত প্ৰথমখন ছবি। নবাব পৰিয়ালৰ উৎসাহত অনুপ্ৰাণিত হৈ অম্বুজা প্ৰসন্ন গুপ্তাই ১৯২৭ চনত এই পৰীক্ষামূলক চুটি নিৰ্বাক ছবিখন পৰিচালনা কৰে।
-
দ্য জেনেৰেল (১৯২৬ চলচ্চিত্ৰ)
দ্য জেনেৰেল (The General) হৈছে ১৯২৬ চনত ইউনাইটেড আৰ্টিষ্টে মুক্তি দিয়া এখন আমেৰিকান নিৰ্বাক চলচ্চিত্ৰ। আমেৰিকাৰ গৃহযুদ্ধৰ সময়ত সংঘটিত হোৱা এটা সত্য কাহিনীৰ দ্বাৰা অনুপ্ৰাণিত হৈ ছবিখন নিৰ্মাণ কৰা হৈছিল।
-
দ্য লাষ্ট কিচ
দ্য লাষ্ট কিচ (The Last Kiss) অম্বুজ গুপ্তাৰ পৰিচালনাত ১৯৩১ চনত নিৰ্মিত ব্ৰিটিছ ভাৰতৰ এখন নিৰ্বাক চলচ্চিত্ৰ। ঢাকাৰ নবাব পৰিয়ালে নিৰ্মাণ কৰা এই ছবিখন পূৰ্ববংগৰ (বৰ্তমান বাংলাদেশ) প্ৰথম পূৰ্ণদৈৰ্ঘ্যৰ ছবি আছিল। ঢাকাত শ্বুটিং কৰা ছবিখনৰ পোষ্ট প্ৰডাকচনৰ কাম কলকাতাত কৰা হৈছিল।