১৯৪১ বৰ্ষৰ চলচ্চিত্ৰ
৪ প্ৰবন্ধ
-
মনোমতী (চলচ্চিত্ৰ)
মনোমতী হৈছে তৃতীয়খন অসমীয়া চলচ্চিত্ৰ। ১৯৪১ চনত মুক্তি পোৱা এই ছবিখন আৰ কে বৰুৱা প্ৰডাকচছৰ বেনাৰত পৰিচালনা আৰু প্ৰযোজনা কৰিছিল ডিব্ৰুগড়ৰ চাহ খেতিয়ক ৰোহিনীকান্ত বৰুৱাই। ৰজনীকান্ত বৰদলৈৰ উপন্যাস মনোমতীৰ আধাৰত ছবিখনৰ চিত্ৰনাট্য ৰচনা কৰা হৈছিল। মনোমতী প্ৰথম অসমীয়া ছবি, যাৰ পোষ্টাৰ তৈয়াৰ কৰা হৈছিল।
-
ৰূপহী (চলচ্চিত্ৰ)
ৰূপহী (Rupahi) ১৯৪১ চনত মুক্তিপ্ৰাপ্ত চতুৰ্থখন অসমীয়া চলচ্চিত্ৰ। পাৰ্ৱতি প্ৰসাদ বৰুৱাৰ দ্বাৰা নিৰ্মিত আৰু পৰিচালিত এই ছবিখনৰ একমাত্ৰ প্ৰিণ্টটো ১৯৭৮ চনত সোণাৰিৰ চিত্ৰগৃহত জুই লাগি ভস্মীভূত হয়। আনকি কলিকতাৰ ফিল্ম ছাৰ্ভিছেছৰ গুদাম ঘৰত ছবিখনৰ নিগেটিভো নষ্ট হৈ যায়।
-
চিত্ৰলেখা (১৯৪১ চলচ্চিত্ৰ)
চিত্ৰলেখা ( Chitralekha ) ১৯৪১ চনৰ কিদাৰ শৰ্মা পৰিচালিত এখন ভাৰতীয় হিন্দী ছবি। ১৯৩৪ চনত ৰচিত ভাগৱতী চৰণ বাৰ্মাৰ একে নামৰ হিন্দী উপন্যাসৰ আধাৰত ছবিখন নিৰ্মাণ কৰা হৈছে। ইয়াৰ সংগীত বিখ্যাত শাস্ত্ৰীয় সংগীতজ্ঞ উস্তাদ ঝাণ্ডে খানৰ।
-
সাবিত্ৰী (১৯৪১ চনৰ চলচ্চিত্ৰ)
সাবিত্ৰী (ইংৰাজী: Savithiri) ১৯৪১ চনত তামিল ভাষাত নিৰ্মিত এখন ভাৰতীয় চলচ্চিত্ৰ৷ ছবিখন ৱাই ভি ৰাওে পৰিচালনা কৰিছিল। ছবিখনত ৱাই. ভি. ৰাওে সত্যবানৰ চৰিত্ৰত আৰু শান্ত আপ্তেই সাবিত্ৰীৰ চৰিত্ৰত অভিনয় কৰিছিল।